/asomiyapratidin/media/media_files/2025/09/06/269-2025-09-06-18-54-01.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : চতিয়াৰ ইটাখোলাস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ ভৱনত শনিবাৰে ইটাখোলা আঞ্চলিক সংখ্যালঘু উন্নয়ন পৰিষদৰ প্ৰথম বাৰ্ষিক অভিৱৰ্তন ও সজাগতা সভা অনুষ্ঠিত হয় ৷ এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে অসম ভেলী স্কুল হাস্পতালৰ অৱসৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডা° জাবেদ আনছাৰীয়ে ৷
পুৱা ৯-৩০ বজাত গছপুলি ৰোপন কাৰ্য্যসূচী মুকলি কৰে মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই ৷ ইয়াৰ পিছতে ইটাখোলা আঞ্চলিক সংখ্যালঘু উন্নয়ন পৰিষদৰ সভাপতি জাকিৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷
অঞ্চলটোৰ কেইবাশতাধিক সংখ্যালঘু ৰাইজ তথা পুৰুষ মহিলা যুৱক- যুৱতী ও বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠিত বৃহৎ সজাগতা সভাই অঞ্চলটোৰ শৈক্ষিক সামাজিক উন্নয়নৰ ওপৰত অধিক গুৰুত্ব অৰোপ কৰি অসামাজিক কাৰ্য্যকলাপ প্ৰতিৰোধৰ ক্ষেত্ৰত কথোৰ পদক্ষেপ গ্ৰহন কৰাৰ সংকল্প গ্ৰহন কৰে ৷ মুখ্য অতিথিৰ ভাষণ প্ৰসংগত বিধায়ক পদ্ম হাজৰিকাই ইটাখোলা আঞ্চলিক সংখ্যলঘু উন্নয়ন পৰিষদৰ প্ৰশংনীয় পদক্ষেপৰ আদৰনী জনাই কয় যে, সমাজত ঘটি থকা অসামাজিক কাৰ্য্যকলাপ আৰু বিসৃংখল পৰিস্থিতি ৰোধ কৰাৰ স্বাৰ্থত নৱগঠিত সংখ্যালঘু উন্নয়ন পৰিষদে যি পদক্ষেপ গ্ৰহন কৰিবলৈ আগবাঢ়িছে এই ক্ষেত্ৰত মই বিধায়ক হিচাপে সম্পূৰ্ণ সহযোগিতা আগবঢ়াম ৷
বিধায়কগৰাকীয়ে প্ৰতিটো খোজতে আৰক্ষী প্ৰশাসনৰ সৈতে ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ সংখ্যালঘু উন্নয়ন পৰিষদৰ কৰ্ম্মকৰ্তাসকলৰ প্ৰতি আহ্ৱান জনায় ৷