/asomiyapratidin/media/media_files/2025/10/17/new-ap-web-bongaigaon-2025-10-17-21-47-12.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ চাপাগুৰিস্থিত খ্ৰীষ্টান ধৰ্মালম্বী কেথলিক সম্প্ৰদায়ৰ পবিত্ৰ বিচপ গীৰ্জা "বঙাইগাঁও ডাইচ"ৰ এইবেলি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হ'ব। ২০০০ চনত স্থাপিত বঙাইগাঁও ডাইচৰ ৰূপালী জয়ন্তী বৰ্ষ -২০২৫ উদযাপন উপলক্ষে শুকুৰবাৰ এক সংবাদমেলৰ আয়োজন কৰা হয় ।
চাপাগুৰীস্থিত বঙাইগাঁও ডাইচৰ সভাকক্ষত আয়োজিত সংবাদমেল সম্বোধন কৰে বঙাইগাঁও ডাইচৰ বিচপ থমাচ পুল্লো পিল্লিলে। তেখেতে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে অসমৰ খ্ৰীষ্টান ধৰ্মালম্বীৰ কেথলিক সম্প্ৰদায়ৰ মুঠ পাঁচখন বিচপ ডাইচৰ ভিতৰত অন্যতম বঙাইগাঁও ডাইচ এইবেলি ২৫ বছৰ সম্পূৰ্ণ কৰিছে ।
নামনি অসমৰ ৯ খনকৈ জিলা সামৰি ২০০০ চনত স্থাপন হোৱা খ্ৰীষ্টান ধৰ্মালম্বীৰ কেথলিক সম্প্ৰদায়ৰ অন্যতম বিচপ থকা গীৰ্জা "বঙাইগাঁও ডাইচ" ফলৰ পৰা সমাজৰ বিভিন্ন স্তৰত মানৱ সম্পদ গঢ় দিয়া শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি উন্নত স্বাস্থ্য সেৱা, দুখীয়া পৰিত্যক্ত মানৱৰ সেৱা, নিচামুক্ত সমাজ গঢ়াৰ দৰে বহু সামাজিক সেৱামূলক কাৰ্যত নিয়োজিত হৈ আহিছে ।
"বঙাইগাঁও ডাইচ" এই ২৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । চলিত বৰ্ষৰ ২২ আৰু ২৩ নভেম্বৰ তাৰিখে চাপাগুৰীস্থিত নৱনিৰ্মিত কেথেড্ৰেল কেম্পাছত বিভিন্ন কাৰ্য্যসূচীৰে আয়োজন কৰা ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব ভাৰতবৰ্ষত পোপৰ প্ৰতিনিধি আৰ্চবিশ্বপ গিৰেলি লিঅ'পল্ডো ।
ইয়াৰ উপৰি চুবুৰীয়া ৰাজ্য নেপালসহ উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যসমূহৰ পৰা খ্ৰীষ্টান ধৰ্মৰ বিচপসহ অন্যান্য প্ৰতিনিধিসকল আহি অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। তদুপৰি ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ, বিটিচিৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰীক আমন্ত্ৰণ জনোৱা হৈছে।
বঙাইগাঁও ডাইচৰ এই ৰূপালী জয়ন্তী কাৰ্য্যসূচী সাফল্যমণ্ডিত কৰিবলৈ সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰে বঙাইগাঁও ডাইচৰ বিচপ থমাচ পুল্লো পিল্লিলে। উল্লেখ্য যে সংবাদমেল সম্বোধন কৰাৰ প্ৰাকক্ষণত উপস্থিত চিৰাং জিলাৰ সাংবাদিক সকলক ফুলাম গামোচাৰে উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে উদযাপন সমিতিৰ বিষয়ববীয়া বেঞ্জামিন নাৰ্জাৰী আৰু আনন্দ প্ৰকাশ মুছাহাৰীয়ে ।