/asomiyapratidin/media/media_files/2025/08/09/web1-2025-08-09-18-22-04.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : শনিবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ ৰাধাগোবিন্দ ক্ৰীড়া প্ৰকল্পৰ ডি টি আৰ পি ইনডৰ ষ্টেডিয়ামত আৰম্ভ হৈছে " পঞ্চম সংখ্যক গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপ-২০২৫" । সদৌ অসম কাৰাটে সন্থাৰ সহযোগত তথা গুৱাহাটী কাৰাটে সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখন শনিবাৰে শুভ উদ্বোধন কৰে গুৱাহাটী কাৰাটে সন্থাৰ সভাপতি বিজয় কুমাৰ গুপ্তা আৰু অসম পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ লহকৰে ।
লগতে শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক হীৰেণ গগৈ,গুৱাহাটী ক্ৰীড়া সন্থাৰ কোষাধ্যক্ষ কাজল পল চৌধুৰীৰ উপৰি কেইবাজনো বিশিষ্ট ব্যক্তি । ইফালে, উদ্বোধনী অনুষ্ঠানতে স্বৰ্গীয় ৰঞ্জিত কলিতা আৰু স্বৰ্গীয় চম্পক ডেকাক সুঁৱৰি প্ৰতিচ্ছবিৰ সন্মুখত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ন কৰা হয় ।
দুয়োগৰাকীৰ প্ৰয়াত ব্যক্তিৰ পৰিয়ালক গুৱাহাটী কাৰাটে সন্থাৰ তৰফৰ পৰা ২৫ হাজাৰকৈ ধনৰাশি আৰ্থিক অনুদান হিচাপে আগবঢ়ায় । ইফালে, প্ৰতিবছৰে গুৱাহাটী কাৰাটে সন্থাই "শ্ৰেষ্ঠ ক্লাব"ৰ সন্মান প্ৰদান কৰি আহিছে । এই বৰ্ষৰ পৰা এই বঁটা "স্বৰ্গীয় ৰঞ্জিত কলিতাৰ সোঁৱৰণ"ত প্ৰদান কৰা হ'ব ।
উল্লেখ্য যে,প্ৰতিযোগিতাখনত ৪৯ টা ক্লাবে অংশগ্ৰহণ কৰিছে । ১৫০০ গৰাকী খেলুৱৈ তথা টেকনিকেল অফিচিয়েলৰ সমাবেশ ঘটিছে এই জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত ।
এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক জ'নেল আৰু ৰাজ্যিক প্ৰতিযোগিতাৰ বাবে খেলুৱৈক বাছনি কৰা হ'ব বুলি জনাইছে গুৱাহাটী কাৰাটে সন্থাৰ সম্পাদক আদৰ্শ চৌধুৰীয়ে । ছাব-জুনিয়ৰ,জুনিয়ৰ,কেডেট,২১ অনুৰ্ধ আৰু ছিনিয়ৰ শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখন অন্ত পৰিব দেওবাৰে ।