সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা অসম বাৰ্তাজীৱী সংঘৰ

কৰ্তব্যৰত সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাই সংঘই। এই অপ্ৰতীকৰ ঘটনাত সকলো পক্ষকে সংযত হ’বলৈ আহ্বান জনাই সদৌ অসম বাৰ্তাজীৱী সংঘই ৷

author-image
Asomiya Pratidin
New Update
539

ডিজিটেল সংবাদ, মঙলদৈ : বুধবাৰে বাক্সাত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সৈতে জড়িত হৈ পৰা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ লগতে আন লোকসকলক বাক্সাৰ নৱনিৰ্মিত কাৰাগাৰলৈ লৈ যোৱাৰ সময়ত নিৰীহ জনতাৰ ওপৰত লাঠিচাৰ্জ কৰাৰ পিছত সংঘটিত অপ্ৰতিকৰ ঘটনাত সাংবাদিক, সংবাদ মাধ্যমৰ গাড়ীত আত্ৰুমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে সদৌ অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মাৰ ।

কৰ্তব্যৰত সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাই সংঘই। এই অপ্ৰতীকৰ ঘটনাত সকলো পক্ষকে সংযত হ’বলৈ আহ্বান জনাই সদৌ অসম বাৰ্তাজীৱী সংঘই ৷

সাংবাদিক