/asomiyapratidin/media/media_files/2025/12/28/whatsapp-image-2m-2025-12-28-18-56-47.jpeg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থমেলাত আজি বছৰৰ অন্তিমটো দেওবাৰে গ্ৰন্থপ্ৰেমীৰ সমাবেশত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে। গ্ৰন্থ মেলাৰ আজি পঞ্চম দিনটো শিশুৰ দিন হিচাপে উদযাপন কৰা হয়।
পুৱাৰ ভাগত শিশুসকলৰ বাবে আয়োজিত বিশেষ অনুষ্ঠানটি আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট শিশু সাহিত্যিক বন্দিতা ফুকনে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ অভিভাৱকসকলৰ প্ৰতি এক গুৰুত্বপূৰ্ণ আহ্বান জনায়।
তেওঁ কয় যে শিশুসকলক কেৱল নম্বৰৰ পিছত দৌৰা এটা যন্ত্ৰলৈ ৰূপান্তৰিত কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ মানসিক বিকাশ আৰু সৃজনীমূলক চিন্তাৰ প্ৰতি গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়। ১১ বজাত আকস্মিক বক্তৃতা প্রতিযোগিতা অনুষ্ঠিত হয়।
বিয়লি ২ বজাত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে জুবিন গাৰ্গ সোৱৰণি অস্থায়ী প্রেক্ষাগৃহত মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হয়। এই প্রতিযোগিতাসমূহে অসম গ্রন্থমেলাৰ পৰিবেশ আকর্ষণীয় পৰ্যায়লৈ উন্নীত কৰে।
উল্লেখ্য যে, অহা ৬ জানুৱাৰীত গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানৰ দিনা বিভিন্ন প্রতিযোগিতাৰ বঁটা বিতৰণ কৰা হ'ব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। বিশিষ্ট লেখক, চিত্রনাট্যকাৰ, কবি, গীতিকাৰ অক্ষত গুপ্তাই অন্তৰংগ আলাপ অনুষ্ঠান মুকলি কৰে। এই অনুষ্ঠান পৰিচালনা কৰে বিশিষ্ট লেখক, সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্রগুপ্ত কাশ্যপে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us