মাজপোতনী দ'ঘাট- পোটনি গোমোঠা গাঁও সংযোগী পথৰ শোচনীয় অৱস্থা

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰ উন্নয়ন খণ্ডৰ অধীনৰ মাজ পোটনী দঘাট-পোটনি গোমোঠা গাঁও সংযোগী পথটোৰ শোচনীয় অৱস্থাই দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজক যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগাই আহিছে

author-image
Asomiya Pratidin
New Update
61

ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰ উন্নয়ন খণ্ডৰ অধীনৰ মাজ পোটনী দঘাট-পোটনি গোমোঠা গাঁও সংযোগী পথটোৰ শোচনীয় অৱস্থাই দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজক যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগাই আহিছে। বঢ়মপুৰ উন্নয়ন খণ্ডৰ সমীপতে থকা পথছোৱাত বৰ্তমান বাৰিষা বতৰত বোকা,পানীৰে ভৰি পৰাত পথচোৱাত মটৰ চাইকেল,চাৰিচকীয়া বাহন চলাচল কৰাটো বাদেই,বৰ্তমান পথছোৱাত ৰাইজে খোজ কাঢ়িব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে।

Advertisment

চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধিসকলে পথছোৱাৰ উন্নয়নৰ ক্ষেত্ৰত কৰি অহা অৱহেলা,বঞ্চনা আৰু প্ৰতাৰণা বিৰুদ্ধে দেওবাৰে স্থানীয় ৰাইজ সোচ্চাৰ হৈ পৰে। ইয়াৰে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই স্থানীয় ৰাইজে হাতে হাতে কোৰ,পাছি লৈ বাৰিষা বতৰতে উক্ত পথছোৱাত চেণ্ডগেভেল পেলাই পথচোৱাৰ উন্নয়নত নামি পৰে।

অভিযোগ অনুসৰি স্থানীয় ৰাইজে পথছোৱা উন্নয়ন কৰিবৰ বাবে সংশ্লিষ্ট বিভাগৰ লগতে স্থানীয় বিধায়ক জিতু গোস্বামীক বহুবাৰ আবেদন নিবেদন কৰি আহিছিল যদিও পথচোৱা উন্নয়ন ক্ষেত্ৰত  সংশ্লিষ্ট কৰ্তৃপক্ষই একো ব্যৱস্থা গ্ৰহণ নকৰিলে।ফলত প্রতিবাৰেই বাৰিষা বতৰত ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে।

পথছোৱা উন্নয়নৰ ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধিসকলে দীৰ্ঘদিন ধৰি কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে মাজ পোতনী অঞ্চলৰ ৰাইজ ক্ষুব্ধ হৈ পৰে।আজি পুৱা ভাগতেই নিজৰ গাঁঠিৰ ধন খৰছ কৰি ৰাইজে পথছোৱা মেৰামতি কৰে।বিশেষকৈ পথটো উন্নয়নৰ ক্ষেত্ৰত স্থানীয় বিধায়ক জিতু গোস্বামীয়ে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে তেওঁৰ বিৰুদ্ধে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে।

আনহাতে, বঢ়মপুৰ উন্নয়নখণ্ডৰ ১০০ মিটাৰ দূৰৈত থকা গাঁওখনৰ এই পথটোৰ দুৰৱস্থাই সংশ্লিষ্ট পঞ্চায়ত তথা উন্নয়ন খণ্ডৰ অকৰ্মণ্যতা আৰু দুৰ্নীতিৰ স্পষ্ট ছবিখনকে তুলি ধৰিছে। উন্নয়ন খণ্ড কাৰ্যালয়ত আবেদন- নিবেদন কৰি সঁহাৰি নোপোৱাত দৈনিক আহ- যাহত অবৰ্ণনীয় কষ্টৰ সন্মুখীন হৈ অৱশেষত আজি ৰাইজে নিজেই হাতে- কামে পথটো নিৰ্মাণ কৰিবলৈ নামি পৰে। বহুতে আমাৰ সন্মুখত এইলৈ বিভিন্ন প্ৰকাৰে ক্ষোভ ব্যক্তও কৰে।

জিতু গোস্বামী নগাঁও