নগাঁও বিশ্ববিদ্যালয়ত ‘নগাঁও বিশ্ববিদ্যালয়ঃ সপোন আৰু বাস্তৱ’ শীৰ্ষক মত বিনিময় অনুষ্ঠান সম্পন্ন

নগাঁও বিশ্ববিদ্যালয়ক ‘ৰাইজৰ বিশ্ববিদ্যালয়’ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে, হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰে ভৱিষ্যতৰ ৰূপৰেখা তৈয়াৰ কৰিবৰ বাবে আয়োজন কৰা ‘নগাঁও বিশ্ববিদ্যালয়ঃ সপোন আৰু বাস্তৱ’ শীৰ্ষত মত বিনিময় অনুষ্ঠান শনিবাৰে অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
56

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্য ড০ হিতেশ ডেকাই নগাঁও মহাবিদ্যালয়ৰ লগত জড়িত বিভিন্ন ব্যক্তিক আমন্ত্ৰণ কৰি নগাঁও বিশ্ববিদ্যালয়ক ‘ৰাইজৰ বিশ্ববিদ্যালয়’ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে, হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰে ভৱিষ্যতৰ ৰূপৰেখা তৈয়াৰ কৰিবৰ বাবে আয়োজন কৰা ‘নগাঁও বিশ্ববিদ্যালয়ঃ সপোন আৰু বাস্তৱ’ শীৰ্ষত মত বিনিময় অনুষ্ঠান শনিবাৰে অনুষ্ঠিত হয়।

ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা ড০ অনন্যা হিলৈদাৰীয়ে আঁত ধৰা এই মত বিনিময় অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে নগাঁও বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ধ্ৰুৱজ্যোতি বৰুৱাই। পঞ্জীয়ক বৰুৱাই অনুষ্ঠানত  অংশগ্ৰহণ কৰা সকলোৰে পৰা দিহা-পৰামৰ্শ বিচাৰি আদৰণী ভাষণ প্ৰদান কৰে।

নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকাই সকলোকে বিশ্ববিদ্যালয়ৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহযাত্ৰী হ’বলৈ আহ্বান জনায়। ড০ ডেকাই বিশ্ববিদ্যালয়খন স্থাপন আৰু উত্তৰণৰ লগত অনেকজনৰ সপোন আৰু শ্ৰম জড়িত আছে আৰু সকলোৱে বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে বিশ্বমানৰ সপোন দেখিব লাগিব বুলি মন্তব্য কৰে।

ড০ ডেকাই নগাঁও বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু আন্তঃগাঁথনিমূলক ৰূপৰেখা তৈয়াৰ কৰি সামাজিক দায়বদ্ধতাৰ দৰ্শনেৰে এখন ৰাইজৰ বিশ্ববিদ্যালয় গঢ়ি তুলিবলৈ আহ্বান জনায়। মত বিনিময় অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি ৰূপক শৰ্মা। ৰূপক শৰ্মাই বিশ্ববিদ্যালয়খনৰ প্ৰতি থকা তেখেতৰ ভৱিষ্যৎ দৰ্শন সম্পৰ্কে মন্তব্য কৰে আৰু বিশ্ববিদ্যালয়ৰ উন্নয়নত তেখেতে সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহেন্দ্ৰ আহোমে উপস্থিত থাকি নগাঁও বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাক বিশ্ববিদ্যালয়ৰ শিক্ষকৰ যোগ্যতা আহৰণ কৰি অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীক বিশ্ববিদ্যালয়ৰ পৰিৱেশৰ সৈতে সম্পৃক্ত হ’বলৈ আহ্বান জনায়। মহেন্দ্ৰ আহোমে সীমিত সুবিধাৰ মাজতে বিশ্ববিদ্যালয়খনে সৰ্বোচ্চ আহৰণ কৰাৰ কথা ব্যক্ত কৰে। সভাত উপস্থিত হৈ প্ৰদীপ শৰ্মাই শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীৰ প্ৰতি দায়বদ্ধ হৈ বিশ্ববিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ প্ৰৱাহ বৃদ্ধি কৰিবৰ বাবে আহ্বান জনায়।

