/asomiyapratidin/media/media_files/2025/11/25/318-2025-11-25-15-09-16.jpg)
ডিজিটেল ডেস্ক : অযোধ্যাৰ ৰাম মন্দিৰৰ চূড়াত মঙলবাৰৰ পৰা লহৰ তুলিব গেৰুৱাৰঙী ধ্বজাই। মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ প্ৰতীক হৈছে এই গেৰুৱা ধ্বজ্জা। এই পতাকা উত্তোলন কৰিবলৈ মঙলবাৰে পুৱা পবিত্ৰ ৰাম মন্দিৰৰ বাকৰিত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ৷
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে ১০ ফুট ওখ আৰু ২০ ফুট দীঘলীয়া সোঁকোণীয়া ত্ৰিকোণীয় পতাকাখনত ভগৱান ৰামৰ গৌৰৱ আৰু শৌৰ্যৰ প্ৰতীক হিচাপে উদিত সূৰ্যৰ এক ছবি আছে। য’ত ‘ওঁম’ আৰু কাঞ্চন গছৰ ছবি অংকিত আছে ৷ এই ধ্বজাখন পৰম্পৰাগত নাগৰ স্থাপত্য শৈলীত তৈয়াৰ কৰা হৈছে ৷
ধ্বজ্জা উত্তোলনৰ আগেয়ে প্ৰধানমন্ত্ৰীয়ে ভগৱান ৰামৰ জন্মভূমিত থকা মন্দিৰ চৌহদত অৱস্থিত সপ্ত মন্দিৰত প্ৰাৰ্থনা কৰে । আনহাতে প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে পথৰ দাঁতিত শাৰী পাতি মহিলা- যুৱতীসকলে পুষ্পবৃষ্টিৰে আদৰণি জনায়। তাৰোপৰি বৃহৎসংখ্যক লোকে আদৰি নিয়ে তেওঁক ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us