কুৰুৱাবাহীত হেম বৰা-অৰুণ বৰা-গোলোক বৰা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল

কুৰুৱাবাহী যুৱক সংঘৰ উদ্যোগত কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা ৬৩ সংখ্যক হেম বৰা, অৰুণ বৰা, গোলোক বৰা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে চূড়ান্ত খেল বোকাখাত চাহ বাগিছা ফুটবল ক্লাব বনাম বোকাখাত পাইপ লাইন ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
503

ডিজিটেল সংবাদ, বোকাখাত : কুৰুৱাবাহী যুৱক সংঘৰ উদ্যোগত কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা ৬৩ সংখ্যক হেম বৰা, অৰুণ বৰা, গোলোক বৰা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে চূড়ান্ত খেল বোকাখাত চাহ বাগিছা ফুটবল ক্লাব বনাম বোকাখাত পাইপ লাইন ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয়। 

খেলৰ প্ৰাকমুহূৰ্তত আৰ্যভট্ট বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে ফুলৰ থোপাৰে খেলুৱৈসকলক খেলপথাৰলৈ আগবঢ়াই নিয়ে। ইয়াৰ পিছত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে শিল্পী তথা প্ৰাক্তন খেলুৱৈ ধনেশ্বৰ শইকীয়া আৰু দাতা পৰিয়ালৰ সদস্য সকলে।

বিশিষ্ট অতিথি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত আদিয়ে শ্ৰদ্ধাঞ্জলি জনায়। বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়াই খেল উদ্ধোধন কৰে।

“মায়াবিনি ৰাতিৰ বুকুত” গীতৰ কলি আওৰাই খেল আৰম্ভ কৰে। প্ৰথমাৰ্দ্ধত বোকাখাত চাহ বাগিছা ফুটবল ক্লাৱৰ ওম ভূঞাই ৬ মিনিটত প্ৰথম গ'লটো দিয়াৰ পিছত বোকাখাত পাইপ লাইন ক্লাবৰ প্ৰকাশ মুণ্ডাই ১৬ মিনিটত সমতা স্থাপন কৰে।

দ্বিতীয়াৰ্দ্ধত বোকাখাত পাইপ লাইন ক্লাবৰ জীৱন কুৰ্মীয়ে বিজয়সূচক গ'লটো দিয়ে ২-১। খেলৰ শেষত বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা উপস্থিত থাকি বিজয়ী দলক বঁটা প্ৰদান কৰে।

বিজেতা দলক জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই বঁটা প্ৰদান কৰে। শ্ৰেষ্ঠ খেলুৱৈ পাইপ লাইনৰ প্ৰকাশ মুণ্ডা শ্ৰেষ্ঠ গলকিপাৰ পাইপ লাইনৰ গণেশ উৰাং আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বোকাখাত চাহ বাগিছা ফুটবল ক্লাবৰ জীৱন কুৰ্মী।

কুৰুৱাবাহীত অবিৰত ভাৱে বিগত ৬৩ বছৰ কুৰুৱাবাহী যুৱক সংঘই হেম বৰা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। খেল পথাৰ খনৰ উন্নয়ন ক্ষেত্ৰত আজি উপস্থিত থকা মন্ত্ৰী অতুল বৰাই চিন্তা কৰা হৈছে বুলি উল্লেখ কৰে। খেল পৰিচালনা কৰে পবিত্ৰ শইকীয়া,মিলন বৰা,শিৱ বৰা আৰু কৃষ্ণ হাজৰিকাই।

ফুটবল