/asomiyapratidin/media/media_files/2025/09/16/361-2025-09-16-14-24-31.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা সদৰৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি মহাবিদ্যালয়ত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে সোমবাৰে চাৰিটা আঁচনিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ ৯৯ লাখ ৭৫ হেজাৰ টকাৰ ধনেৰে নিৰ্মিত ৰসায়ন বিজ্ঞান বিভাগৰ পৰীক্ষাগাৰ , ২৫ লাখ ৪৭ হেজাৰ আৰ্থিক ধনেৰে কম্পিউটাৰ লেবটৰী আৰু আইচিটিৰ উন্নীতকৰণৰ সুবিধা, প্ৰায় ১৩ লাখ টকা ধনেৰে পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাগাৰ লগতে ২০ লাখ ৭৩ হেজাৰ মহাবিদ্যালয়খনৰ উন্নয়ন পুঁজিৰ ধনেৰে মাল্টিটাস্কিং ক্লাচ ৰোমৰ কনফাৰেন্স হলকে ধৰি মহাবিদ্যালয়খনৰ চাৰিটা আঁচনি উদ্ধোধন কৰে৷
এই উপলক্ষে অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্যে ব্যাখ্যাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড°
দীপক কুমাৰ নেওগে ৷ উদ্ধোধনী ভাষণত মন্ত্ৰী পেগুৱে কয় যে বৰ্তমান চৰকাৰখনে শিক্ষাদানৰ লগতে ছাত্ৰ -ছাত্ৰীৰ দক্ষতা বিকাশৰ ক্ষেত্ৰতো বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে। বক্তব্যৰ মাজতে মন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়সমূহৰ প্ৰাদেশীকৰণৰ বিষয়টো উল্লেখ কৰি অহা অক্টোবৰত হ'ব লগা কেবিনেট বৈঠকৰ পিছতে প্ৰাদেশীকৰণত ৰৈ যোৱা মহাবিদ্যালয়সমূহ প্ৰাদেশীকৰণ হোৱা ভাল খবৰ আহিব পাৰে অৱগত কৰে ৷
সভাত ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ অতিৰিক্ত সঞ্চালক মানস কলিতা উপস্থিত থাকি বিভাগৰ আঁচনিখনৰ বিষয়ে অৱগত কৰে ৷ সভাত বিশিষ্ট অতিথি লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱা আৰু ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰও উপস্থিত থাকে ৷