চতুৰ্থ সংখ্যক বজালী জিলা কাৰাটে প্ৰতিযোগিতা সম্পন্ন

দেওবাৰে বজালী জিলাৰ পাটাছাৰকুছিৰ ওচৰৰ ধৰমতলাৰ আদৰ্শ হাইস্কুলত  বজালী জিলা কাৰাটে চেম্পিয়নশ্বিপৰ বছৰেকীয়া প্ৰতিযোগিতাখনি দিনজোৰাকৈ অনুষ্ঠিত হয় ৷ জিলাখনৰ অন্তৰ্গত বিভিন্ন কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ শতাধিক বিভিন্ন বয়সৰ প্ৰতিযোগীয়ে বিভিন্ন শাখাত এই প্ৰতিযোগিতাত অংশ গ্ৰহন কৰে ৷

author-image
Asomiya Pratidin
New Update
279

ডিজিটেল সংবাদ,পাটাছাৰকুছি : দেওবাৰে বজালী জিলাৰ পাটাছাৰকুছিৰ ওচৰৰ ধৰমতলাৰ আদৰ্শ হাইস্কুলত  বজালী জিলা কাৰাটে চেম্পিয়নশ্বিপৰ বছৰেকীয়া প্ৰতিযোগিতাখনি দিনজোৰাকৈ অনুষ্ঠিত হয় ৷ জিলাখনৰ অন্তৰ্গত বিভিন্ন কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ শতাধিক বিভিন্ন বয়সৰ প্ৰতিযোগীয়ে বিভিন্ন শাখাত এই প্ৰতিযোগিতাত অংশ গ্ৰহন কৰে ৷

আৰম্ভণিতে প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰে বজালী কাৰটে দোৰ প্ৰশিক্ষক অৰ্ণৱজান শৰ্মা  আৰু জিলা  সমিতিৰ উপ সভাপতি নৱকান্ত কলিতাই ৷ বজালী জিলাৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰি প্ৰতিযোগিতাখনৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ৷

উদ্ধোধনী ভাষণত সাম্প্ৰতিক সময়ত শিশুৰ শাৰিৰীক তথা মানসিক বিকাশ সাধনত ক্ৰীড়াৰ অপৰিসীম গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই দিশত গুৰুত্ব প্ৰদানেৰে অভিভাৱকসকলক নিজৰ শিশুৰ ভৱিষ্যত গঢ়াৰ বাবে আহ্বান জনায় ৷ এই প্ৰতিযোগিতাখন বজালী কাৰাটে এছোচিয়েচনৰ বেনাৰত আৰু বজালী কাৰটে দো একাডেমিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ৷

প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে ক্ৰমে দীপক জৈন, য়েই দাস, মৃদুল হক,  বি.কে. য়েন,মৃন্ময় শৰ্মা, মিন্ট চেলন আৰু কৌশিক মিত্ৰ। এই প্ৰতিযোগিতাখনত বনগাঁও, জালিখাটা, বাগনা, পাঠশালা, সৰুপেটা আদি অঞ্চলৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শতাধিক শিক্ষাৰ্থীয়ে অংশ গ্ৰহন কৰে৷ অনুষ্ঠানত বিভিন্ন কেবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকি উদগনিমুলক চমু ভাষণেৰে খেলুৱৈসকলক অনুপ্ৰেৰণা যোগায় ৷

ইয়াৰ ভিতৰত অসম কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা, বজালী ক্ৰীড়া সন্থাৰ সভাপতি চিন্ময় শৰ্মা, জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকা, বিজেপিৰ পাটাছাৰকুছি মণ্ডলৰ সভাপতি ৰাজীৱ শৰ্মা,  বিশিষ্ট অভিনেতা আৰু সমৰকলা খেলুৱৈ ৰাজকুমাৰ তালুকদাৰ, প্ৰভাত শৰ্মা, দীপক বৰ্মন৷, কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ ব্যক্তিগত সহায়ক দিগন্ত শৰ্মা, বজালী জিলাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কিশোৰ ৰাজবংশী আদি উপস্থিত থাকে ৷ সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে সম্পুৰ্ণ চৌধুৰীয়ে ৷
প্ৰতিযোগিতাৰ শেষত বঁটাসমূহ বিতৰণ কৰা হয় ৷

কাৰাটে প্ৰতিযোগিতা