/asomiyapratidin/media/media_files/2025/09/15/ap-web-dilip-2025-09-15-18-41-25.jpg)
ডিজিটেল ডেস্ক : প্ৰতিদিন মিডিয়া নেটৱৰ্কে দেশৰ ৰাজধানী নতুন দিল্লীত আয়োজন কৰিছে দ্য কনক্লেভ ২০২৫ শীৰ্ষক আলোচনাচক্ৰৰ। দ্য অশোকত দুদিনীয়াকৈ আয়োজিত এই আলোচনা চক্ৰৰ কেইবাখনো সত্ৰত উত্তৰ- পূবৰ সাহিত্য- সংস্কৃতি, সভ্যতা, ক্ৰীড়া, ৰাজনীতি, অৰ্থনীতি, সমাজ ইত্যাদি বিভিন্ন বিষয়ত পুংখানুপুংখকৈ আলোচনা কৰা হৈছে।
দ্য কনক্লেভ ২০২৫ৰ প্ৰতিখন আলোচনা সত্ৰতে বিভিন্ন বিষয়ৰ বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰা সূক্ষ্ম সূক্ষ্মকৈ আলোচনা কৰা হৈছে । ১৫ ছেপ্তেম্বৰ ২০২৫ সোমবাৰে দ্য কনক্লেভ- ২০২৫ৰ দ্বিতীয়টো দিনৰ দ্বাদশ আলোচনাসত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰে মুকলি আলোচনা কৰা হয় । আলোচনা সত্ৰৰ আঁত ধৰে 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই ।
আজিৰ এই মুকলি আলোচনাত ভাগ লৈ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই বহুকেইটা গুৰুত্বপূৰ্ণ কথা অতি স্পষ্টভাৱে কয়। সাম্প্ৰতিক সময়ৰ ৰাজনীতি আৰু ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ সম্পৰ্কত সাংসদগৰাকীয়ে কয় যে, বিজেপি চৰকাৰৰ দিনতেই ১০ হাজাৰতকৈ অধিক উগ্ৰপন্থী সংগঠনৰ নেতা মূল সূঁতিলৈ উভতি আহিছে। বুলেটৰ সলনি বেলটলৈকে আস্থা ব্যক্ত কৰিছে। একেদৰে ডেৰ লাখ যুৱক-যুৱতীক বিজেপি চৰকাৰে চাকৰি দিয়াৰ কথাও তেওঁ উল্লেখ কৰে।
আজিৰ এই মুকলি আলোচনাত হিমন্ত বিশ্ব শৰ্মাৰ পাছত দিলীপ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত সাংসদ শইকীয়াই কয়- 'অসমৰ জনতাইহে ক'ব পাৰিব মই মুখ্যমন্ত্ৰী হ'ম নে নাই, সেই কথা মই ক'ব নোৱাৰো।'
কনক্লেভৰ মঞ্চত দিলীপ শইকীয়াৰ মন্তব্য :
• ২০০৩ ৰ পৰা ২০২০ লৈ বিটিচিত বি পি এফে চৰকাৰ চলালে। তাৰ পাছৰ পৰা ইউ পি পি এলে চৰকাৰ চলালে আৰু বিজেপিয়ে তেওঁলোকৰ সহযোগত ৩৫ লাখ বিটিআৰবাসীৰ সেৱা কৰিলো।
• ২০১৫য়ে হওঁক বা ২০২০ত কোনো এটাই নিৰ্বাচনত আমি কাৰো সৈতে মিত্ৰতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই। ২০১৫ত এখন আৰু ২০২০ ত ৯ খন আসন লাভ কৰিছিলো।
• ২০২০ চনত বি টি আৰ শান্তি চুক্তিৰ জৰিয়তে অঞ্চলটোৰ উন্নয়নৰ পেকেজ ১৫ কোটিৰ পৰা বৃদ্ধি কৰি ২০ হাজাৰ কোটি টকা দিয়াৰ সিদ্ধান্ত ল’লো।
