সন্ধান ওলাল মহানগৰীৰ হৰিণাটোৰ...

সন্ধিয়ালৈ অখিল কলিতাক বন বিভাগৰ লোকে কাৰ্যালয়লৈ মাতি নিয়ে। ইতিমধ্যে তেওঁলোকে আটক কৰিছিল হৰিণাটোৰ ভৰি বান্ধি লৈ যোৱা লোকজনক।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  অৱশেষত সন্ধান ওলাল দেওবাৰ, ৫ অক্টোবৰ ২০২৪ ৰ পুৱা গুৱাহাটীৰ নুনমাটিৰ বন্দনা চিনেমা হলৰ চৌহদলৈ ওলাই অহা হৰিণাটোৰ। দেওবাৰ আৰু সোমবাৰৰ আগবেলালৈকে হৰিণাটোৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই বুলি অখিল কলিতা নামৰ লোক জনক বন বিভাগে জনাইছিল।

তাৰ পাছত গভীৰ দুখেৰে দুপৰীয়া ভাগত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়লৈ আহি হৰিণাটোৰ কি হ'ল খবৰ লওঁকচোন বুলি অনুৰোধ কৰিছিল প্ৰকৃতিপ্ৰেমী ব্যক্তি গৰাকীয়ে। তেওঁ দিয়া তথ্য আৰু বিভিন্ন উৎসৰ সৈতে যোগাযোগ কৰি এই সন্দৰ্ভত এটা খবৰ সবিস্তাৰে প্ৰকাশ কৰা হৈছিল অসমীয়া প্ৰতিদিন ডিজিটেলত।

এই খবৰ প্ৰকাশৰ পাছতে যেন গালৈ হুঁচ আহিল বন বিভাগৰ। সন্ধিয়ালৈ অখিল কলিতাক বন বিভাগৰ লোকে কাৰ্যালয়লৈ মাতি নিয়ে। ইতিমধ্যে তেওঁলোকে আটক কৰিছিল হৰিণাটোৰ ভৰি বান্ধি লৈ যোৱা লোকজনক।

বন বিভাগক সেই লোকজনে জানিবলৈ দিয়ে যে, হৰিণাটো তেওঁ চূণচালী পাহাৰত এৰি দিছে। অখিল কলিতাই ব্যক্তিজনক প্ৰশ্ন কৰে বন বিভাগ বা আৰক্ষীক চমজাই নিদি তেওঁ ব্যক্তিগতভাৱে এনে কৰাত নিশ্চিতভাৱে সেয়া সন্দেহৰ বিষয় হৈ পৰিছিল।

অখিল কলিতাই জানিবলৈ দিয়ে যে, বন বিভাগৰ হাতত সেই ব্যক্তিজনে চূণচালী পাহাৰত হৰিণাটো এৰি দিয়া ভিডিঅ' জমা দিছে আৰু সেই ভিডিঅ' তেওঁ নিজে প্ৰত্যক্ষ কৰিছে। বিষয়টোক লৈ সৃষ্টি হোৱা ভয় আৰু শংকা আঁতৰিল যদিও এই দিশত বন বিভাগৰ ক্ষিপ্ৰতা আৰু আৰক্ষীৰ তৎপৰতা কামনা কৰিছে অখিল কলিতাই।

হৰিণা উদ্ধাৰ