জামুগুৰিহাটৰ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল সম্পন্ন

জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি থকা জিলা ভিত্তিক ট্ৰফী ও প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে বিয়লি চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায়

author-image
Asomiya Pratidin
New Update
232

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ অন্যতম ক্ৰীড়া সংগঠন ধলাইবিল ক্ৰীড়া সন্থাৰ উদ্যোগত উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি থকা জিলা ভিত্তিক ট্ৰফী ও প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে বিয়লি চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায়। শোণিতপুৰ আৰু বিশ্বনাথ জিলা দুখনৰ কেইবাটাও আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ চূড়ান্ত তথা ফাইনেল খেলখনত চেঙামাৰী ফুটৱল ক্লাৱ বনাম চাৰিদুৱাৰ এডভাইচ ফুটবল ক্লাৱৰ খেলুৱৈসকলে দুই ভৰিৰ যাদু  প্ৰদৰ্শন কৰি আকৰ্ষণীয় খেলৰ জৰিয়তে পাঁচ সহশ্ৰাধিক দৰ্শক ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয় ৷  

তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক তথা তুমুল উত্তেজনাপূৰ্ণ খেলখনত দুয়োটা দলে সমতা স্থাপন কৰি নিৰ্দ্দিষ্ট সময়লৈকে ১ আৰু ১ গলৰ ব্যৱধানৰে অমিমাংসিত হৈ ৰয় যদিও টাইব্ৰেকাৰত চাৰিদুৱাৰ এডভাইচ ফুটৱল ক্লাৱে পুনৰ এটা গল দি চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। বিয়লি ৩-৩০ বজাত উক্ত ফাইনেল খেলখন শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

তেওঁ সম্পূৰ্ণ খেল উপভোগৰ অন্তত চূড়ান্ত বিজয়ী আৰু বিজেতা দুয়োটা দলকে আকৰ্ষণীয় ট্ৰফী আৰু নগদ ধনৰ বঁটা বিতৰণ কৰে ৷ ইয়াৰ মাজতে ধলাইবিল ক্ৰীড়া সন্থাৰ তৰফৰ পৰা চূড়ান্ত খেলৰ এগৰকী শ্ৰেষ্ঠ খেলুৱৈ আৰু এগৰাকী শ্ৰেষ্ঠ গ’ল কীপাৰকো নগদ ধন আৰু বঁটা প্ৰদান কৰে ৷

উল্লেখযোগ্য যে, এই বঁটা বিতৰণী পৰ্বত ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলা সভানেত্ৰী মধুস্মিতা হাজৰিকা ডেকা, উপসভাপতি নিতুমনি বৰা, জিলা পৰিষদৰ উপ-সভাপতি হিতেশ বৰুৱা, জিলা বিজেপি যুৱমৰ্চাৰ উপ-সভাপতি মাধুৰ্য্য বৰা, চতিয়া পৌৰসভাৰ পৌৰপতি দ্বীপশিখা সন্দিকৈ, জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লবিতা শৰ্ম্মা মহন্তৰ লগতে পঞ্চায়ত প্ৰতিনিধি ও বিজেপি দলৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকলৰ উপস্থিত থাকে। 

অনুষ্ঠানৰ মুখ্য অতিথিৰ বক্তব্যত বিধায়ক পদ্ম হাজৰিকাই কয় যে নদুৱাৰ সমষ্টিত চলি থকা স্থানীয় পৰ্যায়ৰ ফুটবল খেল প্ৰতিযোগিতাসমূহৰ আয়োজনে উদীয়মান খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহন কৰি আহিছে ৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখনত সুন্দৰ খেল প্ৰদৰ্শন কৰা দুয়োটা দলৰ প্ৰতিভাৱান খেলুৱৈসকলৰ প্ৰতি বিধায়কগৰাকীয়ে অভিনন্দন ও আন্তৰিক শুভেচ্ছা  জ্ঞাপন কৰে।

 লগতে প্ৰতিযোগিতাখনিৰ আয়োজক ধলাইবিল ক্ৰীড়া সন্থাই সুপ্ত প্ৰতিভা জাগ্ৰত কৰাৰ প্ৰয়াসেৰে স্থানীয় প্ৰতিভাক এক মঞ্চ প্ৰদান কৰাৰ বাবে বিষয়ববীয়া সকলৰ প্ৰতি ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে। অহা এমাহৰ ভিতৰতে ধলাইবিলৰ খেলপথাৰখনত ৪৮লাখ টকা ব্যয় সাপেক্ষে গ্ৰীণ গেলেৰী নিৰ্ম্মানৰ কাম শুভাৰম্ভ হব বুলিও ঘোষণা কৰে বিধায়কগৰাকীয়ে।

জামুগুৰিহাট ফুটবল