/asomiyapratidin/media/media_files/2025/09/23/413-2025-09-23-21-48-37.jpg)
ডিজিটেল ডেস্ক : অসম চাৰিগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ জন্ম- মৃত্যুৰ সংযোগ জানিলে আচৰিত নহৈ নোৱাৰি। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ। চাও আহকচোন এই চাৰিওগৰাকী অসম সন্তানৰ জন্ম আৰু মৃত্যুৰ সময়বোৰৰ কাকতলীয় সংযোগ।
ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৭ জুন ১৯০৩ চনত। আনহাতে বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল ২০ জুন ১৯৬৯ চনত। এই দুয়োগৰাকী পুৰোধাৰ এগৰাকীৰ জন্ম মাহত আনগৰাকীৰ মৃত্যু হৈছে। জ্যোতিপ্ৰসাদ আগৱৰালা জন্ম হোৱা মাহটোত মৃত্যু ঘটিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ।
একেদৰে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ৮ ছেপ্তেম্বৰ ১৯২৬চনত আৰু মৃত্যু হৈছিল ৫ নৱেম্বৰ ২০১১ত। আনহাতে জুবিন গাৰ্গৰ মৃত্যু হৈছে ১৯ ছেপ্তেম্বৰ ২০২৫ত। অৰ্থাৎ সুধাকণ্ঠৰ জন্ম মাহটোতে জুবিন গাৰ্গৰ মৃত্যু।
তাৰোপৰি জুবিন গাৰ্গৰ জন্ম হৈছিল ১৮ নৱেম্বৰ ১৯৭২চনত। সুধাকণ্ঠৰ মৃত্যু হোৱা মাহটোও আছিল নৱেম্বৰ। কাকতলীয়ভাৱে কথাটো এনেকুৱা নহয়নে ভূপেন হাজৰিকাৰ জন্ম মাহত জুবিন গাৰ্গৰ মৃত্যু। একেদৰে জুবিন গাৰ্গৰ জন্মৰ মাহটোত সুধাকণ্ঠৰ মৃত্যু।