/asomiyapratidin/media/media_files/2025/11/16/the-couple-died-after-being-burnt-alive-2025-11-16-16-29-52.jpeg)
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ মাজ-মজিয়াত সংঘটিত এক কৰুণ ঘটনা। কন্যাৰ জন্মদিন সম্পূৰ্ণৰূপে উদযাপন কৰিব নোৱাৰিলে এহাল পিতৃ-মাতৃয়ে। দুৰ্ভগীয়া পিতৃ-মাতৃহালে কন্যাৰ জন্মদিন উদযাপনৰ বাবে যি আয়োজন কৰিছিল সেয়া নিষ্ঠুৰ নিয়তিয়ে সহ্য নকৰিলে। আধৰুৱা হৈ ৰ'ল সপোনবোৰ। কন্যাৰ জন্মদিনৰ বাবে আয়োজন কৰিছিল বিধে বিধে ব্যঞ্জন। কি নাছিল তাত। আলহী-দুলহি আহিব লগে ভাগে এসাঁজ খাব , হেঁপাহেৰ উদযাপন কৰিব কন্যাৰ জন্মদিন । কিন্তু পিতৃ-মাতৃৰ এই আনন্দ যেন সহ্য নহ'ল নিয়তিৰ।
এই ঘটনা সংঘটিত হৈছে ভৰলুমুখৰ প’ষ্ট অফিচ বিল্ডিঙৰ তৃতীয় মহলাত। অকাস্মতে চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটি নিমিষতে নিশেষ হৈ যায় সকলো। ফলতে সূত্ৰপাত হৈছিল জুইৰ। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ৩খন বাহন উপস্থিত হৈছিল। এই বিস্ফোৰণৰ ইমানেই ভয়াবহ আছিল যে ৱ প্ৰায় ১০০ শতাংশ অগ্নিদগ্ধ হৈছিল দম্পতীহালৰ।
তাৰোপৰি, বহু সময় ধৰি জুই নিৰ্বাপনৰ চেষ্টা অগ্নিনিৰ্বাপক বাহিনীৰ। অগ্নিকাণ্ড দুজনকৈ লোক আহত হোৱা বুলি অগ্নি নিৰ্বাহক বাহিনীৰ লোকে জানিবলৈ দিয়ে। জীৱন্তে অগ্নিদগ্ধ হোৱা দেৱ চৌধুৰী, পম্পী চৌধুৰীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।
আনফালে,ঘৰৰ ভিতৰত আছিল পিতৃ, মাতৃ, কন্যাৰ লগতে আন বহু কেইজন লোক। ইপিনে অগ্মিকাণ্ডৰ সূত্ৰপাত হোৱা দেখি কণমানিজনীক লৈ ওলাই আহিছিল অন্য লোকসকলে। কথমপি ৰক্ষা পৰে কণমানিটি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us