/asomiyapratidin/media/media_files/2025/08/31/226-2025-08-31-22-05-49.jpg)
ডিজিটেল ডেস্ক : আসন্ন বিটিআৰ নিৰ্বাচনকলৈ শাসক- বিৰোধী অত্যন্ত ব্যস্ত হৈ পৰিছে। বিজেপি, ইউ পি পি এলকে ধৰি আন আন ৰাজনৈতিক দলে ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰাৰ্থী তালিকা। সমান্তৰালকৈ দেওবাৰে সন্ধিয়া বিপিএফ দলেও তেওঁলোকৰ অন্তিমখন প্রাৰ্থী তালিকা প্রকাশ কৰিছে।
দলটোৰ ৮ জনীয়া প্রাৰ্থী তালিকা ঘোষণা কৰে সভাপতি হাগ্রামা মহিলাৰীয়ে। ঘোষণা কৰা অনুসৰি ১৪নং চিৰাং দুৱাৰ সমষ্টিত অৱতীৰ্ণ হ’ব হাগ্রামা মহিলাৰী। ৭ নম্বৰ ফকিৰাগ্রাম সমষ্টিত আজমুল হকক প্রাৰ্থিত্ব প্ৰদান কৰিছে।
একেদৰে ৯ নম্বৰ বনৰগাঁৱত যুবীৰাজ বসুমতাৰীক প্ৰাৰ্থিত্ব প্ৰদান। ২৫ নম্বৰ বাগানপাৰ সমষ্টিত মনেশ্বৰ ব্রহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে। তাৰোপৰি উত্তম দাসক প্রাৰ্থিত্ব দিয়া হৈছে ২৭ নম্বৰ নাগ্রীজুলিত। ৩৫ নম্বৰ মুদৈবাৰীত জগদীশ সৰকাৰক প্রাৰ্থিত্ব, ৩৬ নম্বৰ হৰিশিঙা সমষ্টিত ত্রিদীপ দৈমাৰীক প্রাৰ্থিত্ব প্ৰদান কৰিছে বিপিএফে।