/asomiyapratidin/media/media_files/2025/08/27/197-2025-08-27-23-29-18.jpg)
ডিজিটেল সংবাদ, নগাঁও : গুৱাহাটী আৰু মিচাৰ কাৰাটে প্ৰতিযোগিতাত বিভিন্ন শাখাত পদক লাভ কৰা শিশুসকলক একোটিকৈ কলম আৰু একোখনকৈ গামোচাৰে অভিনন্দন জ্ঞাপন কৰা হয়। ২৬আগষ্টৰ আবেলি ৪-১৫ বজাত নীলমণি বৰাৰ দেওধৰস্থিত অদ্ধাংগিনী মাল্টিপাৰপোজ হলত ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উচ্চবৰ্গৰ সহায়ক,জ্যেষ্ঠ ৰেফ্ৰী কমল চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত এই অভিনন্দন অনুষ্ঠান নিয়াৰিকৈ আৰু মইনা সকললৈ লক্ষ্য ৰাখি এঘণ্টাতে সমাপ্তি কৰা হয়।
অভিনন্দন জনোঁৱা বিভিন্ন পদকপ্ৰাপ্ত শিশুসকল হৈছে অংকুৰ অৰ্ণৱ বৰা,জ্যোতিৰ্ময় তামুলী,ত্ৰিদিশা বৰা নিষ্ঠা কলিতা যদুমণি দাস কুণ্ডন শৰ্মা অংশুমান বৰা ঋতুবিকাশ বৰা দীক্ষিত বৰা শ্বাশ্বতী তামুলী হৃতিকা শইকীয়া আৰু দীপজ্যোতি বৰা।
তেওঁলোকক দুআষাৰ কৈ উৎসাহিত কৰিবলৈ মঞ্চত আসন শুৱনি কৰে বিবাহভৱনৰ স্বত্বাধিকাৰ নীলমণি বৰা,অভিজিৎ মেধি,কুলেন বৰা দেওধৰ পঞ্চায়তৰ সভাপতি ৰক্তিমজ্যোতি বৰা, সঞ্জয় তামুলী,জিলা পৰিষদৰ সদস্য অৰ্ণৱ দাস,কাৰাটে একাডেমীৰ প্ৰশিক্ষক অংকুৰ দাস,প্ৰতিদিনটাইমৰ সাংবাদিক অসীম ছেত্ৰী।সকলোকে একাডেমীৰ ফালৰ পৰা আদৰণী জনোৱা হয়।
যতীন সূতে বক্তব্যত কয়- এতিয়া আৰু খেল ধেমালি হৈ থকা নাই। ই স্বাস্থ্যৰক্ষা নিজক উধোৱা আৰু এক কেৰিয়াৰ হৈ পৰিল।আজিকালিৰ পৰিবেশত কেৰাটে আত্মৰক্ষাৰো মাধ্যম।
সমাজ সেৱক কুলেন বৰাই তেওঁৰ ভাষণত কয় যে আজিকালি "ছাত্ৰানাং অধ্যয়নং তপঃ" বুলি সোমাই থাকিলেই নহ'ব। ইয়াৰ লগে লগে স্বাস্থ্যৰক্ষা কেৰিয়াৰ গঢ়া আদিৰ বাবে ক্ৰীড়াতো মনোনিবেশ কৰিব পাৰিল ভাল।
জিলা পৰিষদৰ সদস্য অৰ্ণৱ দাসে পদক পোৱা সকলক অভিনন্দন জনোৱাৰ লগতে নোপোৱা সকলক মন নাভাঙিবলৈ অনুৰুধ জনায়। লগতে কয় হাৰি হাৰি জিকাটোহে আচল জিকা আৰু সম্ভৱস্থলত একাডেমিক সহায় কৰি যাম।
অভিভাৱকৰ দুআষাৰত নীহাৰিকা গগৈয়ে আজিৰ অনুষ্ঠানটো হ'বলৈ এই হলটো দিয়াৰ বাবে নীলমণি বৰাৰ শলাগ লয় আৰু অৰ্চনা তামুলীয়ে এটি স্থায়ী প্ৰশিক্ষণাগাৰৰ বাবে মাটি এডোখৰৰ বাবে দুয়োজন প্ৰতিনিধিক অনুৰোধ জনায়। সভাৰ শেষলৈ সভাপতিৰ বক্তব্যত সভাপতিয়ে এই কেৰাটেৰ চিন্তাটো দেওধৰলৈ বোৱাই অনাৰ বাবে পপী বৰাৰ শলাগ লয় আৰু কয়- আমি গাৰ কাষৰ অধ্যাপকজনতকৈ মাৰাডোনা হিমা দাস ভোগেশ্বৰ বৰুৱা আদিৰ নাম কিয় বেছিকৈ জানোঁ মইনাসকলে অভিভাৱকৰ পৰা জানি ল'ব।
এই সভাতেই প্ৰশিক্ষক অংকুৰ দাসক শেহতীয়া আশীকেজিৰ প্ৰতিযোগিতা এখনত সোণৰ পদক পোৱা বাবে অভিনন্দন জনোৱা হয় আৰু জাতীয় সংগীত পৰিবেশনেৰে সভাৰ সামৰণি মৰা হয়।