/asomiyapratidin/media/media_files/2025/09/08/289-2025-09-08-12-30-15.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে শুকুৰবাৰে প্ৰকাশ কৰা বৈদেশিক মুদ্ৰাৰ মজুত ৩.৫১ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৯৪.২৩ বিলিয়ন ডলাৰ হৈছেগৈ। অৱশ্যে পূৰ্বৰ সপ্তাহত ইয়াৰ পৰিমাণ আছিল ৪.৩৮৬ বিলিয়ন ডলাৰহে।
উল্লেখযোগ্য যে, ২৯ আগষ্টত সমাপ্ত হোৱা সপ্তাহটোৰ তথ্য মতে মজুতৰ এক উল্লেখযোগ্য অংশ বিদেশী মুদ্ৰাৰ সম্পত্তি ১.৬৮৬ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৫৮৩.৯৩৭ বিলিয়ন ডলাৰ হৈছেগৈ। আনহাতে আৰ বি আইৰ তথ্য অনুসৰি আই এম এফৰ সৈতে ভাৰতৰ ৰিজাৰ্ভ পজিচনতো ১৮ মিলিয়ন ডলাৰ উন্নতি হৈছে।
প্ৰতিবেদন অনুসৰি বিগত সপ্তাহত ৪.৭৪৯ বিলিয়ন ডলাৰ হৈছেগৈ। ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত বৃদ্ধিৰ বাবে আৰ বি আইয়ে সোণৰ অংশীদাৰিত্ব বৃদ্ধি কৰা বুলি উল্লেখ কৰিছে।