গহপুৰৰ বিশিষ্ট কবি-প্ৰবীণ সাংবাদিক নগেন কোঁৱৰলৈ 'গহপুৰ সৌৰভ-২০২৫' সন্মান ঘোষণা

সামাজিক অনুষ্ঠান 'মহাৰথী'ৰ উদ্যোগত দেওবাৰে গহপুৰৰ বিশিষ্ট কবি, প্ৰবীণ সাংবাদিক নগেন কোঁৱৰৰ ৮৩ সংখ্যক ওপজা দিন বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
292

ডিজিটেল সংবাদ, গহপুৰ : সাহিত্য, কলা-সংস্কৃতি, শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰখনক বলিষ্ঠ নেতৃত্ব দি অহা গহপুুুৰ সমজিলাৰ অন্যতম উল্লেখযোগ্য সামাজিক অনুষ্ঠান 'মহাৰথী'ৰ উদ্যোগত দেওবাৰে গহপুৰৰ বিশিষ্ট কবি, প্ৰবীণ সাংবাদিক নগেন কোঁৱৰৰ ৮৩ সংখ্যক ওপজা দিন বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হয়। গহপুৰৰ সংবাদ ক্ষেত্ৰখনৰ বাটকটীয়া তথা সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনক নেতৃত্ব দি অহা গহপুৰ নগৰৰ চতিয়াচুক নিবাসী নগেন কোঁৱৰৰ ৮৩ সংখ্যক ওপজা দিন উপলক্ষে মহাৰথীৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোত বিভিন্ন জনে তেওঁক ওপজা দিনৰ ওলগনি জনায়।

সেই উপলক্ষে গহপুুুৰ কনকলতা অসামৰিক চিকিৎসালয় চৌহদৰ নিমিষা কিটচেনত আজি দিনৰ ১২ বজাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ সামগ্ৰিকভাৱে আঁত ধৰে 'মহাৰথী'ৰ সভাপতি ড০ দুলেন বৰা, সম্পাদক বিপুল কুমাৰ দিহিঙীয়াৰ লগতে জগদীশ শৰ্মা আৰু অনিত শইকীয়াই। সভাখনিৰ পূৰ্বে অসম কণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে প্ৰবীণ সাংবাদিক নগেন কোঁৱৰে।

পুষ্পাঞ্জলি অৰ্পণ কৰে বিশিষ্ট লেখিকা সবিতা কোঁৱৰ আৰু নিকুঞ্জ কোঁৱৰ মহন্তই । 'চাও চেং'ৰ সদস্যা নিৰ্মালি হাজৰিকা শইকীয়াই জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰাৰ পাছতে মূল কাৰ্যসূচী আৰম্ভ হয়।

কবি-সাংবাদিক বিপুল কুমাৰ দিহিঙীয়াই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাত কৰবী হাজৰিকাই নগেন কোঁৱৰৰ জন্ম দিন উপলক্ষে প্ৰস্তুত কৰা কেক 'চাও চেং' সদস্যাসকলৰ পৰিচালনাত আনুষ্ঠানিকভাৱে কাটি জন্ম দিনৰ ওলগ জ্ঞাপন কৰে। চতিয়াচুক গাঁও উন্নয়ন সমিতিৰ সম্পাদক প্ৰশান্ত বৰুৱাই ওলগনি বক্তব্য আগবঢ়োৱা সভাত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰধ্যাপক ড০ অঞ্জন কুমাৰ ওজা, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট কবি বংশী বৰা, মহাৰথীৰ অন্যতম এগৰাকী যোদ্ধা দিলীপ কুমাৰ শৰ্মা, তৰুণ বৰুৱা, ৰূপকোঁৱৰ মিলি, নিকুঞ্জ কোঁৱৰ মহন্ত, প্ৰিয়াংষা হাজৰিকাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে নগেন কোঁৱৰক জন্ম দিনৰ ওলগ জ্ঞাপন কৰি বক্তব্য প্ৰদান কৰে। 

