নতুন দিল্লীত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ ল'ব চিৰাঙৰ দম্পতীয়ে

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ কুমাৰশালী ভিচিডিচিৰ সভাপতি দিপছন নাৰ্জাৰী আৰু তেওঁৰ পত্নী ৮ নং গৌজনপুৰী জেৱাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী  সুখুশ্ৰী বালা ব্ৰহ্মই দেশৰ ৰাজধানী লালকিল্লাত হ'বলগীয়া  ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব

author-image
Asomiya Pratidin
New Update
84

ডিজিটেল সংবাদ, চিৰাং : কেন্দ্ৰীয় চৰকাৰৰ আমন্ত্ৰণমৰ্মে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ কুমাৰশালী ভিচিডিচিৰ সভাপতি দিপছন নাৰ্জাৰী আৰু তেওঁৰ পত্নী ৮ নং গৌজনপুৰী জেৱাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী  সুখুশ্ৰী বালা ব্ৰহ্মই দেশৰ ৰাজধানী লালকিল্লাত হ'বলগীয়া  ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।

Advertisment

কাজলগাঁওস্থিত এছ এছ বিৰ ১৫ নং বেটেলিয়নৰ এলেকাধীন তথা ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ অধীনত ১৫ আগষ্টৰ স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ বিশেষ অতিথি হিচাপে নতুন দিল্লীত যোগদান কৰিবলগীয়া বিশিষ্ট ব্যক্তি দিপছন নাৰ্জাৰী আৰু সুখুশ্ৰী বালা ব্ৰহ্মই মঙলবাৰে নতুন দিল্লী অভিমুখে ৰাওনা হৈছে। সীমান্ত অঞ্চলৰ উন্নয়ন, দেশপ্ৰেমৰ প্ৰসাৰ আৰু পিছপৰা গাঁৱৰ জনসাধাৰণক দেশৰ প্ৰগতিৰ লগত জড়িত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম। 

সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি বেটেলিয়নটোৰ কমাণ্ডেণ্ট শচীন কুমাৰে তেওঁৰ ভাষণত কয় যে স্বাধীনতা দিৱসত সজীৱ গাঁও কাৰ্যসূচীত বিশিষ্ট ব্যক্তিসকলৰ অংশগ্ৰহণে দেশৰ প্ৰতি ঐক্য আৰু নিষ্ঠাৰ মনোভাৱক প্ৰসাৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এছ এছ বিৰ ১৫ নং বেটেলিয়ন  আৰু ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ যৌথ প্ৰচেষ্টাই দেশৰ উন্নয়ন আৰু নিৰাপত্তাৰ দিশত যথেষ্ট অৰিহণা যোগাব।

chirang নতুন দিল্লী