/asomiyapratidin/media/media_files/2025/09/26/431-2025-09-26-08-50-37.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : বিটিচিৰ পঞ্চম সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে । বিটিচিৰ পাঁচখন জিলাত আছে ৪০ টা সমষ্টি। ইয়াৰে ভিতৰত কোকৰাঝাৰ জিলাত আছে ১২ টা সমষ্টি আৰু জিলাখনত মুঠ ১০০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
ইয়াৰে ভিতৰত ৪৩ গৰাকী কোকৰাঝাৰ মহকুমাত , ৪৮ গৰাকী গোঁসাইগাঁও মহকুমাত আৰু ১ গৰাকী পৰ্বতঝোৰাত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। জিলাখনত মুঠ ভোটাৰ আছে ৭,০০,৯৫১ জন । ইয়াৰে ভিতৰত ৫,৮১,৩৭৯গৰাকী ভোটাৰে ভোটদান কৰিছে । ভোটদানৰ হাৰ ৮২.৯৪ শতাংশ ।
কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিৰ ভিতৰত কোকৰাঝাৰ মহকুমাত ৬ টা , গোঁসাইগাঁও মহকুমাত ৫ টা আৰু পৰ্বতঝোৰা মহকুমাত আছে ১ টা সমষ্টি । আনহাতে কোকৰাঝাৰ মহকুমাত থকা ৬ টা সমষ্টিত মুঠ ভোটাৰ আছিল ৩,৫৬,৫১৯ জন আৰু ভোটদান কৰিছে ২,৯২,১৩২ জনে। ৬ টা সমষ্টিৰ মুঠ ভোটদানৰ হাৰ ৮১.৮২ শতাংশ।
কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত আৰম্ভ হৈছে কোকৰাঝাৰ মহকুমাৰ ৬ টা সমষ্টিৰ ভোটগণনা । কোকৰাঝাৰ মহকুমাৰ ৬ টা সমষ্টি হ'ল ক্ৰমে ৭ নং ফকিৰাগ্ৰাম , ৮ নং দোতমা, ৯ নং বনৰগাঁও , ১০ নং দেৱৰগাঁও , ১১ নং বাওখুংগ্ৰী আৰু ১২ নং ছালাকাটি সমষ্টি ।
ইপিনে ৭নং ফকিৰাগ্ৰামত প্ৰতিদ্বন্দিতা কৰিছে ১৪ গৰাকী প্ৰাৰ্থীয়ে , ৮ নং দোতমাত ৭ গৰাকী , ৯ নং বনৰগাঁওত ৬ গৰাকী , ১০ নং দেৱৰগাঁওত ৫ গৰাকী , ১১ নং বাওখুংগ্ৰীত ৭ গৰাকী আৰু ১২ নং ছালাকাটি সমষ্টিত ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।
কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিৰ ভিতৰত ইউপিপিএলে প্ৰাৰ্থী দিছে ১২ টাত, বিপিএফে ১২ টাত , কংগ্ৰেছে ১২ টাত , বিজেপিয়ে ৯ টাত , ভোটাৰ পাৰ্টী ইণ্টাৰনেচনেলে ১০ টাত , টিএমচিয়ে ৮ টাত, এআইইউডিএফে ৬ টাত , সমাজবাদী পাৰ্টী ৩ টাত, অগপ ২ টাত, অসম জাতীয় পৰিষদ ২ টাত আৰু জিএচপিয়ে ২ টা সমষ্টিত প্ৰাৰ্থিত্ব দিছে । আনহাতে কোকৰাঝাৰ জিলাতে আছে সৰ্বাধিক হাইপ্ৰফাইল প্ৰাৰ্থী। দোতমা সমষ্টিত ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই প্ৰতিদ্বন্দতা কৰিছে ।
দেৱৰগাঁও সমষ্টিত বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী আৰু প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । কচুগাঁও সমষ্টিত বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে প্ৰতিদ্বন্দিতা কৰিছে । একেদৰে ছালাকাটি সমষ্টিত ইউপিপিএলৰ বিধায়ক লৰেন্স ইছলাৰীয়ে প্ৰতিদ্বন্দিতা কৰিছে ।
ইফালে ইউপিপিএলৰ ছালাকাটি সমষ্টিৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে। আনহাতে ফকিৰাগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰি বিটিচিতো বিজেপিয়ে ভাল ফলাফল দেখুৱাব বুলি মন্তব্য কৰে ।