/asomiyapratidin/media/media_files/2025/10/30/85-2025-10-30-20-56-34.jpg)
ডিজিটেল সংবাদ, মানকাচৰ : মানকাচৰত কংগ্ৰেছৰ এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যই ভুৱা হায়াৰ চেকেণ্ডাৰী উত্তীৰ্ণ চাৰ্টিফিকেটেৰে নিৰ্বাচনত জয়লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে। গোটাবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য মামুন শ্বাহ ভুৱা নথি পত্ৰ দাখিল কৰিছিল নিৰ্বাচনী বিষয়াক।
উল্লেখযোগ্য যে, ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত মানকাচৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট দাবীদাৰ ছালাম শ্বাহৰ পুত্ৰ মামুন শ্বাহ। মামুন শ্বাহ ফেকামাৰী আঞ্চলিক পাঞ্চায়তৰ সভাপতি পদৰ দাবীদাৰ। অহা ১ নৱেম্বৰত ফেকামাৰী আঞ্চলিক পঞ্চায়ত গঠনৰ বাবে জিলা প্ৰশাসনে সময় নিৰ্ধাৰণ কৰিছে। ইয়াৰ মাজতে মামুন শ্বাহৰ ভুৱা নথি পত্ৰ পোহৰলৈ আহিছে।
প্ৰণিধানযোগ্য যে, শান্তিপূৰ্ণভাৱে পঞ্চায়ত নিৰ্বাচনৰ পাচত ২১ জুলাইত ফেকামাৰী আঞ্চলিক পঞ্চায়ত দ্বিতীয় সভাৰ জৰিয়তে গঠন কৰা হৈছিল। ফুলেৰচৰ গাঁও পঞ্চায়তৰ আব্দুল মোন্নাফ শেখ কংগ্ৰেছৰ পৰা সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। মানুনি শ্বাহ সহ ৮ সদস্য উক্ত সভাত উপস্থিত নাথাকি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু ন্যায়ালয়ে ফেকামাৰী আঞ্চলিক পঞ্চায়ত নতুনকৈ গঠন কৰিব দিছিল।
ইতিমধ্যে এই ঘটনা পোহৰলৈ অহাৰ পাছতে জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে আব্দুল মোন্নাফ শেখে। কিছু সময় পাচত আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ দিয়া হ’ব বুলি আব্দুল মোন্নাফ শেখে জানিবলৈ দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us