/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/10.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ এসময়ত দ্বিতীয় শুৱালকুছি হিচাপে খ্যাত আছিল জাজৰি । নগাঁও জিলাৰ পশ্চিমাঞ্চলত অবস্থিত এই জাজৰিৰে অসমীয়া গৰীয়া মুছলমান গাঁও,পাঘালি আৰু দলৈগাঁৱৰ মহিলাসকলে এড়ী চাদৰ,পাট-মুগাৰ কাপোৰ তৈয়াৰ কৰি অঞ্চলটোত বস্ত্ৰ উদোগ গঢ়ি তুলিছিল । মাকোৰ খিট-খিটনিয়ে অঞ্চলটোত এক বিশেষ পৰিবেশৰ সৃষ্টি কৰিছিল । অঞ্চলবাসীক আৰ্থিকভাবে স্বচ্ছল কৰি তুলিছিল ।
কিন্তু চৰকাৰৰ চৰম অনীহা আৰু অবহেলাৰ বাবে এতিয়া এই প্ৰচুৰ সম্ভাবনাময় উদ্যোগটো মৃতপ্ৰায় । প্ৰায় দুশৰো অধিক শিপিনীয়ে এসময়ত ঘৰতে সুতা কাটি এড়ী চাদৰ, পাট আৰু মুগাৰ কাপোৰ প্ৰস্তুত কৰি বিক্ৰী কৰিছিল যদিও সুতাৰ অভাব আৰু প্ৰস্তুত কৰা কাপোৰৰ উচিত মূল্য লাভ নকৰাৰ বাবে বহু শিপিনীয়ে এৰিছে তাঁতশাল ।
আমি জাজৰি গৰীয়া মুছলমানগাঁৱত লগ পোৱা দুগৰাকী শিপিনী ফৰিদা বেগম(৪০) আৰু মঞ্জু বেগমে(৩৫) নিজৰ ক্ষোভ ব্যক্ত কৰি কয় যে চৰকাৰে আমাৰ শিপিনীসকলৰ বাবে একোৱেই নকৰে। চৰকাৰ আহিছে গৈছে কিন্তু আমাক একো দিয়া নাই । চৈধ্য বছৰ বয়সৰ পৰাই তাঁতশালত কাপোৰ বৈ বিক্ৰী কৰি নিজৰ লগতে পৰিয়াল চলোৱা শিপিনী দুগৰাকীয়ে কলে- আমাৰ আইতা-মাহঁতে এড়ী পলু, মুগা পলু ঘৰতে পুহি সুতা কাটি এড়ী চাদৰ,মুগাৰ মেখেলা-চাদৰ প্ৰস্তুত কৰিছিল । সেইবোৰ বেপাৰীয়ে ঘৰৰ পৰাই কিনি নি অসমৰ বিভিন্ন ঠাইত বিক্ৰী কৰিছিল ।
কিন্তু এতিয়া পলু পাবলৈ নাই । ফলত এতিয়া আমাৰ গাঁৱত এড়ী চাদৰ,মুগাৰ কাপোৰ উৎপাদন নহয় । অকল নুনী পাটৰ কাপোৰহে প্ৰস্তুত হয় । অঞ্চলটোত এতিয়াও দুশৰো অধিক শিপিনী আৰু তাঁতশাল আছে যদিও বৰ্তমান ত্ৰিছগৰাকীমান শিপিনীয়েহে কাপোৰ লগায় । তেওঁলোকে বেপাৰীৰ পৰা সুতা কিনি লয় আৰু কাপোৰ প্ৰস্তুত হলে সেই বেপাৰীকে বিক্ৰী কৰে ।
আনহাতে চৰকাৰৰ পৰা সুবিধা পাম বুলি 'উৎপাদক' নামেৰে এটা আত্মসহায়ক গোট খোলা হৈছিল যদিও বহু আবেদনৰ পিছতো চৰকাৰে কোনো সাহাৰ্য আগবঢ়োৱা নাই ।ৰেচম বিভাগ নামৰ চৰকাৰৰ এটা বিভাগ আছে যদিও কোনো দিন বিভাগটোৰ বিষয়া- কৰ্মচাৰীয়ে অঞ্চলটোত ভৰি দিয়া নাই । জনপ্ৰতিনিধি সকলৰো শিপিনীসকলৰ সমস্যাৰ বুজ লবলৈ সময়ৰ অভাব । ফলত সম্ভাবনাময় উদ্যোগটোৰ এতিয়া মৃতপ্ৰায় অবস্থা ।