লগতে বিশ্ববিদ্যালয়খনে নিজাববীয়া সিদ্ধান্তৰে গৱেষণাৰ দিশটোক আগুৱাই নিয়াৰ কথাও তেওঁ ব্যক্ত কৰে। নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিশ্বজিৎ ভূঞাই নগাঁও কলেজৰ ঐতিহ্য যাতে নগাঁও বিশ্বিদ্যালয়ত প্ৰতিফলিত হয় সেই সম্পৰ্কে উল্লেখ কৰে।

বিশ্ববিদ্যালয়ৰ আইন অধ্যয়ন কৰিবলৈও তেখেতে সকলোকে আহ্বান জনায়। নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা লণ্ডনস্থিত ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ড০ জগন্নাথ বিশ্বকৰ্মাই নগাঁও বিশ্ববিদ্যালয়খন আন্তৰ্জাতিক পৰ্যায়ৰ হৈ স্থানীয় গৱেষণাৰ সমলকো অন্তৰ্ভুক্ত কৰক বুলি ব্যক্ত কৰে। নগাঁও বিশ্ববিদ্যালয়খনক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতে গৱেষণা, শিক্ষণ, নিয়োজন আৰু প্ৰভাৱ-এই চাৰিটা দিশৰ ওপৰত গুৰুত্ব দিয়াৰ কথা মন্তব্য কৰে। নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে নগাঁও বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰ আৰু সমাজলৈ নতুন বাৰ্তা প্ৰেৰণ কৰক বুলি উল্লেখ কৰে।

এই মত বিনিময় অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অধ্যাপক-অধ্যাপিকাসকলে নগাঁও বিশ্ববিদ্যালয়ৰ ৰূপৰেখা নিৰ্ণয় সম্পৰ্কে তেওঁলোকৰ মন্তব্য আগবঢ়ায়। তেওঁলোকে বিশ্ববিদ্যালয়খনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গৱেষণা, নতুন পাঠ্যক্ৰম তথা নিয়োগৰ সুবিধা থকা পাঠ্যক্ৰম মুকলি কৰা, জ্ঞান, উদ্ভাৱনী শক্তি, গুণগত শিক্ষা, সৃষ্টিশীলতা, মানৱীয়তা আদি দিশৰ ওপৰত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। নগাঁও জিলাৰ জ্ঞান চৰ্চাৰ যি ইতিহাস বা সুঁতি, সেই সুঁতিটোক আধাৰ কৰি গৱেষণাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ কথাও উল্লেখ কৰে। উত্তৰ-পূব ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ অধ্য়নৰ এটা ধাৰাও সৃষ্টি কৰাৰ কথা উল্লেখ কৰে।

পৰম্পৰাগত বিষয়ৰ উপৰিও কৃত্ৰিম বুদ্ধিমত্তা, কম্পিউটাৰ, চেমিকণ্ডাক্টৰ আদি অত্যাধুনিক বিষয়সমূহক অন্তৰ্ভুক্ত কৰি বিশ্ববিদ্যালয়খনক আগুৱাই নিয়াৰ পৰিকল্পনা ব্যক্ত কৰে। এই মত বিনিময় অনুষ্ঠানত নগাঁও জিলাৰ বিশিষ্ট শিক্ষাবিদ, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, কৰ্মৰত অধ্যাপক-অধ্যাপিকা, অনাশিক্ষক কৰ্মচাৰী উপস্থিত থাকে। ‘সপোন আৰু বাস্তৱ’ এই মত বিনিময় অনুষ্ঠান ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে সামৰণী পৰে।

নগাঁও কলেজ (অট’নমাচ)