সমুখত নিৰ্বাচনঃ ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি...

অসম বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। এই সময়চোৱাত ৰাজনৈতিক দলসমূহৰ মাজত ভীষণ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। তাৰমাজতে সংবাদমেল সম্বোধন কৰি দেওবাৰে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। 

author-image
Asomiya Pratidin
New Update
faceraijordolUntitled-1 copy

ডিজিটেল ডেস্কঃ অসম বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। এই সময়চোৱাত ৰাজনৈতিক দলসমূহৰ মাজত ভীষণ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। তাৰমাজতে সংবাদমেল সম্বোধন কৰি দেওবাৰে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। 

এই ইস্তাহাৰত ৰাইজৰ দলৰ নিজৰ লক্ষ্যৰ লগতে নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিলে কি কি প্ৰতিশ্ৰুতি পূৰণ কৰি অসমবাসীৰ হকে কাম কৰিব সেই বিষয়ে উল্লেখ কৰিছে। প্ৰথমে ইস্তাহাৰখনত ৰাইজৰ দলৰ লক্ষ্যৰ বিষয়ে ঘোষণা কৰিছে।

‘নতুন অসম’ শীৰ্ষক লক্ষ্য আগত ৰাখি ইস্তাহাৰখনত ৰাইজৰ দলে ঘোষণা কৰিছে যে- ৰাইজৰ দলে এনে এখন অসমৰ সপোন দেখে য’ত খিলঞ্জীয়া লোকসকলৰ নেতৃত্বত সমূহ অসমবাসী নিজৰ ভাগ্যৰ নিজেই বিধাতা হ’ব। ২০২৬চনৰ অসম বিধানসভা নিৰ্বাচনৰ ৰাইজৰ দলৰ এই কৰ্মসূচী কেৱল প্ৰতিশ্ৰুতি নহয়, বৰঞ্চ বৈজ্ঞানিক কৃষি, বাণিজ্য, সকলো নাগৰিকৰ দক্ষতা বিকাশ, ক্ষুদ্ৰ উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনৰ জৰিয়তে অৰ্থনৈতিক স্বৰাজ গঢ়াৰ এক দৃঢ় সংকল্প।

raijor dol 1

মুঠ ২৩টা প্ৰতিশ্ৰুতি প্ৰদান কৰা ইস্তাহাৰখনত উল্লেখ কৰা হৈছে যে- বাৰে মাহে শস্য শ্যামলা অসম গঢ়ি তোলা হ’ব। সেই অনসুৰি ত্ৰি ফচলী কৃষি বিপ্লৱ, কৃষক মুক্তি কেন্দ্ৰঃ প্ৰতিটো ব্লকত ভঁৰাল, জৈৱিক সাৰ্বভৌমত্ব, ন্যূনতম সমৰ্থন মূল্য চৰকাৰীভাৱে নিশ্চিত কৰা হ’ব।

ইফালে, ইস্তাহাৰত ঘোষণা কৰা হৈছে যে- ‘অসম অৰ্থনৈতিক টাস্ক ফৰ্চ’ নামেৰে ৰাজ্যখনৰ জিডিপি দুগুণ কৰিবলৈ বিশ্বমানৰ বিশেষজ্ঞ সমিতি গঠন কৰা হ’ব। বজাৰ দখল অৰ্থাত্ পূবৰ দুৱাৰ খুলি সমগ্ৰ দক্ষিণ-পূব এচিয়াৰ বাণিজ্যৰ দুৱাৰমুখ ৰূপে অসমক প্ৰতিষ্ঠা কৰা হ’ব। 

raijor dol 2


তদুপৰি দক্ষতাঃ পেছাদাৰী অসমৰ নিৰ্মাণ, সেৱা খণ্ডৰ বৈপ্লৱিক পৰিৱৰ্তন, পৰ্যটনঃ ভাৰতৰ পৰ্যটন কেন্দ্ৰ হিচাপে অসম, বিনামূলীয়া গুণগত শিক্ষা আৰু স্বাস্থ্য সেৱা, জাতি-মাটি আৰু ভেটিৰ সুৰক্ষাঃ বিদেশীমুক্ত অসমৰ কথাও উল্লেখ আছে এই ইস্তাহাৰত।

raijor dol 3

১৯৭১চনৰ ২৪ মাৰ্চৰ পাছৰ সকলো বিদেশীৰ চিনাক্তকৰণ , ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বহিষ্কাৰ কৰা হ’ব বুলি ঘোষণা কৰাৰ লগতে ৰাইজৰ দলে ইস্তাহাৰখনত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিব বুলি উল্লেখ কৰে। 

raijor dol 4

ইয়াৰ উপৰি ইস্তাহাৰখনত চাহ শ্ৰমিকৰ সৰ্বাংগীন বিকাশ, বানমুক্ত অসম, ফেডাৰেল ভাৰতত ফেডাৰেল অসম, স্বচ্ছ-দক্ষ-ক্ষিপ্ৰ প্ৰশাসন, কৰ্মচাৰী কল্যাণ (অসমৰ সকলো নিয়মীয়া চৰকাৰী কৰ্মচাৰীক OPS প্ৰদান কৰা), বৃহত্ নদীবান্ধ বন্ধ, নাৰী সৱলীকৰণ, ক্ৰীড়া নীতি, লোক কৃষ্টি আৰু ক্ৰীড়াৰ চুক্তিভিত্তিক শিক্ষক নিযুক্তি, বহিঃৰাজ্যত কাম কৰা অসমৰ শ্ৰমিকৰ সুৰক্ষা, আন্তঃৰাজ্যিক সীমা সমস্যাৰ সমাধান, নগৰ-মহানগৰ উন্নয়ন, পুঁজিৰ উৎস এই দিশতেই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাইজৰ দলে। 

ৰাইজৰ দল