পল্টন বজাৰ আৰক্ষী থানাৰ সমীপৰ ধাবাত অবৈধ সুৰা বিক্ৰীৰ অভিযোগ

আৰক্ষীক  বুঢ়া আঙুলি দেখুৱাই কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱালৈকে ভাত ,মাছ ,মাংস বিক্ৰীৰ নামত মনে মনে সুৰা বিক্ৰী কৰি সমাজখনৰ পৰিবেশ বিনষ্ট কৰি আছে বুলি ধাবাখনৰ বিৰুদ্ধে অভিযোগ কৰিছে l

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ   গুৱাহাটীৰ মাজমজিয়াৰ এখন ধাবাৰ বিৰুদ্ধে অবৈধভাৱে সুৰা বিক্ৰীৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, পল্টন বজাৰ আৰক্ষী থানাৰ গাতে লাগি থকা স্বাদিষ্ট ধাবা খনৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ।

আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱালৈকে ভাত ,মাছ ,মাংস বিক্ৰীৰ নামত মনে মনে সুৰা বিক্ৰী কৰি সমাজখনৰ পৰিবেশ বিনষ্ট কৰি আছে বুলি ধাবাখনৰ বিৰুদ্ধে অভিযোগ কৰিছে l

উল্লেখ্য যে,  আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনে এনেধৰণে থানা কাষতে অনুজ্ঞাপত্ৰ নোহোৱাকৈ মুকলিকৈ মদ বিক্ৰী কৰা হোটেলবোৰৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাতো এক নুবুজা সাঁথৰ বুলিও একাংশই প্ৰশ্ন উত্থাপন কৰিছে।

কাৰ আশীৰ্বাদত তেওঁলোকে এনেদৰে অবৈধভাৱে এইবোৰ ব্যৱসায় চলাই আছে? জাতীয়তাবাদী নেতা সুকুমাৰ বৰ্মনৰ নেতৃত্বত যোৱা এটি সজাটি দলে জবাবদিহি কৰিছে ধাবা স্বত্বাধিকাৰীক।

পল্টনবজাৰ