ধুবুৰীত নাট্য আন্দোলনৰ সূচনা কৰা ৰূপকোঁৱৰ নাট্য মঞ্চক পাহৰিলে চৰকাৰে...

ধুবুৰী এখন প্ৰাচীন চহৰ। ১৮৮৩  চনত স্থাপিত হোৱা ধুবুৰী পৌৰসভাই চহৰখনৰ বহু পৌৰাণিক কীৰ্তি চিহ্ন, সমলৰ সাক্ষ্য বহন কৰি আহিছে যদিও আজি অসম চৰকাৰ আৰু জিলা প্ৰশাসনৰ অনীহা আৰু অৱহেলাৰ ফলত ক্ৰমে চহৰখনৰ ঐতিহাসিক স্থান, কীৰ্তি চিহ্নসমূহ ধ্বংসৰ দিশত গতি কৰা পৰিলক্ষিত হৈছে

author-image
Asomiya Pratidin
New Update
532

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী এখন প্ৰাচীন চহৰ। ১৮৮৩  চনত স্থাপিত হোৱা ধুবুৰী পৌৰসভাই চহৰখনৰ বহু পৌৰাণিক কীৰ্তি চিহ্ন, সমলৰ সাক্ষ্য বহন কৰি আহিছে যদিও আজি অসম চৰকাৰ আৰু জিলা প্ৰশাসনৰ অনীহা আৰু অৱহেলাৰ ফলত ক্ৰমে চহৰখনৰ ঐতিহাসিক স্থান, কীৰ্তি চিহ্নসমূহ ধ্বংসৰ দিশত গতি কৰা পৰিলক্ষিত হৈছে। 

নামনি অসমৰ সীমান্তৱৰ্তী অঞ্চল ধুবুৰী চহৰ তথা চহৰখনৰ ওচৰে-পাজৰে থকা অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি চৰ্চা প্ৰায় বিলুপ্ত হৈ যোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সমূহৰ সৰ্বাংগীন উন্নয়ন সাধন কৰাৰ বাবে ধুবুৰী জিলাৰ খিলঞ্জীয়া অসমীয়া লোকক সদস্য হিচাপে লৈ ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডত ১৯৪৮ চনত  অসম সংঘ নামেৰে এখন মঞ্চ গঠন কৰি অসম সংঘ ভৱনৰ নিৰ্মাণ কৰা হৈছিল। এক সময়ত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাকে ধৰি অসমৰ কেইবাগৰাকী বৰেণ্য ব্যক্তিয়ে অসম সংঘ ভৱনলৈ আহিছিল। লগতে এই অসম সংঘ ভৱনতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই চিৰাজ নাটকখন মঞ্চস্থ কৰিছিল।

WhatsApp Image 2025-12-27 at 11.57.14 AM

আজি সেই অতি প্ৰাচীন আৰু ইতিহাস সমৃদ্ধ অসম সংঘ ভৱনটো উপযুক্ত তত্বাৱধানৰ অভাৱত জহি-খহি যোৱাৰ উপক্ৰম হৈছে। অসমীয়া ভাষা আৰু সংস্কৃতিৰ বহু স্মৃতি বহন কৰি অহা অসম সংঘ ভৱনৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাত বৰ্তমানে স্থানীয় সচেতন ৰাইজ ক্ষুব্ধ হৈ পৰা দেখা গৈছে।

উল্লেখযোগ্য যে অসম সংঘ ভৱন হৈছে ধুবুৰীৰ একমাত্ৰ ৰাজহুৱা অনুষ্ঠান। য'ত চৰকাৰী - বেচৰকাৰী আৰু অন্যান্য সাংস্কৃতিক দলে এই ভৱনটোতে অনুষ্ঠান পৰিৱেশন কৰিছিল। একালত এজন সংস্কৃতিৱান পুৰুষ ধুবুৰীলৈ আহিছিল জিলা প্ৰশাসনৰ দ্বায়িত্বলৈ। তেওঁ আছিল তদানীন্তন অবিভক্ত গোৱালপাৰা জিলাৰ উপায়ুক্ত প্রয়াত খনীন্দ্ৰ চন্দ্ৰ বৰুৱা।

সাহিত্য সংস্কৃতিৰ আলোচনা প্রিয়, খেলা-ধুলা, শৰীৰ চৰ্চাত অভ্যস্ত মানুহজন ধুবুৰীত তেনে কোনো সুযোগ বা ব্যৱস্থা নেদেখি দুখ অনুভৱ কৰি স্থানীয় দুই চাৰিগৰাকী উদ্যোগী নাগৰিক, কেইগৰাকী উৎসাহী চৰকাৰী বিষয়াৰ লগত আলোচনা কৰি স্কুলীয়া ল'ৰা-ছোৱালীকে ধৰি যুৱ চামৰ প্ৰতিভা বিকাশ, অঞ্চলটোৰ বিকাশৰ হকে লগতে সভা সমিতি, আলোচনা চক্র, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰিবৰ বাবে এটা ৰাজহুৱা ভৱন নিৰ্মাণৰ কথা স্থিৰ কৰিছিল।