সভাত বিশিষ্ট কবি তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক জ্ঞান পূজাৰী, বিশিষ্ট নাট্যকাৰ তথা অভিনেতা দিলীপ বৰা, বিদ্যা গগৈ দাস, অঞ্জু বৰা দত্ত, চতিয়াচুক গাঁও উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি বিপুল ভূঞা, ডুবিয়া শতদল শাখা সাহিত্য সভাৰ সম্পাদক দিলীপ চাংমাই, ডুবিয়া বিষ্ণু-জ্যোতি নাট্য সন্মিলনৰ সম্পাদক পৰেশ গগৈ, যশোদা কোঁৱৰ, ৰীণা বৰা, ভদ্ৰেশ্বৰী বৰা, জয়া পূজাৰী, অৰুণ ভূঞা, শৈলেন কোঁৱৰ, নিৰু দত্ত কোঁৱৰ, জলী কোঁৱৰ বৰা, মঞ্জু বৰা হাজৰিকা, জৱাহৰলাল মিলি, বিনন্দী পাতিৰি, দীপাঞ্জলি বৰুৱা, বীৰেণ হাজৰিকা, আগমণি দে সেনগুপ্তা, অঞ্জলি ভূঞা, মিতালী কোঁৱৰ, ভুৱন শইকীয়া, দ্বীপন দিহিঙীয়া, বিপ্লৱ নেওগ, নিমিষা কোঁৱৰ শইকীয়া, মিতালী হাজৰিকা মুছাহাৰীকে ধৰি অৰ্ধ শতাধিক গুণমুগ্ধৰ লগতে সৃষ্টি প্ৰকাশ, নাট্য সন্মিলন, কবি সন্মিলন, সাহিত্য সভাৰ বিষয়ববীয়া উপস্থিত থাকি গ্ৰন্থৰ টোপোলা, ফুলাম গামোচা, চেলেং, স্মাৰক আদিয়ে জন্ম দিনৰ ওলগ জ্ঞাপন কৰে।

উল্লেখ্য যে উক্ত অনুষ্ঠানটোত 'মহাৰথী'ৰ সভাপতি ড০ দুলেন বৰা, সম্পাদক বিপুল কুমাৰ দিহিঙীয়াৰ লগতে 'মহাৰথী'ৰ অন্যতম যোদ্ধা দিলীপ কুমাৰ শৰ্মা, তৰুণ বৰুৱা, জগদীশ শৰ্মা, অনিত শইকীয়া, দ্বীপন দিহিঙীয়াই বিশিষ্ট কবি তথা প্ৰবীণ সাংবাদিক নগেন কোঁৱৰক 'গহপুৰ সৌৰভ-২০২৫' সন্মান প্ৰদানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। তেওঁলোকে আগবঢ়োৱা বক্তব্যত অতি শীঘ্ৰেই এখনি বিশেষ সভাত সেই সন্মান প্ৰদান কৰাৰ কথাও অৱগত কৰে।

নগেন কোঁৱৰৰ সহধৰ্মিনী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পূৰ্ণিমা দিহিঙীয়া কোঁৱৰে শলাগৰ শৰাই আগবঢ়োৱা সভাতেই 'সৃষ্টি প্ৰকাশ'ৰ দ্বাৰা প্ৰকাশ পাবলগীয়া 'নগেন কোঁৱৰৰ সমগ্ৰ ৰচনাৱলী' নামৰ এখনি গ্ৰন্থ প্ৰকাশৰো কথা ঘোষণা কৰে সৃষ্টি প্ৰকাশৰ স্বত্বাধিকাৰী বিপুল কুমাৰ দিহিঙীয়াই। ভাষণ প্ৰসংগত তেওঁ এই গ্ৰন্থখনৰ মুখ্য সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে বিশিষ্ট লেখক ড০ অঞ্জন কুমাৰ ওজাক। অনুষ্ঠানটোত গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু)ইও নগেন কোঁৱৰক ওপজা দিনৰ ওলগনি প্ৰদান কৰে।

উল্লেখ্য যে বিশিষ্ট কবি নগেন কোঁৱৰ অসমীয়া কাব্য-সাহিত্য জগতত এটি পৰিচিত নাম। ইতিমধ্যে ভালে সংখ্যক গ্রন্থ প্রণয়নে অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰা কোৰৰ জন্ম হৈছিল নগাঁৱত।

১৯৪৩ চনৰ ২৩ নৱেম্বৰত জন্মগ্রহণ কৰা কোঁৱৰৰ ইতিমধ্যে ১২খন গ্রন্থ প্রকাশ পাইছে । ১৯৬৮ চনৰ পৰা 'অসম বাতৰি', 'মহাজাতি', 'ইস্তাহাৰ', 'তিনিদিনীয়া বাতৰি', ৰাষ্ট্ৰীয় বাতৰি', অনুসন্ধান', 'দৈনিক অসম', 'নতুন দৈনিক', 'দৈনিক জনমভূমি'ত সাংবাদিকতা কৰা এইগৰাকী বিশিষ্ট কবি তথা প্রবীণ সাংবাদিক অধুনালুপ্ত 'গহপুৰ সংবাদ'ৰ মুখ্য সম্পাদক আছিল।

