অসম বাৰ্তাজীৱী সংঘৰ সোণালী জয়ন্তী সমাৰোহৰ আজি অন্তিম দিন

অন্তিম দিনৰ মুকলি সভা উদ্বোধন কৰে অসমীয়া প্ৰতিদিনৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীয়ে। এই অনুষ্ঠানতে সোণালী জয়ন্তী উপলক্ষে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ অসম বাৰ্তাজীৱী সংঘৰ সোণালী জয়ন্তী সমাৰোহৰ আজি অন্তিম দিন। দিছপুৰ লোকনিৰ্মাণ বিভাগৰ কনভেনছন চেণ্টাৰত এই অনুষ্ঠান অনুষ্ঠিত হয়। ইপিনে অন্তিম দিনৰ মুকলি সভা উদ্বোধন কৰে অসমীয়া প্ৰতিদিনৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীয়ে।

উল্লেখ্য যে, বহু জ্যেষ্ঠ সাংবাদিকে অংশগ্ৰহণ কৰে আলোচনা-চক্ৰত। অনুষ্ঠানত নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতা,অসমীয়া খবৰৰ মুখ্য সম্পাদক বিশ্বজিৎ দাস,ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ সাধাৰণ সম্পাদক পৰমানন্দ পাণ্ডে,জ্যেষ্ঠ সাংবাদিক ফনীধৰ দাস প্ৰমূখ্যে বিশিষ্ট ব্যক্তি সকলে। এই অনুষ্ঠানতে সোণালী জয়ন্তী উপলক্ষে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ  প্ৰায় তিনি কুৰি জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।

গুৱাহাটী