/asomiyapratidin/media/media_files/2025/11/25/313-2025-11-25-11-05-13.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাটৰ কমাৰবন্ধাৰ পৰা যোৰহাট সংযোগী আহোম যুগৰ স্বাক্ষৰ বহন কৰা ঐতিহাসিক চুঙী পথটোৰ দুইলেনযুক্ত পথলৈ উন্নীতকৰণ কৰা হ’ল যদিও গোলাঘাটৰ জোনাকী নগৰ কমাৰবন্ধা কলেজৰ সংযোগী পথটো উন্নীত হোৱা নাই। এক কদৰ্য্য পথ হৈ আছে।
সেই সময়ত আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনতে নিৰ্মাণ হোৱা ধোদৰ আলিৰ পৰা কমাৰবন্ধা হৈ যোৰহাট সংযোগী এই পথ গোলাঘাট আৰু যোৰহাট জিলাক সংযোগ কৰা আটাইতকৈ কম দূৰত্বৰ পথ। এই পথটোৰ কাষতে এসময়ত ঐতিহাসিক দক্ষিণহেঙ্গেৰা বৃহত্তৰ সাপ্তাহিক বজাৰ কেবাখনো চাহ বাগিচা ঐতিহাসিক কাকদঙা নদীৰ উপৰিও ভাৰতীয় সেনাৰ বিভাগীয় কাৰ্যালয় এই পথচোৱা বিভিন্ন ক্ষেত্ৰত গুৰুতপূৰ্ণ পথ হিচাপে বিবেচনা কৰা হয়।
উল্লেখ কৰা প্ৰয়োজন যে, ২০১৭ চনত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পথটো উন্নয়নৰ বাবে তদানীন্তন উপায়ুক্ত বিভাস মোদীৰ জৰিয়তে এক স্মাৰক প্ৰত্ৰ প্ৰদান কৰিছিল। সেই সময়ৰ বৃত্তীয় মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ধন আৱণ্টন দিয়াৰ পাছত পথটো উন্নীত হয়।
এই পথচোৱা উন্নীতকৰণ হোৱাৰ ফলত যোৰহাট ৰৰৈয়া বিমান বন্দৰকে ধৰি যোৰহাট মেডিকেল কলেজৰ বাবে ৰোগী অনা-নিয়া কৰাৰ বাবে সুগম হৈ পৰে। কিয়নো মাত্ৰ ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিলা দুখনক সংযোগ কৰা আটাইতকৈ চুটি পথ।
বৰ্তমান গোলাঘাট নগৰৰ লগত সংযোগী জোনাকী নগৰৰ পথচোৱা জৰাজীৰ্ণ অৱস্থা হৈ পৰে। সেয়েহে এই পথচোৱাক দুইলেন যুক্ত পথলৈ উন্নীতকৰণৰ কৰি পথচোৱা উন্নীতকৰণৰ কাম আৰম্ভ কৰা প্ৰয়োজন- এই ক্ষেত্ৰত শিক্ষাবিদ দেৱজিৎ ৰাজখোৱাই এনেদৰে কয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us