এওঁৰ ১৯৬৩ চনৰপৰা অসমৰ বিভিন্ন বাতৰি কাকত-আলোচনী, স্মৃতিগ্রন্থত কবিতা, গীত, গল্প, প্রবন্ধ প্রকাশ। কমেও সাতখন একাংক নাট ৰচনা। তদুপৰি অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰকাশিত কমেও ৩০খন কাব্য সংকলনত কবিতা প্রকাশ। উল্লেখযোগ্য 'কবিতাকুঞ্জ', 'সাম্প্রতিক অসমীয়া কবিতা', 'এই সময়', 'সোণালী কলম', 'ঈশান', 'বছৰৰ শ্রেষ্ঠ কবিতা', 'অনুভৱৰ ছেঁই', 'জেতুকা পাতৰ দৰে' আদি। 'সোণালী পাহাৰ উষ্ম নদী' (কবিতা), 'নগেন কোঞৰৰ এখিলা কবিতা' (কবিতা), 'মোক নদী হৈ ব'বলে' দিয়া' (কবিতা), 'ককাৰ সানমিহলি কথা' (শিশু গল্প), 'ঐতিহাসিক গহপুৰ আৰু অন্যান্য প্রবন্ধ'কে ধৰি কোঁৱৰৰ ইতিমধ্যে ভালেসংখ্যক গ্রন্থ প্রকাশ পাইছে।

বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে বিশেষভাৱে জড়িত নগেন কোঁৱৰ ছয়দুৱাৰ আঞ্চলিক তাই সাহিত্য-সংস্কৃতি বিকাশ সমিতি, জ্ঞানপীঠ পুথি ভঁড়াল, গহপুৰ জিলা সাংবাদিক সন্থা, গহপুৰ কবি কানন, প্রতিষ্ঠাপক সম্পাদক হিচাপে যতীন দুৱৰা স্মৃতি গহপুৰ কেন্দ্রীয় পুথি ভঁড়াল (লুপ্ত) আদিৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। অসম সাহিত্য সভা, সদৌ অসম কবি সম্মিলন, পূর্বাঞ্চল তাই সাহিত্য সভা, অসম ৰাম গগৈ সাহিত্য গোষ্ঠীৰ আজীৱন সভ্য কোঁৱৰ 'অসম ৰাম গগৈ সাহিত্য গোষ্ঠী', 'বিশ্বনাথ জিলা কবি সন্মিলন', 'বিশ্বনাথ জিলা তাই সাহিত্য সভা', 'গহপুৰ কবি কানন', 'গহপুৰ ৰাম গগৈ সাহিত্য সমাজ', 'জাতি-জনগোষ্ঠীয় সাহিত্য-সংস্কৃতি বিকাশ মঞ্চ' আদিৰ উপদেষ্টা।

ঠিক সেইদৰে 'গহপুৰ জিলা সাংবাদিক সন্থা', 'গহপুৰ প্ৰেছ ক্লাব', 'নাগৰিকত্ব সংশোধনী বিৰোধী ঐক্যমঞ্চ, গহপুৰ', 'ছাঁ সাহিত্য গোষ্ঠী, গহপুৰ'ৰ সভাপতি। তেওঁ 'গহপুৰ সাহিত্য সভা', গহপুৰ গ্রাহক সুৰক্ষা সমিতি'ৰ প্রাক্তন সভাপতি। সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি কোঁৱৰ 'অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভা'ৰো প্রাক্তন উপ-সভাপতি আছিল।

২০০০ চনত কবি 'কল্পদ্রুম বঁটা', ২০১৫ চনত 'কাব্য কল্পদ্রুম বঁটা', ২০১৭ চনত 'প্রজ্ঞা সাধনা বঁটা', 'সমন্বয় কবি', 'কনকলতা-মুকুন্দ কাকতি বঁটা' লাভ কৰাৰ লগতে নগেন কোঁৱৰক সদৌ অসম কবি সন্মিলনৰ ২০২৩ বর্ষৰ 'কাব্য-প্রাণ' সন্মান প্রদান কৰে।

গহপুৰ