/asomiyapratidin/media/media_files/2025/11/13/1-2025-11-13-17-39-35.jpg)
ডিজিটেল ডেস্কঃ বেংগালুৰুত অনুষ্ঠিত এক কাৰ্যসূচীত ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মাক 'ৱান ৱৰ্ল্ড ৱান ফেমিলি গ্ল'বেল লীডাৰশ্বিপ বঁটা'ৰে সন্মানিত কৰা হয়। এই সন্মান সত্য সাইঁ গ্ৰাম সংস্থানৰ হৈ সংস্থাটোৰ প্ৰধান সদগুৰু শ্ৰী মধুসূদন সাইঁয়ে প্ৰদান কৰে।
আধ্যাত্মিক গুৰু শ্ৰী সত্য সাইঁৰ দ্বাৰা অনুপ্ৰাণিত আৰু তেওঁৰ শতবাৰ্ষিকী সমাৰোহ উপলক্ষে ১০০ দিনীয়া বিশ্ব সাংস্কৃতিক মহোৎসৱৰ আয়োজন কৰা হৈছে। উক্ত সমাৰোহতে ৰজত শৰ্মালৈ এই বঁটা প্ৰদান কৰা হয়।
উল্লেখ্য যে, ৱান ৱৰ্ল্ড ৱান ফেমিলি' মিছন সফল কৰাৰ লক্ষ্যৰে আৰম্ভ হোৱা সত্য সাইঁ গ্ৰাম সংস্থানত শিশুসকলৰ বাবে পুষ্টিকৰ আহাৰ, বিনামূলীয়া শিক্ষা আৰু সকলোৰে বাবে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।
ইণ্ডিয়া টিভিৰ অধ্যক্ষগৰাকীয়ে সত্য সাইঁ সংস্থানৰ বিভিন্ন সেৱা কাৰ্যসূচীসমূহৰ বুজ লয়। তেওঁ সংস্থানটোৰ পুষ্টি বিশেষজ্ঞসকলৰ পৰা 'সাইঁশ্বৰ মাল্টি নিউট্ৰিচন পাউডাৰ'ৰ বিষয়েও তথ্য গ্ৰহণ কৰে। ইয়াৰ উপৰিও, তেওঁ শ্ৰী মধুসূদন সাইঁ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ এণ্ড ৰিছাৰ্ছ পৰিদৰ্শন কৰে।
এই সংস্থানত শিক্ষাৰ্থীসকলক MBBS পাঠ্যক্ৰম সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়িবলৈ দিয়া হয়। লগতে, ইয়ালৈ অহা ৰোগীসকলৰো চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা হয়। ৰজত শৰ্মাই অত্যাধুনিক চিকিৎসা বিভাগসমূহ পৰিদৰ্শন কৰে আৰু সংস্থানটোৰ বিনামূলীয়া পুষ্টি, বিনামূলীয়া শিক্ষা আৰু বিনামূলীয়া স্বাস্থ্যসেৱাৰ মিছনৰ শলাগ লয়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰজত শৰ্মাই কয়, সফলতাৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হয়।আপোনালোকৰ এই সন্মানে মোক অধিক শক্তি প্ৰদান কৰিছে। আপোনালোকে বিনামূলীয়া শিক্ষাৰ কাৰ্যসূচী আৰম্ভ কৰিছে, যাৰ জৰিয়তে দুখীয়া শিশু, যাৰ ওচৰত সুবিধা নাই, তেওঁলোকে শিক্ষা লাভ কৰিব। এই পদক্ষেপে মোৰ হৃদয় স্পৰ্শ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us