• আমি এইবাৰ ৩০ খন আসনত প্ৰতিদ্বন্দিতা কৰিছো। ইয়াৰে ২১ খন সংৰক্ষিত আসনত আমি প্ৰাৰ্থিত্ব দিছো। ৰাইজেও আমাৰ প্ৰতি ভাল সঁহাৰি দিছে।
• ৰাইজে বুজি পাইছে যদি ত্ৰিপল ইঞ্জিনৰ চৰকাৰ হ’লে উন্নয়নৰ যাত্ৰা অধিক বৃদ্ধি হ'ব। সেয়ে যোৱা বাৰতকৈ বহু বেছি আসন লাভ কৰিম বুলি আশা কৰিছো।
• ২২ ছেপ্তেম্বৰৰ ভোটগ্ৰহণৰ আগনিশা ২১ ছেপ্তেম্বৰলৈ আমি বাট চাব লাগিব। তেতিয়াহে আমি বি টি আৰত কিমান আসন লাভ কৰিম সেই বিষয়ে ক’ব পাৰিম। কিন্তু এইবাৰ অভাৱনীয় এক সফলতা লাভ কৰিম বুলি আশা কৰিছো। বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰ হ’ব বুলি এটা ধাৰণা গঢ় লৈ উঠিছে।
• লোকসভাৰ নিৰ্বাচনৰ সময়তো মোক এটা সংগঠনে বৰ্জন কৰিছিল। তাৰ পিছত আকৌ মিলি গ’লো। মিলাব লাগে, মিলি যাব লাগে। সমন্বয়ৰ মাজেৰে থাকিব লাগে।
• আমি বি টি আৰত বড়ো, অবড়ো ধাৰণা শেষ কৰিব বিচাৰিছো।
• অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়,- ইয়াৰ উত্তৰৰ বাবে কিছু বছৰ অপেক্ষা কৰিব লাগিব। অসমৰ জনসাধাৰণে এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব।
• এতিয়া অসমৰ জনপ্ৰিয়, কৰ্মদক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কিছু বছৰলৈকে অসমৰ মুখ্যমন্ত্ৰী হৈ থকাটো নিশ্চিত। এই বিষয়ে সেয়ে আৰু কথা নাপাতো।
• যোৱা সময়ত ১০ হাজাৰতকৈ অধিক উগ্ৰবাদী কেডাৰ মূল সুঁতিলৈ ঘূৰি আহিছে। বুলেটৰ পৰা বেলেটক তেওঁলোকে বিশ্বাস কৰিছে।
• অসমখনত আমি শান্তিৰ বাতাৱৰণ কৰি প্ৰগতিৰ দিশত যাত্ৰা কৰিবলৈ চেষ্টা কৰো।
• যুৱ প্ৰজন্মই হতাশাত ভুগিছিল, নিৰাশাত ভুগিছিল। এপিএছচিৰ ইণ্টাৰভিউ দিয়ে চাকৰি নাপায়। ৰাকেশ পালক অধ্যক্ষ কোনে পাতিছিল অসমৰ ৰাইজে জানে।
• এতিয়া যুৱ প্ৰজন্মৰ মানসিকতা সলনি হৈছে। ৰাজ্য চৰকাৰে যোগ্যতাৰ আধাৰত চাকৰি দিছে।
• আমি ডেৰ লাখ ল’ৰা-ছোৱালীক চাকৰি দিলো। আমি লক্ষ্য লৈছো দুই লাখ যুৱক-যুৱতীক কেৱল চাকৰিয়েই নহয়, সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে।
• এতিয়া সংবাদ মাধ্যমৰো মানসিকতা সলনি হৈছে। এতিয়া সংবাদ মাধ্যমৰ ক্ষেত্ৰতো যোগাত্মক চিন্তা দেখিবলৈ পোৱা গৈছে। পূৰ্বে হয়তো এফালে, নহয়তো সিফালে তেওঁলোকৰ ভূমিকা আছিল।
• আজি ছেমিকণ্ডাক্টৰৰ দৰে প্ৰকল্প অসমলৈ আহিছে। ২৭ লাখ যুৱক-যুৱতীয়ে প্ৰত্যক্ষ,পৰোক্ষভাৱে সংস্থাপন লাভ কৰিব। এয়া হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাৰ ফলতে সম্ভৱপৰ হৈ উঠিছে।
