সৰুক্ষেত্ৰীৰ অবৈধ দখলীকৃত চৰকাৰী ভূমিত প্ৰব্ৰজিত লোকৰ দপদপনি…

সৰুক্ষেত্ৰীৰ অবৈধ দখলীকৃত চৰকাৰী ভূমিত প্ৰব্ৰজিত লোকৰ দপদপনি…

ডিজিটেল সংবাদ , বৰপেটাঃ সৰুক্ষেত্ৰীৰ চৰকাৰী ভূমি তথা বিল জলাশয়ত চলিছে ব্যাপক বেদখল ।হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি অবৈধ ভাবে আৰু জনপ্ৰতিনিধিৰ সহযোগত দখল কৰি নিশাটোৰ ভিতৰতেই প্ৰব্ৰজিত লোকে গাওঁ পাতিছে । সৰুক্ষেত্ৰীত অবৈধ ভাবে দখল কৰি গাওঁ পতা চৰকাৰী ভূমিত নিৰ্মাণ কৰা হৈছে চৰকাৰীভাৱে আবণ্টিত গৃহ,চৰকাৰী আঁচনিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে পথ ৷ তদুপৰি , দুৰ্নীতি অনিয়ম সংঘটিত কৰি বিদ্যুত বিভাগৰ পৰা দিয়া হৈছে বিদ্যুত সংযোগ ।সৰুক্ষেত্ৰীৰ খিলঞ্জীয়া ৰাইজক আক্ৰমণ কৰি অনুপ্ৰবেশকাৰী তথা পমুৱা মুছলমানে চলাইছে ব্যাপক অবৈধ দখল ।

পমুৱা তথা প্ৰব্ৰজিত লোকৰ আগ্ৰাসনত অস্তিত্বহীন হৈ পৰিছে সৰুক্ষেত্ৰীৰ কেইবাখনো ৰিজাৰ্ভ তথা বিল জলাশয় ।ঐতিহাসিক কাপলা বিলকে ধৰি সৰুক্ষেত্ৰীৰ বহু কেইখন বিল সম্প্ৰতি বেদখলকাৰীৰ কবলত পৰি অস্তিত্বহীন হৈ পৰিছে । আৰু বেদখলকাৰীয়ে জনপ্ৰতিনিধিৰ প্ৰৰোচনাত পৰিকল্পিত ভাবে দলবদ্ধ হৈ স্থানীয় ৰাইজক বৰ্বৰ ভাবে আক্ৰমণ কৰা ঘটনা কেইবাটাও সংঘতিত হৈছে । উল্লেখ্য যে নলবাৰী জিলাৰ দৌলাশালৰ ৰাইজৰ নামত আবন্ততিত বৰপেটা জিলাৰ গৰেমাৰী গাঁৱৰ ভূমি তথা মীন মহল আধি ঠিকাত লৈ অবশেষত গোজেই গঁজালি হৈ সেই দখল কৰি লৈ এতিয়া দৌলাশালৰ ৰাইজক বুঢ়া আঙুলি দেখুৱাই দিছে ভিন্ন প্ৰান্তৰ পৰা প্ৰব্ৰজিত হৈ অহা এই সকল লোকে দৌলাশালৰ ৰাইজক ওলোটাকৈ সেই ভূমিৰ অধিকাৰ উচ্ছেদ কৰিছে ।

আনহাতে দৌলাশালৰ ৰাইজৰ দ্বাৰা খান্দি লোৱা পানী নিষ্কাষণৰ পথ খান্দা জানৰ ওপৰতো ব্যাপক হাৰত বেদখল কৰি নিশাটোৰ ভিতৰতেই পকী ঘৰ নিৰ্মাণ কৰিছে । আনকি খান্দজানৰ পানী আবদ্ধ কৰি নিৰ্মাণ কৰিছে ব্যৱসায়ীক প্ৰতিষ্ঠান । ইপিনে মাজদিয়া গো ৰিজাৰ্ভত অবৈধ ভাবে দখল কৰি ২৬১ ঘৰ লোকে গাওঁ পাতি বহি লৈছে । এই সন্দৰ্ভত সৰ্থেবাৰীৰ মাজদিয়া,গৰেমাৰী আৰু নলবাৰীৰ দৌলাশালৰ ৰাইজে এই বেদখল উচ্ছেদ কৰা সম্পৰ্কত কেইবাবাৰো অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক আবেদন জনাইছিল । এই বেদখল সম্পৰ্কত অসমীয়া প্ৰতিদিন কাকতত কেইবাটাও বাতৰি প্ৰকাশ কৰা হৈছিল । সেই বাতৰিৰ ভিত্তিত আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই অবৈধ দখলিকৃত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই ।

