ঢকুৱাখনাত মন্থন শীৰ্ষক মনোজ্ঞ অনুষ্ঠান সম্পন্ন

সমগ্ৰ শিক্ষা, ধেমাজি জিলাই বিভিন্ন সময়ত শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশৰ লক্ষ্যৰে "উৎকৰ্ষ", "গ্ৰীষ্মানন্দ", "প্ৰেৰণা" আদি ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি ইতিবাচক সঁহাৰি লাভ কৰি আহিছে ।

author-image
Asomiya Pratidin
New Update
278

ডিজিটেল সংবাদ, ঢকুৱাখনা : সমগ্ৰ শিক্ষা, ধেমাজি জিলাই বিভিন্ন সময়ত শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশৰ লক্ষ্যৰে "উৎকৰ্ষ", "গ্ৰীষ্মানন্দ", "প্ৰেৰণা" আদি ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি ইতিবাচক সঁহাৰি লাভ কৰি আহিছে । তাৰেই অন্য এক অংশ হিচাপে শনিবাৰে পুনৰ শিক্ষক- শিক্ষয়িত্ৰীসকলক সৈতে অভিভাৱক তথা সমাজৰ সমন্বিত যাত্ৰাৰ উদ্দেশ্যে একেটা দিনতে একে সময়ত জিলাখনৰ প্ৰতিখন বিদ্যালয়তে "মন্থন" শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। 

তিনিটা শিক্ষাখণ্ডৰ প্ৰায় ১ হাজাৰ ৪০০খন বিদ্যালয়ত ৰূপায়িত "মন্থন" কাৰ্যসূচীত অভিভাৱক তথা ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ নিয়মীয়া উপস্থিতিৰ বাবে অভিভাৱকসকলক সজাগ আৰু সচেতন কৰা, শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশৰ সামগ্ৰীক মূল্যায়নৰ ফলাফল ও খতিয়ান পত্ৰৰ ওপৰত গভীৰ আলোচনা তথা অভিভাৱকক দায়িত্বশীল হোৱাৰ বাবে পৰামৰ্শ প্ৰদান কৰে। একেদৰে ছাত্ৰ-ছাত্ৰীসকলৰ কথনশৈলী বিকাশ তথা শুদ্ধ উচ্চাৰণ, বৰ্ণ শব্দ চিনাক্তকৰণৰ জটিলতাসমূহ চিনাক্তকৰণৰ উদ্দেশ্যে ঘৰতে হওঁক বা বিদ্যালয়ত সৰৱ পঠনত দক্ষতা বৃদ্ধিৰ বাবে অনুকূল পৰিবেশ সৃষ্টি কৰা, ভাল হাতৰ আখৰে এগৰাকী শিক্ষাৰ্থীৰ জীৱন পৰিৱৰ্তন হ'ব পাৰে তেনেক্ষেত্ৰত শুদ্ধ আৰু সুন্দৰ আখৰৰ বাবে ঘৰতে বা বিদ্যালয়ত অনুশীলন কৰাত গুৰুত্ব প্ৰদান , এটি ভাল সংগ তথা এজন ভাল মানুহ হিচাপে শিক্ষাৰ্থীসকলক আদৰ্শগত ভাবে আগুৱাই নিয়াৰ উদ্দেশ্যে  নিচামুক্ত বিদ্যালয়, সমাজ, শিক্ষাৰ্থীৰ গৃহৰ লগতে  শীতল পৰিবেশ গঢ়ি তোলা , সমাজত  আগ্ৰাসী ৰূপত ব্যাধি হিচাপে চিহ্নিত হোৱা বাল্য বিবাহ ৰোধত শিশুসকলৰ লগতে অভিভাৱকসকলক সজাগ আৰু সচেতন কৰা বিষয়সমূহ ওপৰত বিশ্লেষণাত্মক পৰ্যালোচনা কৰা হয় । 

"বিদ্যালয় শিক্ষা বিভাগ"ৰ ধেমাজি জিলাৰ  জিলা শিক্ষা বিষয়া কবিতা ডেকাৰ সূক্ষ্ম পৰিকল্পনা আৰু তত্বাৱধানত সমগ্ৰ ৰাজ্যখনৰ ভিতৰতে প্ৰথম তথা জিলাখনৰ বাবে দ্বিতীয়বাৰলৈ বিদ্যালয়সমূহৰ মাজত  এনে "মন্থন" কাৰ্যসূচী ৰূপায়িত কৰা হয় । ইয়াৰ পূৰ্বেও বিগত ৩০ জুনত "গ্ৰীষ্মানন্দ" নামকৰণেৰে দীৰ্ঘ পৰিকল্পনাসহ কাৰ্যসূচী সম্পাদিত কৰা হৈছিল ।

আজিৰ এই "মন্থন" কাৰ্যসূচীয়ে অনাগত দিনবোৰত জিলাখনৰ  সমগ্ৰ শৈক্ষিক ব্যৱস্থাপনাটোতে ইতিবাচক প্ৰভাৱ পৰিব বুলি শিক্ষাসদী আৰু অভিভাৱক সমাজ পতিয়ন গৈছে।

ঢকুৱাখনা