WhatsApp Image 2025-12-27 at 11.56.50 AM

ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নদীৰ সংগম স্থলত ধুবুৰী চহৰৰ ১নং ৱাৰ্ড আৰু পৌৰসভাৰ জাৱৰ পেলোৱা অঞ্চলটো চিনাক্ত কৰি সেই ঠাই ডোখৰতে এটা ৰাজহুৱা সভাগৃহ নিৰ্মাণৰ আঁচনি লোৱা হৈছিল। সেই আঁচনিয়ে তেতিয়াৰ উপায়ুক্ত প্রয়াত খনীন্দ্ৰ চন্দ্ৰ বৰুৱাৰ ঐকান্তিক প্রয়াস আৰু প্ৰচেষ্টাৰে সৃষ্টি হৈছিল ‘অসম সংঘ ভবন'ৰ যাত্ৰা।

১৯৫৬ চনত ধুবুৰীৰ কেইগৰাকীমান উদ্যোগী ব্যক্তিৰ লগতে নাট্যপ্ৰেমীৰ প্ৰচেষ্টাত উক্ত ভৱনটিতে এখন নাট্যমঞ্চৰ বিশেষ প্রয়োজনৰ কথা চিন্তা কৰি ৰূপকোঁৱৰ নাট্য সমিতিৰ জৰিয়তে সভা ঘৰৰ সংলগ্ন কৰি গঢ়ি তোলা হৈছিল 'ৰূপকোঁৱৰ নাট্য মঞ্চ'। ৰূপকোঁৱৰ নাট্য সমিতিয়ে ধুবুৰী অঞ্চলত পোন প্ৰথম বাৰৰ বাবে সহ অভিনয় আৰম্ভ কৰিছিল।

এই অসম সংঘ ভৱনতে একেৰাহে বিভিন্ন ৰুচিৰ আধুনিক, ঐতিহাসিক, ধৰ্ম মূলক বহু নাট মঞ্চস্থ কৰি ধুবুৰীত নাট্য আন্দোলনৰ সূচনা হৈছিল। ৰূপকোঁৱৰ নাট্য সমিতিৰ উদ্যোগত ধুবুৰীত একাংকীয়া নাট প্ৰতিযোগিতা,অসম নাট্য সমিতিৰ অধিৱেশন পতাৰ উপৰিও অবিভক্ত গোৱালপাৰা জিলাৰ প্ৰতিভাৱান শিল্পীৰ দ্বাৰা সংগীত সন্মিলন একাধাৰে অনুষ্ঠিত হৈছিল।

উক্ত সন্মিলনৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানলৈ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, গুৱাহাটীৰ আকাশবাণীৰ বহুতো খ্যাতনামা গায়ক গায়িকাৰ উপৰিও বৰ্ত্তমানে ভাৰতৰ খ্যাতনামা কণ্ঠশিল্পী পাৰভিন চুলতানা, নৃত্য শিল্পী শুভলক্ষ্মী বৰুৱা, ৰেখা বৰা আদিয়ে ভাগ লৈছিল। নাট্য শিল্পী নটসূৰ্য্য ফণী শৰ্ম্মা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ লগতে আন আন বৰেণ্য শিল্পীয়ে অসম সংঘ ভৱনত ‘চিৰাজ’ নাটকখন মঞ্চস্থ কৰি ৰাইজক আনন্দ দিছিল আৰু ভৱনটি যুগজয়ী কৰি তুলিছিল। অসম সংঘ ভৱনক সাংস্কৃতিক চৰ্চাৰ প্ৰাণকেন্দ্ৰ ৰূপে গঢ় দিয়াৰ মানসেৰে বৰপেটাৰ পৰা অভিজ্ঞ প্রশিক্ষক আনি এই অঞ্চলৰ ল'ৰা-ছোৱালীক বৰগীত গাবলৈ শিকোৱাৰ লগতে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়া হৈছিল।

WhatsApp Image 2025-12-27 at 11.56.25 AM

কিন্তু আজি কিয় ধুবুৰীৰ প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণৰ সৈতে জড়িত থকা অসম সংঘ ভৱন টোৰ প্ৰতি চৰকাৰৰ এই অৱহেলা বুলি প্ৰশ্নও উত্থাপিত হৈছে। উল্লেখযোগ্য যে ২০১৮-১৯ বিত্তীয় বৰ্ষতেই অসম চৰকাৰৰ চিআইডিএফ আঁচনিৰ অধীনত ধুবুৰী চহৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেইবাটাও আঁচনিৰ লগতে অসম সংঘ ভৱনটি পুনৰ নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি প্ৰায় ২ কোটি টকা ব্যয় সাপেক্ষে প্ৰাককলন, ভূমি পৰীক্ষা আদি কাৰ্য সম্পন্ন হৈ যোৱাৰ পিচতো ঐতিহ্যপূৰ্ণ অসম সংঘ ভৱনটোৰ নিৰ্মাণ কাৰ্য থমকি ৰৈ যোৱাত চহৰখনৰ স্থানীয় ৰাইজ আক্ষেপ কৰা দেখা গৈছে।

ধুবুৰী