/asomiyapratidin/media/media_files/2025/08/10/67-2025-08-10-18-49-51.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : সফলতাৰে সামৰণি পৰিল ‘পঞ্চম গুৱাহাটী জিলা কাৰাটে প্ৰতিযোগিতা-২০২৫’। ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইণ্ডোৰ ষ্টেডিয়ানমত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত ছাব-জুনিয়ৰ, জুনিয়ৰ, কেডেট, ২১ অনুৰ্ধ আৰু ছিনিয়ৰ শাখাত প্ৰায় ১২০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ উপৰিও ৩০০ টেকনিকেল অফিচিয়েলে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে, প্ৰতিযোগিতাখনত খেলুৱৈৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ নিকাভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰথমবাৰৰ বাবে কম্পিউটাৰ ৰিভিউ চিষ্টেমৰো ব্যৱস্থা কৰা হয়। প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক মহিলা আয়োগৰ নৱ নিযুক্ত অধ্যক্ষা আঙুৰলতা ডেকা, বিশিষ্ট উদ্যোগী মহাবীৰ জৈন, গুৱাহাটী জিলা কাৰাটে সন্থাৰ সভাপতি বিজয় কুমাৰ গুপ্তা, সদৌ অসম দবা সন্থাৰ ৰাজ্যিক সভাপতি মুকুট ডেকা আদি।
এই অনুষ্ঠানত আঙুৰলতা ডেকাই সদৌ অসম কাৰাটে সন্থাৰ সৈতে ‘কাম্য’ সামাজিক অনুষ্ঠানৰ জৰিয়তে যুৱতীসকলৰ আত্মসুৰক্ষাৰ বাবে গ্ৰহণ কৰি অহা প্ৰচেষ্টাৰ কথা উল্লেখ কৰি কাৰাটেৰ জৰিয়তে আত্মসুৰক্ষাৰ উপৰিও মানসিক, শাৰীৰিক উৎকৰ্ষ সাধনৰ কথা উল্লেখ কৰে। তেওঁ আগন্তুক সময়ত প্ৰায় ১০ হাজাৰ কাৰাটে খেলুৱৈৰ অংশগ্ৰহণেৰে এক অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথাও ঘোষণা কৰে।
আনহাতে মহাবীৰ জৈনে কাৰাটেৰ জৰিয়তে আত্মসুৰক্ষাৰ কৌশল আয়ত্ত কৰিলে অস্ত্ৰৰ প্ৰয়োজন নাথাকে বুলিও কয়। এই অনুষ্ঠানতে সদৌ অসম কাৰাটে সন্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা গুৱাহাটী কাৰাটে সন্থাৰো সম্পাদক আদৰ্শ চৌধুৰীয়ে ২০২৬ৰ জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত কাৰাটে অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰি আজিৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কোনো খেলুৱৈয়েও হয়তো সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে।
তাৰোপৰি তেওঁ গুৱাহাটীতে আই পি এল, আই এছ এলৰ আৰ্হিত এখন কাৰাটেৰ লীগ অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ কথাও ঘোষণা কৰে। স্মৰ্তব্য, গুৱাহাটী কাৰাটে সন্থাই প্ৰতিবছৰৰ পৰা প্ৰদান কৰি অহা শ্ৰেষ্ঠ ক্লাবৰ সন্মান এইবাৰ স্বৰ্গীয় ৰঞ্জিত কলিতাৰ সোঁৱৰণত প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই প্ৰতিযোহিতাৰ পৰাই আগন্তুক জ’নেল আৰু ৰাজ্যিক প্ৰতিযোগিতাৰ বাবেও খেলুৱৈ নিৰ্বাচিত কৰা হয়।