/asomiyapratidin/media/media_files/2025/11/26/329-2025-11-26-11-08-58.jpg)
ডিজিটেল সংবাদ, শিলচৰ : শিলচৰ ফুটবল একাডেমীত ১ ডিচেম্বৰৰ পৰা আয়োজন কৰা এক্সপো অৱশেষত বন্ধ কৰি দিলে কাছাৰ প্ৰশাসনে। লগতে এক্সপো আয়োজনৰ বাবে খেলপথাৰৰ অনুমতি দিয়া শিলচৰ স্পোৰ্টিং ক্লাৱকো শ্বোক'জ নটিচ জাৰি কৰে জিলা প্ৰশাসনে।
জিলা আয়ুক্ত মৃদুল কুমাৰ যাদৱৰ নিৰ্দেশত মঙলবাৰে সন্ধিয়া দণ্ডাধীশ পি চৰৈ একাডেমীৰ খেলপথাৰলৈ গৈ এক্সপোৰ মেনেজাৰক এক্সপো আয়োজনৰ কাম-কাজ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰশাসনৰ অনুমতি অবিহনে এক্সপো আয়োজন কৰা বাবে দণ্ডাধীশে এক্সপোৰ আয়োজন বন্ধ কৰি দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-ima-2025-11-26-11-09-40.jpeg)
উল্লেখ্য যে একাডেমীত অনুশীলন কৰা কণ কণ খেলুৱৈ, একাডেমী কৰ্তৃপক্ষ আৰু আছুৰ কাছাৰ জিলা সমিতিয়ে খেলাৰ পৰা খেলুৱৈসকলক বঞ্চিত কৰি খেলপথাৰত এক্সপো অনুষ্ঠিত কৰিবলৈ শিলচৰ স্পোৰ্টিং ক্লাৱে অনুমতি দিয়াৰ বিৰুদ্ধে জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছিল। আছুৰ জিলা সভাপতি কৃষ্ণমোহন সিংহই মঙলবাৰে সন্ধিয়া জিলা আয়ুক্ত মৃদুল কুমাৰ যাদৱক এখন স্মাৰক প্ৰদান কৰি একাডেমীৰ খেলপথাৰত এক্সপো আয়োজনৰ বাবে শিলচৰ স্পোৰ্টিং ক্লাৱে দিয়া অনুমতি শীঘ্ৰে বাতিল কৰিবলৈ আহ্বান জনায়।
অনুশীলন কৰি থকা খেলুৱৈসকলক বঞ্চিত কৰি খেলপথাৰত কোনোপধ্যেই এক্সপো আয়োজন কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে আছুৰ সভাপতিগৰাকীয়ে। স্মাৰক লাভ কৰাৰ পিছত এক্সপো বন্ধ কৰাৰ আশ্বাস দিয়ে জিলা আয়ুক্তই।
ইয়াৰ পিছতে সন্ধিয়া দণ্ডাধীশ পি চৰৈ এক্সপো স্থলীলৈ গৈ এক্সপোৰ আয়োজন বন্ধ কৰিবলৈ মেনেজাৰক নিৰ্দেশ দিয়ে।
ইয়াৰ পিছতে জিলা আয়ুক্ত ই এক্সপো বন্ধ কৰিবলৈ সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়ে। লগতে শিলচৰ স্পোৰ্টিং ক্লাৱক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে।
ইয়াৰ তিনিদিন পূৰ্বে একাডেমীৰ অধীনত খেলপথাৰত অনুশীলন কৰি থকা একাংশ কণ কণ খেলুৱৈয়ে অনুশীলনৰ পৰা বঞ্চিত হোৱাত স্পোৰ্টিং ক্লাৱৰ বিৰুদ্ধে ধৰ্ণা প্ৰদৰ্শন কৰি এক্সপো বন্ধৰ দাবী জনাইছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us