• আমি কেৱল হিন্দু, মুছলমানৰ ৰাজনীতি কৰা নাই। খিলঞ্জীয়া মুছলমানো অসমীয়া। অসমীয়া খিলঞ্জীয়া হিন্দু, খিলঞ্জীয়া মুছলমানৰ অধিকাৰৰ বাবে আমি কাম কৰিম। খ্ৰীষ্টান, বৌদ্ধ, জৈন ৰাষ্ট্ৰীয়তাবাদীৰ পক্ষতো আমি আছো। তেওঁলোকক গ্ৰহণ কৰিবলৈ আমি আগ্ৰহী।
• বিদেশী কোন, স্বদেশী কোন আৰু অসমৰ শত্ৰু কোন আৰু মিত্ৰ কোন সেয়া অসমৰ মানুহে প্ৰথমে স্থিৰ কৰিব লাগিব।
• ১৯৭১ চনৰ অসমৰ লোক পিয়ল অনুসৰি ১৯৬১ ৰ পৰা ১৯৭১ লৈ মুছলমান অনুপ্ৰেৱশকাৰীৰ সংখ্যা ৩৪.৯৮ শতাংশ বৃদ্ধি পাইছিল।
• কংগ্ৰেছ দলে এইসকলক সকলো সুবিধা দি অসমক ভয়ংকৰ বিপদৰ মুখলৈ ঠেলি দিলে। সেয়ে ৫৫/৫৬ বছৰ ধৰি কংগ্ৰেছ দলে যি তুষ্টিকৰণৰ ৰাজনীতি কৰিলে তাৰ বাবে তেওঁলোকক প্ৰশ্ন কৰিব লাগে।
• বিদেশী খেদা কোনো ৰাজনৈতিক দলৰো ইছ্যু হ’ব নালাগে। আমি এই সমস্যা সমাধানৰ বাবে এখোজ আগবঢ়াইছো। প্ৰথমে লাভ জেহাড, তাৰ পিছত লেণ্ড জেহাদ আৰু এতিয়া ভোট জেহাদ আৰম্ভ হৈছে। এইবোৰ চৰ্চা হ’ব লাগে। যদিহে এই জেহাদবোৰ মিছা তেন্তে মিছা বুলিয়েই কওঁক।
• ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত নীতিগতৰ উপৰিও কাৰিকৰীভাৱেও কিছু সমস্যা আছে। বিভিন্ন সংগঠনে উচ্চতম ন্যায়ালয়ত গোচৰ তৰি থৈছে।
• ভাৰতৰ সংবিধানে কৈছে ৫১ শতাংশৰ ওপৰত সংৰক্ষণ দিব নোৱাৰে। কিন্তু এই জনগোষ্ঠীসকলক জনজাতিকৰণ দিলে যিসকলে সংৰক্ষণ লাভ কৰি আছে তাত প্ৰভাৱ পৰিব।
• দুই, তিনিটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া প্ৰায় শেষ পৰ্যায়ত আছে। দুটা ডাঙৰ জনগোষ্ঠীৰ ক্ষেত্ৰত আলোচনা চলি আছে।
• জনজাতিকৰণ বিচাৰি থকা এটা জনগোষ্ঠীৰ নিজৰ মাজতে ভাগ হৈ আছে। এটা ভাগে জনজাতিৰ মৰ্যাদা বিচাৰে আনটোৱে কিয় পাব লাগে বুলি প্ৰশ্ন কৰি আছে।
• দীঘলীয়া সময়লৈ বিজেপি চৰকাৰত থাকিব।
• আমি গৌৰৱ গগৈ আৰু শক্তিশালী হওঁক বুলি বিচাৰিছো। ধুবুৰী, বৰপেটাৰ এটা অংশ, গোৱালপাৰা, মঙলদৈৰ এটা অংশত গৌৰৱ গগৈ আৰু শক্তিশালী হওঁক।
• যোৰহাট লোকসভা সমষ্টিৰ ৪০ টা জিলা পৰিষদৰ সমষ্টিত বিজেপি জয়ী হৈছে।
• এতিয়া এছ আই টিৰ প্ৰতিবেদন আহিছ, এই কথাবোৰ চলি আছে তেওঁৰ আৰু বিপদত পৰিব।
• ১০ ছেপ্তেম্বৰত গৌৰৱ গগৈয়ে যি বিহু নাছিচিল মোৰ বৰ ভাল লাগিছিল।
এনেদৰে প্ৰতিটো প্ৰশ্ন উত্তৰ অতি সাৱলীলভাৱে দিয়ে সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।