আজি পুৱা সদল বলে সৰ্থেবাৰীৰ মাজদিয়াত উপস্থিত হয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা ।চৰকাৰী পতিত ভূমি – গো ৰিজাৰ্ভত চলা বেদখল পৰিদৰ্শন কৰি নিজেই আশ্চৰ্য্যচকিত হৈ পৰে জয়ন্ত মল্ল বৰুৱাই । আৰু আজি এই অবৈধ দখল পৰিদৰ্শন কৰি জয়ন্ত মল্ল বৰুৱাই কয় খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হবই লাগিব:সি হিন্দুৱেই হওক বা মুছলমান । প্ৰতিজন খিলঞ্জীয়াৰ জীৱন আৰু ভূ সম্পত্তিৰ সুৰক্ষা দিয়াটো এইখন চৰকাৰৰ নৈতিক দায়িত্ব বুলিও মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই । চৰকাৰী ভূমিত অনুপ্ৰৱেশকাৰীৰ দপদপনি চলিবলৈ দিয়া নহব বুলিও জয়ন্ত মল্ল বৰুৱাই সকিয়নি প্ৰদান কৰে ।

বৰপেটা জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগত লৈ বেদখলিকৃত ভূমি চৰজমিন পৰিদৰ্শন অচিৰেই এই ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি ৰাইজক আশ্বস্ত কৰে । উল্লেখ্য যে কেইদিনমান পূৰ্বে এই অবৈধ দখল চাবলৈ যাওঁতে স্থানীয় খিলঞ্জীয়া ৰাইজক আক্ৰমণ কৰিছিল অবৈধ দখলকাৰীয়ে ।আৰু আজি এই বেদখলিকৃত স্থান পৰিদৰ্শন কৰি জয়ন্ত মল্ল বৰুৱাই কয় অনুপ্ৰৱেশকাৰীৰ দপদপনি তথা খিলঞ্জীয়াৰ ওপৰত কৰা আক্ৰমণ কোনো কাৰণত সহ্য কৰা নহব । এতিয়াৰে পৰা অবৈধ দখলকাৰীয়ে তথা অনুপ্ৰৱেশকাৰীয়ে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি স্পষ্ট ভাবে সকীয়নি প্ৰদান কৰে ।

এই অবৈধ দখলিকৃত অঞ্চল পৰিদৰ্শন কৰাৰ পাছত মাজদিয়া গাওঁ উন্নয়ন সমিতিৰ নবনিৰ্মিত কাৰ্যালয় গৃহৰ দ্বাৰ উদঘাটন কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই । ইয়াৰ পিছতেই এখন ৰাজহুৱা সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ লগতে অগপৰ কেন্দ্ৰীয় মুখপত্ৰ তথা সৰুক্ষেত্ৰীৰ জনপ্ৰিয় যুব কন্ঠ ধৰ্মেশ্বৰ ৰয়,বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষাল,আৰক্ষী অধীক্ষক অমিতাভ সিনহাক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।এই সম্বৰ্ধনা গ্ৰহণ কৰি এক উদাক্ত ভাষণ প্ৰদান কৰে ধৰ্মেশ্বৰ ৰয়ে ।

আনহাতে এই সভাত ভাষণ প্ৰদান কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে অসমত অসমীয়াই ধৰ্মৰে নহয় সংস্কৃতিৰে এক হৈ জীয়াই থাকিব লাগিব। গৰীয়া মুছলমান বা খিলঞ্জীয়া মুছলমান সকলৰ সকলো সংস্কৃতি একে বুলিও মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই।এই সভাখন পৰিচালনা কৰে মাজদিয়া গাওঁ উন্নয়ন সমিতিৰ সভাপতি কামৰূজ জামান আৰু সাধাৰণ সম্পাদক জিয়াউৰ ৰহমানে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in