New Update
/asomiyapratidin/media/media_files/2025/12/22/507-2025-12-22-20-13-13.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : সোমবাৰে সন্ধিয়া বাঙালী যুৱ মঞ্চ, ধুবুৰী আৰু সনাতন সমাজ, ধুবুৰীৰ উদ্যোগত পাঁচমোৰ এলেকাত বাংলাদেশত নিৰীহ হিন্দুক হত্যা আৰু নিৰ্যাতন কৰাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। লগতে মহম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰি গৰজি উঠে বাঙালী যুৱ মঞ্চ, ধুবুৰী আৰু সনাতন সমাজ, ধুবুৰীৰ কৰ্ম-কৰ্তাসকল।
বাংলাদেশত সঘনাই হিন্দু সম্প্ৰদায়ক আক্ৰমণ আৰু সম্প্ৰতি হিন্দু যুৱকৰ হত্যাৰ প্ৰতিবাদত প্ৰতিবাদকাৰীসকলে বাংলাদেশক কঠোৰ সকিয়নী প্ৰদান কৰে। উল্লেখ্য যে আজি ধুবুৰীত বিক্ষোভ প্ৰদৰ্শন কৰি বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰা পৰিলক্ষিত হয়।
লগতে বাংলাদেশত হিন্দুসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে প্ৰতিবাদকাৰীসকলে । বৰ্বৰ দেশৰ সৈতে সকলো ধৰণৰ বাণিজ্য বন্ধ ৰখাৰ আহ্বানো জনোৱা হয়।
চুবুৰীয়া দেশ বাংলাদেশত বৰ্তমানে অস্থিৰ পৰিৱেশ । দেশখনত এগৰাকী হিন্দু যুৱকক জীৱন্তে হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি ইয়াৰ বিৰোধিতা অব্যাহত আছে ধুবুৰী জিলাৰ বিভিন্ন ঠাইত। ঘটনাৰ পিচৰে পৰাই ধুবুৰী জিলাৰ ভিন্ন প্ৰান্তত হিন্দু সংঘঠনৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী।
আনকি মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিশেষকৈ বাংলাদেশত হিন্দু সকলৰ ওপৰত হোৱা অত্যাচাৰ তথা দেশখনৰ একাংশ লোকে ভাৰত বিৰোধী মন্তব্যৰ বিৰুদ্ধে আজি ধুবুৰীতো বাঙালী যুৱ মঞ্চ,ধুবুৰী আৰু সনাতন সমাজ, ধুবুৰীৰ কৰ্ম-কৰ্তা সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us