দ্য কনক্লেভ ২০২৫ : ' উত্তৰ পূৰ্বাঞ্চলৰ বান, নদী বান্ধ আৰু শক্তিৰ ৰাজনীতি ' শীৰ্ষক বিষয়ত আলোকপাত

দেওবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা এই কনক্লেভ ২০২৫ৰ ষষ্ঠ আলোচনা সত্ৰৰ বিষয় হৈছে- ' উত্তৰ পূৰ্বাঞ্চলৰ বান, নদী বান্ধ আৰু শক্তিৰ ৰাজনীতি। ' এই বিশেষ আলোচনা সত্ৰখনিত আলোচক হিচাপে অংশ লয় তিনিগৰাকী বিশেষজ্ঞ আলোচকে।

author-image
Asomiya Pratidin
New Update
Session 6

Session 6 : Floods, Dams and Power Politics in NE India Photograph: (The Conclave 2025 by Pratidin media network)

ডিজিটেল ডেস্ক : প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ উদ্যোগত দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হৈছে দ্য কনক্লেভ ২০২৫ শীৰ্ষক আলোচনা চক্ৰৰ। দ্য অশোকত অনুষ্ঠিত হোৱা এই আলোচনাচক্ৰখনিত উত্তৰ- পূবৰ সাহিত্য, সংস্কৃতি, ৰাজনীতি, সমাজ, সভ্যতা, ক্ৰীড়া আদি প্ৰায়বোৰ দিশ সামৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আলোচনা কৰা হৈছে। 

১৪ ছেপ্তেম্বৰ ২০২৫ দেওবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা এই কনক্লেভ ২০২৫ৰ ষষ্ঠ আলোচনা সত্ৰৰ বিষয় হৈছে- ' উত্তৰ পূৰ্বাঞ্চলৰ বান, নদী বান্ধ আৰু শক্তিৰ ৰাজনীতি। ' এই বিশেষ আলোচনা সত্ৰখনিত আলোচক হিচাপে অংশ লয় তিনিগৰাকী বিশেষজ্ঞ আলোচকে।   

Session 6
Session 6 : Floods, Dams and Power Politics in NE India

তেওঁলোক হৈছে- অধিবক্তা তুলাৰাম গগৈ, বিশিষ্ট ভূতত্ত্ববিদ ভগৱত প্ৰাণ দুৱাৰা আৰু নীপকোৰ প্ৰাক্তন কাৰ্যকৰী সঞ্চালক তৰুণ চন্দ্ৰ বৰগোঁহাই। প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতীম কুমাৰ আঁত ধৰা এই আলোচনা সত্ৰখনিত বিষয়বস্তু সম্পৰ্ক আটাইকেগৰাকী বিশেষজ্ঞ আলোচকে নিজ নিজ মত সাৱলীলভাৱে দাঙি ধৰে। 

বিশিষ্ট ভূতত্ত্ববিদ ভগৱত প্ৰাণ দুৱৰা : অসমৰ যি ভৌগলিক অৱস্থান সেই অৱস্থানৰ বাবেই অসমত বানপানী হয়। অতীতৰে পৰা অসমত বানপানী হৈ আহিছিল। 

১৯৫০ চনৰ বৰভূঁইকপৰ ফলত অৰুণাচলৰ পাহাৰৰ যি গাঁঠনি আছিল, শিলৰ তৰপ আছিল সেয়া যথেষ্ট ঢিলা হৈ পৰিল আৰু সেইবোৰ উটি-ভাঁহি আহি সেইবোৰ ব্ৰহ্মপুত্ৰত পৰিল। ফলত ব্ৰহ্মপুত্ৰ কেইবামিটাৰো বাম হৈ পৰিল। 

তেওঁ আৰু কয়- ১৯৫৪ চনত অসম, বিহাৰ, উত্তৰ প্ৰদেশত বান পানীৰ যথেষ্ট প্ৰভাৱ পৰাৰ সময়তে ৰাষ্ট্ৰীয় বান আয়োগ গঠন কৰিছিল। সেই আয়োগেই বান নিয়ন্ত্ৰণৰ বাবে তিনিটা পৰিকল্পনা কৰিছিল। 

