কামপুৰৰ তেঁতেলীসৰাত নিচামুক্তি কেন্দ্ৰৰ শুভ উদ্বোধন

বুধবাৰে এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানৰ মাজৰে কামপুৰ তেঁতেলীসৰাৰ নতুন মাজৰআটিত "ৰিবাৰ্থ ওৱেলনেছ হোম" নামৰ এটি নিচামুক্তি কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়

author-image
Asomiya Pratidin
New Update
418

ডিজিটেল সংবাদ, কামপুৰ : বুধবাৰে এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানৰ মাজৰে কামপুৰ তেঁতেলীসৰাৰ নতুন মাজৰআটিত "ৰিবাৰ্থ ওৱেলনেছ হোম" নামৰ এটি নিচামুক্তি কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। নিচামুক্তি কেন্দ্ৰটো পুৰোহিত কমলেশ তিৱাৰিৰ মন্ত্ৰপাঠৰ মাজৰে ফিটা কাটি শুভ উদ্বোধন কৰে তেঁতেলীসৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰীতি দাসে।

বন্তি প্ৰজ্বলন কৰে কঠীয়াতলী গাওঁ পঞ্চায়তৰ সভানেত্ৰী অঞ্জনা ভূঞাই । লগতে কেক কাটে কেন্দ্ৰটোৰ স্বত্বাধিকাৰী  অজয় ডেকাৰজাই। এই সম্পৰ্কত সমাজকৰ্মী কল্যান ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত0 সভাখনত নিচামুক্তি কেন্দ্ৰটৰ লক্ষ্য উদ্দেশ্য বিষয়ে বহলাই বাখ্য কৰে স্বত্বাধিকাৰী অজয় ডেকাৰজাই।

সভাখনত তেঁতেলীসৰা আৰু কঠীয়াতলী গাওঁপঞ্চায়তৰ দুয়োগৰাকী সভানেত্ৰীয়ে কামপুৰ -কঠীয়াতলী অঞ্চলত দিনক দিনে বৃদ্ধি পোৱা মাদক দ্ৰৱ্যৰ ব্যৱহাৰৰ অৱাধভাৱে বৃদ্ধি পোৱাৰ ফলত বহু নৱপ্ৰজন্ম ধ্বংস মুখলৈ গতি কৰাৰ কথা উল্লেখ কৰি নিচামুক্তি কেন্দ্ৰটোৰ  দ্বাৰা ৰাইজ উপকৃত হোৱাৰ সম্পৰ্কত বহলাই কয়।

মুক্তিকাম লস্কৰে আঁত ধৰা সভাখনত কল্যান ৰাজখোৱাই সমাজত মাদকদ্ৰব্যৰ কু-প্ৰভাৱ আৰু নিচামুক্তি কেন্দ্ৰই ল'ব পৰা পদক্ষেপৰ সম্পৰ্কত বহলাই কয়। সভাখনত তেঁতেলীসৰা গাঁও পঞ্চায়তৰ উপ-সভাপতি অতুল লস্কৰ, সাংবাদিক ৰূপ জ্যোতি ভূঞা আদিয়ে ভাষণ দিয়ে।

সভাখনত তেঁতেলীসৰা গাঁও পঞ্চায়তৰ দুই ৱাৰ্ড সদস্য ৰাখী বৰা আৰু অনুৰাধা পাটৰ কঠীয়াতলী পঞ্চায়তৰ  উপ-  সভানেত্ৰী, বুলবুলি দেউৰী,সমাজ সেৱক জয়ন্ত ভূঞা, সমীৰ দত্ত, জয়ন্ত ডেকা ৰজা,সুনতি ডেকা ৰজাৰ লগতে আমন্ত্ৰিত অতিথি তথা কেন্দ্ৰটোৰ কৰ্মকৰ্তাসকল।

কামপুৰ