ববিতা শৰ্মাৰ পৰিচালনাৰে তথ্য চিত্ৰ 'ভূপেনদা আনকাট' মুকলি

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ বহু ৰসাল কথা সামৰি নিৰ্মাণ কৰা হৈছে এখনি তথ্য চিত্ৰ। বিশিষ্ট সাংস্কৃতিক কৰ্মী ববিতা শৰ্মাৰ পৰিকল্পনা আৰু পৰিচালনা সম্বৃদ্ধ এই তথ্য চিত্ৰখনৰ নাম হৈছে 'ভূপেনদা আনকাট'

author-image
Asomiya Pratidin
New Update
275

ডিজিটেল ডেস্ক : সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ বহু ৰসাল কথা সামৰি নিৰ্মাণ কৰা হৈছে এখনি তথ্য চিত্ৰ। বিশিষ্ট সাংস্কৃতিক কৰ্মী ববিতা শৰ্মাৰ পৰিকল্পনা আৰু পৰিচালনা সম্বৃদ্ধ এই তথ্য চিত্ৰখনৰ নাম হৈছে 'ভূপেনদা আনকাট'।

WhatsApp Image 2025-09-07 at 11.20.12 AM

বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ ওপজা দিনৰ প্ৰাকক্ষণত ৭ চেপ্তেম্বৰ ২০২৫ৰ দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুৰাধা চিনেমা হলত ছবিখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। তথ্য চিত্ৰ 'ভূপেনদা আনকাট' মুকলি কৰে সুধাকণ্ঠৰ পুত্ৰ তেজ ভূপেন হাজৰিকা, বোৱাৰী, নাতি তথা ভাতৃ সমৰ হাজৰিকা, শোভা হাজৰিকাৰ উপৰি শিল্পীগৰাকীৰ পৰিয়ালবৰ্গই। 

WhatsApp Image 2025-09-07 at 11.20.07 AM

তথ্যচিত্ৰখনি মুকলি কৰি সমৰ হাজৰিকা আৰু পুত্ৰ তেজ হাজৰিকাই পৰিচালক ববিতা শৰ্মা আৰু চিন্ময় শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ড০ ভূপেন হাজৰিকাৰ আনে নজনা বহু কথা এই ছবিখনৰ জৰিয়তে ৰাইজে জানিব পাৰিব বুলিও তেওঁলোকে মন্তব্য কৰে। 

WhatsApp Image 2025-09-07 at 10.40.52 AM

এইখিনিতে এটা উল্লেখ কৰা প্ৰয়োজন যে, পৰিচালক ববিতা শৰ্মাই ১৯৯৯ চনত ভূপেন হাজৰিকাৰ গীতৰ শ্বুটিং কৰিবলৈ যাওতে শিল্পীগৰাকীৰ সৈতে হোৱা বহু ৰসাল আড্ডা আৰু আলোচনা তেতিয়াই কেমেৰাত আৱদ্ধ কৰিছিল। আৰু সেই কথাবোৰেই আজিৰ এই 'ভূপেনদা আনকাট'ৰ জৰিয়তে ৰাইজলৈ মাজলৈ উলিয়াই দিয়াৰ প্ৰয়াস কৰিছে পৰিচালকগৰাকীয়ে। 

WhatsApp Image 2025-09-07 at 11.16.19 AM

ছবিখনত ভূপেন হাজৰিকাই গণ সংযোগ পঢ়িবলৈ যোৱা, পত্নী প্ৰিয়ম্বদা পেটেলৰে হোৱা প্ৰেম আৰু বিবাহৰ বহু কথা সাৱলীলভাৱে দেখুওৱা হৈছে। একেদৰে পুত্ৰ তেজ হাজৰিকাক জন্মৰ দুবছৰ পাছত প্ৰথমবাৰৰ বাবে কেনেদৰে লগ পাইছিল সেয়াও ৰাইজে দেখা পাব 'ভূপেনদা আনকাট'ত। আনহাতে খুহুতীয়া কথাৰ ভঁৰাল সুধাকণ্ঠই কিদৰে ৰন্ধা- বঢ়া কৰিছিল তাকো দেখুওৱা হৈছে 'ভূপেনদা আনকাট'  শীৰ্ষক তথ্য চিত্ৰখনত।

WhatsApp Image 2025-09-07 at 10.26.03 AM

উল্লেখযোগ্য যে, আজিৰ এই অনুষ্ঠানটিত ভূপেন হাজৰিকাৰ পৰিয়ালৰ লগতে তেওঁৰ সান্নিধ্য লাভ কৰা ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক লোক উপস্থিত থাকি 'ভূপেনদা আনকাট' শীৰ্ষক ছবিখন উপভোগ কৰে।

ড০ ভূপেন হাজৰিকা