তাৰ ভিতৰত আছিল তাৎক্ষণিক, হ্ৰস্বম্যাদী ব্যৱস্থা আৰু দীৰ্ঘকালীন ব্যৱস্থা। তাৰ ফলতেই অসমত মথাউৰি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। মথাউৰি নিৰ্মাণ তেতিয়া আছিল কেৱল অস্থায়ী ব্যৱস্থা। কিন্তু এতিয়াও অসমত মুখ্য বান নিয়ন্ত্ৰণ ব্যৱস্থাটোৱেই হৈ থাকিল মাথউৰি নিৰ্মাণ।

Session 6

নীপকোৰ প্ৰাক্তন কাৰ্যকৰী সঞ্চালক তৰুণ চন্দ্ৰ বৰগোঁহাই :  অসমখন চৰুৰ দৰে এটা অঞ্চলত আছে। ফলত হিমালয়ৰ গেদসমূহ অসমলৈ নামি আহিয়েই আছে। উন্নয়নৰ নামত নদী বেল্ট ধ্বংস কৰি দিয়া হৈছে। ডাৱৰ বিস্ফোৰণৰ দৰে প্ৰাকৃতিক ঘটনাবোৰো আছেই। 

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চালে দেখিব আজিৰ পৰা প্ৰায় ৫৫ বছৰ আগতেই ৩ ৰ পৰা ৫ মিটাৰ ওখ কৰি নিৰ্মাণ কৰিছিল। কিন্তু এতিয়া নদীৰ পথৰ ওপৰলৈ উঠিছে।

বান আহিলে যাতে নদীৰ দুয়োকাষে বৈ যায়, তাৰ বাবে মুকলি ৰাখিব লাগিব। কিন্তু আমি কি কৰিছো ? এইদৰে ভেটা দি হিমালয়ৰ সৈতে আমি কিমান প্ৰতিযোগিতা কৰি থাকিম ? আমাৰ পৰিকল্পনাত বহু বিজুতি আছে।

নদীবান্ধৰ ক্ষেত্ৰত দিল্লীৰ পৰা কিছুমান নক্সা তৈয়াৰ কৰি দিয়ে আৰু সেই মতেই কাম কৰে। কিন্তু আমাৰ ইয়াত কিছুমান বিষয় আছে যিবোৰ অঞ্চল বিশেষে বেলেগ । ভাৰতত শ শ বান্ধ বনোৱা হৈছে। ভাক্ৰা বান্ধ, বৰাপানী বান্ধ সুৰক্ষিত হৈ আছে কাৰণ সেয়া শক্তিশালী । কিন্তু অৰুণাচলৰ বান্ধ তাৰ সৈতে একে নহয় । 

Session 6


বিশিষ্ট অধিবক্তা তথা সমাজকৰ্মী তুলাৰাম গগৈ : নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ নামনি অঞ্চলত থকা লোকসকলৰ জীৱন, জীৱিকা, সভ্যতা, সংস্কৃতি কিদৰে ৰক্ষা পৰিব সেই বিষয়ে চৰ্চাৰ মাজতেই বহু কথা উন্মোচিত হৈছিল আৰু ২০০৩ চনৰ পৰা তীব্ৰ আন্দোলন হয়। 

২০১৬ চনত আমি ন্যায়ালয়লৈ আহিবলগীয়া হয় । ন্যায়ালয়ৰ যুদ্ধ এতিয়াও অব্যাহত আছে । মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে পাচিঘাটত নদীবান্ধৰ বিৰুদ্ধ কৈ আহিছিল । আমি বহু ভাল পাইছিলো । তাৰ আগতে বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী সেই সময়ৰ দলটোৰ সভাপতি ৰাজনাথ সিঙে ২০০৯ চনত তেখেতৰ নেতৃত্বতে আমি গেৰুকামুখত প্ৰতিবাদ কৰিছিলো । 

Session 6

আমি জনামতে পৃথিৱীত এটাই নদীবান্ধ আছে যাৰ ১৭ খন এক্সপাৰ্ট কমিটী হৈছে । এই ১৭ খন কমিটীয়ে ইয়াৰ সমস্যাৰ সমাধান কৰিব পৰা নাই । শেহতীয়াকৈ লোকসভাত এই নদীবান্ধক বিপদজনক অৱস্থাত থকা বুলিয়েই উল্লেখ কৰিছে বুলি মত প্ৰকাশ কৰে ।

প্ৰতিদিন টাইম প্ৰতিদিন মিডিয়া নেটৱৰ্ক অসমীয়া প্ৰতিদিন কনক্লেভ ২০২৫