/asomiyapratidin/media/media_files/2026/01/12/617-2026-01-12-13-55-18.jpg)
ডিজিটেল সংবাদ, মিৰ্জা : দক্ষিণ কামৰূপৰ ব্যৱসায়ীক প্ৰাণকেন্দ্ৰস্বৰূপ পলাশবাৰী সমষ্টিৰ বিজয়নগৰত আৰক্ষী- প্ৰশাসনক মেনেজ কৰি গুটখাৰ এখন ৰমৰমীয়া বেহা চলাই নহয়, এই অঞ্চলটোত গুটখা সেৱনকাৰী বহু সংখ্যক লোক অচিন ৰোগত আক্ৰান্ত হৈছে। কিন্তু এই ঘটনাবোৰৰ প্ৰতি গুৰুত্ব দিবলৈ আহৰি নাই জিলা স্বাস্থ্য বিভাগ তথা আৰক্ষী প্ৰশাসনৰ লোক।
লগতে বিজয়নগৰৰ একাংশ অসাধু ব্যৱসায়ীয়ে চেগ বুজি সৃষ্টি কৰা এই গুটখাৰ কৃত্ৰিম নাটনিৰ ফলত অঞ্চলটোৰ ব্যৱসায়িক এলেকাত নিতৌ গুটখাৰ দাম বৃদ্ধি হৈ আহিছে। ফলত বিজয়নগৰৰ একাংশ পাইকাৰী অসাধু বহিৰাগত ব্যৱসায়ী চক্ৰই গুটখাৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি গুটখাৰ মুল্যবৃদ্ধি কৰি খুচুৰা বিক্ৰেতা সকলক মাধমাৰ সোধাই আহিছে।
যাৰ বাবে খুচৰা বিক্ৰেতা সকলে অধিক দৰত পাইকাৰী বেপাৰী সকলৰ পৰা গুটখা ক্ৰয় কৰিব লগাত প্ৰতি পেকেট গুটখাৰ মুল্য দহ টকাৰ পৰিৱৰ্তে ১২/১৫ টকা পৰ্যন্ত বিক্ৰী কৰিব লগা হৈছে। এই অঞ্চলৰ উপৰহালীস্থিত গুটখা কোম্পানী এটাৰ লগত অসাধু পাইকাৰী ব্যৱসায়ী সকলে বুজাবুজি কৰি দক্ষিণ কামৰূপত গুটখাৰ চিণ্ডিকেট আৰম্ভ কৰাৰ অভিযোগ একাংশ বিক্ৰেতাৰ।
এই গুটখাৰ মুকলি বেহাৰ উপৰি নিতৌ দামবৃদ্ধিৰ ঘটনাৰ পাছতো কিন্তু পলাশবাৰী আৰু বিজয়নগৰ আৰক্ষীৰ এই বিষয়ত কোনো গুৰুত্ব দিবলৈ আহৰি নাই। তেওঁলোক কেৱল কমিচনৰ অংকতহে ব্যস্ত থকাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে অঞ্চলটোত গুটখাৰ অত্যধিক সেৱন কৰাৰ ফলত এই অঞ্চলত নিতৌ অচিন ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বাঢ়ি যোৱাত ৰাইজৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ কাষতেও এনে গুটখাৰ বেহা বেপাৰ চলি আহিছে যদিও কাণসাৰ নাই আৰক্ষী প্ৰশাসনৰ। অৱশ্যে মাজে-সময়ে দুই এটি দল সংগঠন, নেতা-স্বয়ম্ভু পালিনেতাই এই গুটখাৰ বিৰুদ্ধে অভিযান চলাই যদিও তেওঁলোক শেষত মেনেজ হোৱাৰো খবৰ আহে। প্ৰশ্ন হয়-এনেদৰেই মানৱধ্বংসকাৰী গুটখাৰ অবাধ বেহা চলি থাকিব নেকি বিজয়নগৰ অঞ্চলটোত। এই অবাধ বেহা ৰোধ কৰিবলৈ খাদ্য আৰু স্বাস্থ্য বিভাগে এই অসাধু দুষ্টচক্ৰ পাইকাৰী ব্যৱসায়ী সকলক নাকি লগাবলৈ পৰৱৰ্তীকালত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us