কলিয়াবৰত বান্দৰৰ আক্ৰমণত পঞ্চায়তৰ প্ৰাক্তন সভাপতি আহত

কলিয়াবৰত কৃষক ৰাইজৰ বাবে বান্দৰৰ সন্ত্ৰাস সম্প্ৰতি জলন্ত সমস্যা ৰূপে থিয় দিছে ৷ কলিয়াবৰৰ বিভিন্ন প্ৰান্তত বান্দৰৰ উপদ্ৰৱত কৃষকে বাৰীত শাক-পাচলিৰ খেতি কৰিব নোৱাৰা হ’ল।

author-image
Asomiya Pratidin
New Update
273

ডিজিটেল সংৱাদ,কলিয়াবৰ : কলিয়াবৰত কৃষক ৰাইজৰ বাবে বান্দৰৰ সন্ত্ৰাস সম্প্ৰতি জলন্ত সমস্যা ৰূপে থিয় দিছে ৷ কলিয়াবৰৰ বিভিন্ন প্ৰান্তত বান্দৰৰ উপদ্ৰৱত কৃষকে বাৰীত শাক-পাচলিৰ খেতি কৰিব নোৱাৰা হ’ল।

বাৰীৰ এপদ কৃষিজাত সামগ্ৰীও বান্দৰৰ বাবে সুৰক্ষিত অৱস্থাত ৰাখিব নোৱাৰা হ’ল ৷ ইতিমধ্যে দিশহাৰা বহু কৃষকে বাৰীত গাঠিৰ ধন ভাঙি কৃষিকাৰ্য বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ মুঠতে কলিয়াবৰৰ কৃষি অৰ্থনীতিত নেতিবাচক ও বিৰূপ  প্ৰভাব পেলাইছে বান্দৰৰ সন্ত্ৰাসে ।

অসম আৰ্হিৰ ঘৰ সমূহৰ টিঙ সমূহো বান্দৰে জপিয়াই জপিয়াই ভাঙি পেলোৱাৰ ফলত নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে গৃহস্থৰ । জাক জাক বান্দৰে খোৱাপানী জমা কৰা চিনটেস্কৰ টেংকী সমূহৰ ঢাকনি সমূহো খুলি ভিতৰত সোমাই মল-মূত্ৰ বিসৰ্জন দিয়াৰ লগতে মটৰৰ পৰা পানী সৰবৰাহ হোৱা প্লাষ্টিকৰ পাইপ সমূহত ওলমি ওমলি ভাঙি পেলোৱাত কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে গৃহস্থ ৰাইজ ৷

ঘৰৰ ভিতৰৰ পৰাও মানুহলৈ চোচা লৈ ভয় দেখুৱাই  চাউল,দাইল আদিৰ টোপোলা লৈ টিঙৰ ওপৰলৈ ঢাপলি মেলি গৃহস্থক নগুৰ-নাকতি বাহিৰ কৰিছে বান্দৰৰ জাকে ৷ বিশেষকৈ বান্দৰৰ সন্ত্ৰাসত ঘৰৰ বাহিৰত কণ কণ শিশু মুকলিমুৰীয়াকৈ খেলাৰ পৰিবেশ নাইকীয়া হ’ল ৷

ইতিমধ্যে কলিয়াবৰৰ ভিন্ন প্ৰান্তত বান্দৰৰ আক্ৰমনত কেইৱাগৰাীও লোক আহত হৈছে । এনে এক জটিল সন্ধিক্ষণত শনিবাৰে কলিয়াবৰৰ উত্তৰ পূৱথৰীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা সোনাৰি গাঁও নিৱাসী কৃষ্ণ ৰাম হাজৰিকা বান্দৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে দুপৰীয়া ঘৰৰ পিছফালৰ বাৰীত কাম কৰি থকা অৱস্থাত কৃষ্ণ ৰাম হাজৰিকাৰ বান্দৰৰ জাকে আগচি ধৰি আক্ৰমন কৰে ৷ প্ৰায় ৬৫ বছৰ উৰ্ধৰ জেষ্ঠ নাগৰিক জনে বান্দৰৰ আক্ৰমণত দিশহাৰা হৈ চিঞৰিবলৈ ধৰে ৷ স্বামীৰ চিঞৰ শুনি সহধৰ্মিনী আৰু দুয়োগৰাকী জীয়ৰী বাৰিলৈ গৈ যেনেতেনে বান্দৰৰ কবলৰ পৰা কৃষ্ণৰাম হাজৰিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বান্দৰৰ আক্ৰমণত হাত,পিঠি,ভৰি আৰু তপিনাত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে জেষ্ঠ নাগৰিক গৰাকী ৷ ইতিমধ্যে তেঁওক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় চিকিৎসা প্ৰদান কৰা হৈছে ।

অচিৰেই যদি বান্দৰৰ এই সমস্যা সমাধাৰ সূত্ৰ নোলাই তেন্তে অনাগত দিনত এই সমস্যাই অধিক ভয়াবহ ৰূপ ধাৰন কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷

কলিয়াবৰ পঞ্চায়ত