/asomiyapratidin/media/media_files/2025/09/06/271-2025-09-06-20-14-05.jpg)
ডিজিটেল সংবাদ, সোণাপুৰ : শনিবাৰে সোণাপুৰ মহাবিদ্যালয় স্বায়ত্তশাসিতৰ প্ৰথম দীক্ষান্ত সমাৰোহখনি উলহ-মালহৰে অনুষ্ঠিত হয়। দুই শতাধিক শিক্ষাৰ্থীক স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী প্ৰদানৰ উদেশ্যৰে অনুষ্ঠিত দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰয়েল গ্ল'ৱেল ইউনিভাৰ্চিটিৰ উপাচাৰ্য ড০অলক কুমাৰ বুঢ়াগোহাঁই।
আনহাতে আমন্ত্ৰিত অতিথি হিচাপে মাধ্যমিক শিক্ষা ব'ৰ্ড অসমৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা,অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ সভাপতি ড০ ধৰ্মেন্দ্ৰ নাথ আৰু বিশিষ্ট অভিনেতা ৰবি শৰ্মা উপস্থিত থাকি শিক্ষাৰ্থীসকলক উদেশ্যি তত্ব গধুৰ বক্তৃব্য প্ৰদান কৰে।
মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° জিৎৰাম দত্ত উপস্থিত থকা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে উপাধ্যক্ষ ড° বিমান পাটোৱাৰীয়ে আৰু মহাবিদ্যালয়ৰ প্ৰতিবেদন পাঠ কৰে অধ্যক্ষ ড° দেৱব্ৰত খনিকৰে। শ্ৰেষ্ঠ স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰী সকলক ডিগ্ৰী প্ৰদানৰ অনুষ্ঠানটোত মহানগৰীৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ সকলেও অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ প্ৰদান কৰে।
আনহাতে ২০২৩/২৪বৰ্ষৰ মহাবিদ্যালয়ৰ আলোচনীখনো অনুষ্ঠানটোতে উন্মোচন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us