/asomiyapratidin/media/media_files/2025/11/17/ap-web-1-2-2025-11-17-18-04-24.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই যেন সৰগ ভাগি পৰিছে কংগ্ৰেছৰ ওপৰত। এইবাৰ সমালোচনাৰ কেন্দ্ৰবিন্দু হৈছে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি। চৰকাৰ আহিল চৰকাৰ গ'ল তথাপি পূৰ্ণ নহ'ল জনজাতিকৰণৰ প্ৰতিশ্ৰুতি। সংবাদমেল যোগে জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰ প্ৰসংগত পুনৰ কংগ্ৰেছৰ ওপৰত ক্ষোভ উজাৰিলে টাইপাই।
লগতে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি বাস্তৱত পৰিণত নহ'লে ভয়ংকৰ আন্দোলনৰো হুংকাৰ দিয়ে। টাইপা সভাপতি দিগন্ত তামুলীৰ মতে, কংগ্ৰেছ চৰকাৰে নিজৰ দিনত জনজাতিকৰণৰ কথা বহুবাৰ কৈছিল যদিও, সেই সকলোবোৰ কাগজৰ পাততেই সীমাবদ্ধ হৈ ৰ'ল।
বিধানসভাত টাই-আহোমসহ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰস্তাৱ দিয়াৰ পাছতো কেনেদৰে জনজাতিকৰণ কৰা হ'ব, কোন নীতি অনুসৰণ কৰা হ'ব, সেই বিষয়ে একো স্পষ্ট বিৱৰণ দিয়া নাছিল কংগ্ৰেছ নেতৃত্বই।
ইয়াৰ বিপৰীতে, লাখ লাখ বিদেশীক অসমলৈ প্ৰৱেশৰ পথ মুকলি কৰি খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব আৰু অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাছিল কংগ্ৰেছে। দিগন্ত তামুলীৰ মতে, সেই সময়ৰ প্ৰতিশ্ৰুতি কেৱল ভোটৰ আগৰ অভিনয়হে আছিল। তাৰ ফলস্বৰূপে, "প্ৰতাৰণাৰ প্ৰত্যুত্তৰত তৰুণ গগৈৰ কংগ্ৰেছক ক্ষমতাৰ পৰা বহিস্কাৰ কৰিছিল ৰাইজে"।
বৰ্তমান বিজেপি চৰকাৰৰ ওপৰত আশাবাদী টাইপা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত জনজাতিকৰণ সম্পর্কত মন্তব্য আগবঢ়াই সমস্যাটোৰ সমাধানৰ দিশে আগবাঢ়িব লাগিব বুলিৰ আভাস দিয়া দেখা যায়।
ইয়াৰ ফলশ্রুতি বৰ্তমান বিজেপি চৰকাৰৰ ওপৰত এক ধৰণৰ আস্থা ৰাখিছে টাইপাই। মুখ্যমন্ত্ৰীৰ ভাষ্যক সমৰ্থন কৰি টাইপাৰ স্পষ্ট ঘোষণা মুছলমানৰ নেতৃত্ব ৰাজনৈতিক ক্ষমতাৰ পৰা দুৰ্বল কৰিবলৈ হ'লে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক চৰকাৰে।
টাইপাৰ মতে, ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিলে ভাৰতীয় সংবিধানৰ আৰ্হিৰ ভিতৰত খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ আৰু ভবিষ্যৎ অধিক সুৰক্ষিত হ'ব। জনজাতিকৰণ কোনো দলীয় ৰাজনীতিৰ বিষয় নহয়, ই অসমীয়াৰ অস্তিত্ব আৰু পৰিচয়ৰ সৈতে জড়িত। ইয়াৰোপৰি জনজাতিকৰণৰ বিষয়ত ছয় জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰা সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰো ঘোষণা কৰে টাইপাই।
শেষত টাইপাৰ হুংকাৰ চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰি অসমীয়া সমাজৰ বহুদিনৰ আশা পূৰণ কৰক; নহ'লে আগন্তুক সময়ত ৰাইজৰ প্ৰতিক্ৰিয়াই ৰাজনৈতিক সমীকৰণ পৰিবর্তন কৰি তুলিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us