/asomiyapratidin/media/media_files/2025/08/13/97-2025-08-13-22-41-34.jpg)
ডিজিটেল সংবাদ, নামৰূপ : আজি অসমৰ উদ্যোগ খণ্ডৰ বাবে এক ঐতিহাসিক দিন। বুধবাৰে গুৱাহাটীৰ অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডত অনুষ্ঠিত হয় দ্য আছাম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ প্ৰথমখন ব’ৰ্ড মিটিং।
প্ৰায় বিশ বছৰীয়া জল্পনা- কল্পনা তথা বিপ্লবৰ অন্তত নামৰূপত স্থাপন হ’বলগীয়া নতুন সাৰ উদ্যোগটোৰ প্ৰথমখন ব’ৰ্ড মিচিং অনুষ্ঠিত হয় । আজিৰ এই সভাত উপস্থিত থাকে এভিএফচিচিএলৰ অধ্যক্ষ জন বাৰ্চমেন্স এক্কা, পৰিচলন সঞ্চালক তথা এভিএফচিচিএলৰ নৱ নিযুক্ত পৰিচলন সঞ্চালক ড০ শিৱ প্ৰসাদ মহান্তি, বিভিএফচিএলৰ চি এম দি তথা এভিএফচিচিএলৰ সঞ্চালক মোহন ৰাজ শ্বেট্টী, সঞ্চালক অভিজিৎ মজুমদাৰৰ লগতে আন এগৰাকী সঞ্চালক উলাগানাথন সৰৱনন আৰু বিভিএফচিএলৰ কোম্পানী সম্পাদক বিকাশ কুমাৰ ঝাও উপস্থিত থাকে।
এই বৈঠকত সমগ্ৰ অঞ্চলটোৰ কৃষি বৃদ্ধিত অৰিহণা যোগোৱা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাৰ খণ্ডক শক্তিশালী কৰাৰ লক্ষ্যৰে স্থাপন হ’বলগীয়া এভিএফচিচিএলৰ যাত্ৰাৰ আৰম্ভণি সন্দৰ্ভত আলোচনা কৰা হয়।