ঢকুৱাখনাত একেদিনাই ৬খন আঁচনিৰ আধাৰশিলা স্থাপন বিধায়ক নৱ দলেৰ

ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি ২০২৪-২০২৫ৰ অধীনৰ মুঠ ৬খন আঁচনিৰ শনিবাৰে আধাৰশিলা স্থাপন কৰা হয় ঢকুৱাখনা সমষ্টিত । ঢকুৱাখনাৰ বিধায়ক নৱ দলে আৰু সমজিলা আয়ুক্ত সংস্কৃতি ছুমানীয়ে দিনজোৰা কাৰ্যসূচীৰে এই আঁচনি সমূহৰ আধাৰশিলা স্থাপন কৰে

author-image
Asomiya Pratidin
New Update
163

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি ২০২৪-২০২৫ৰ অধীনৰ মুঠ ৬খন আঁচনিৰ শনিবাৰে আধাৰশিলা স্থাপন কৰা হয় ঢকুৱাখনা সমষ্টিত । ঢকুৱাখনাৰ বিধায়ক নৱ দলে আৰু সমজিলা আয়ুক্ত সংস্কৃতি ছুমানীয়ে দিনজোৰা কাৰ্যসূচীৰে এই আঁচনি সমূহৰ আধাৰশিলা স্থাপন কৰে।

স্থানীয় ৰাইজৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰী আৰু দলীয় নেতৃত্বৰ উপস্থিতিত প্ৰথমে বকুলগুৰি লোকনিৰ্মান পথৰ বাঞ্জী পথাৰ পথৰ ২/১ নম্বৰৰ প্ৰায় ৬ কোটি ৩৩ লাখ ৫৯ হাজাৰ টকা ব্যয় সাপেক্ষ পকী দলঙৰ আধাৰশিলা স্থাপন কৰে । মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোঁহাই, ঢকুৱাখনা আৰু ঘিলামৰা জিলা পৰিষদৰ সদস্য প্ৰণৱ পেগু আৰু ছন্দেশ্বৰ গগৈ ,মিচিং জাতীয় সংগঠনৰ নেতা দ্বীপেন দলে ,গেৰুৱা নেতা স্বৰূপ কোঁৱৰ ,সুনীল দলে ,মাধৱ শইকীয়া ,সতীশ শৰ্মাকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক ৰাইজ,দলীয় কৰ্মী আৰু বিভাগীয় কাৰ্যবাহী অভিযন্তা দণ্ডীধৰ মিলি আদি উপস্থিত থাকে ।

ইয়াৰ পাছতে প্ৰায় ১কোটি ৫৩লাখ ৭৮ হাজাৰ ব্যয় সাপেক্ষ নামনি খামন তিনি আলিৰ পৰা সৰ্বোদয় বিদ্যালয় সংযোগী পথৰ উন্নীতকৰণ আঁচনি , প্ৰায় ১ কোটি ৯৮ লাখ ৩৯ হাজাৰ ব্যয় সাপেক্ষ কেঁকুৰী পমুৱাৰ পৰা নয়াবজাৰ পথৰ উন্নত বহনক্ষম স্থায়ী সুৰক্ষা বেৰা নিৰ্মান আঁচনি, বাপৰাম দত্ত লোকনিৰ্মাণ পথৰ পৰা লেলুৱনী হৈ লাওকোঠ সংযোগী ১ কোটি ৯৮লাখ ৯৯ হাজাৰ ব্যয় সাপেক্ষ পথ নিৰ্মাণ আঁচনি , মুঠ ১কোটি ৯৮লাখ ২১হাজাৰ ব্যয় সাপেক্ষ বাটমাৰী  তিনি আলিৰ পৰা চিৰিং গাঁও সংযোগী পথ নিৰ্মাণ আঁচনি আৰু ১কোটি ৯০ লাখ ২৪ হাজাৰ ব্যয় সাপেক্ষ গোগামুখৰ পৰা ঘিলামৰা সংযোগী ২২নং ৰাজ্যিক ঘাইপথৰ চামপৰা অংশত কজ ৱে" নিৰ্মাণ আঁচনিৰো আধাৰশিলা স্থাপন কৰে ।  

বিধায়কগৰাকীয়ে সংশ্লিষ্ট ঠিকাদাৰসকলক গুণগতভাৱে আঁচনিসমূহ ৰূপায়ন কৰাৰ নিৰ্দেশ দিয়ে আৰু সংশ্লিষ্ট বিভাগক এই ক্ষেত্ৰত সতৰ্ক হোৱাৰো আহ্বান জনায় । এই সন্দৰ্ভত কেইবা স্থানত অনুষ্ঠিত আধাৰশিলা স্থাপনৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়াই বিধায়কগৰাকীয়ে ।

ঢকুৱাখনা নৱ দলে