/asomiyapratidin/media/media_files/2025/09/15/the-conclave-2025-2025-09-15-17-32-51.jpg)
ডিজিটেল ডেস্ক : প্ৰতিদিন মিডিয়া নেটৱৰ্কে দেশৰ ৰাজধানী নতুন দিল্লীত আয়োজন কৰিছে দ্য কনক্লেভ ২০২৫ শীৰ্ষক আলোচনা চক্ৰৰ। দ্য অশোকত দুদিনীয়াকৈ আয়োজিত এই আলোচনা চক্ৰৰ কেইবাখনো সত্ৰত উত্তৰ- পূবৰ সাহিত্য- সংস্কৃতি, সভ্যতা, ক্ৰীড়া, ৰাজনীতি, অৰ্থনীতি, সমাজ ইত্যাদি বিভিন্ন বিষয়ত পুংখানুপুংখকৈ আলোচনা কৰা হৈছে।
দ্য কনক্লেভ ২০২৫ৰ প্ৰতিখন আলোচনা সত্ৰতে বিভিন্ন বিষয়ৰ বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰা সূক্ষ্ম সূক্ষ্মকৈ আলোচনা কৰা হৈছে । ১৫ ছেপ্তেম্বৰ ২০২৫ সোমবাৰে দ্য কনক্লেভ- ২০২৫ৰ দ্বিতীয়টো দিনৰ একাদশ আলোচনা সত্ৰৰ বিষয় হৈছে- '' নতুনৰ দৃষ্টিৰে অসম।''
উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে কনক্লেভ ২০২৫ত যুৱ প্ৰজন্মৰ মনৰ কথা কোৱাৰ এক সুযোগ দিয়াৰ বাবে এখন মঞ্চ দিছে। আলোচনা সত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে জে এন ইউৰ গৱেষক শুভাংশু প্ৰতিম শৰ্মা , কৃষ্ণালী পাঠক , গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদিব ভাগৱতী আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ অভিনৱ বৰগোহাঁই। অনুষ্ঠানটিৰ আঁত ধৰে 'প্ৰতিদিন টাইম'ৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাই।
আলোচনা সত্ৰত পোনতে গৱেষক ছাত্ৰ ত্ৰিদিব ভাগতীয়ে কয়- যুৱ প্ৰজন্মৰ দৃষ্টিৰে অসম। এই বিষটোত আলোচনা কৰিবলৈ পাই মোৰ সঁচাকৈয়ে ভাল লাগিছে। যুৱ প্ৰজন্ম বুলি ক’লে যেতিয়া তাৰ লগত ‘অসম’ শব্দটো লগ লাগে মোৰ এগৰাকী ব্যক্তিলৈ মনত পৰে। যিগৰাকী ব্যক্তিৰ ওপৰতে মই এতিয়া গৱেষণা কৰি আছো। তেওঁ হৈছে – অম্বিকাগিৰি ৰায়চৌধুৰী।
অম্বিকাগিৰি ৰায়চৌধুৰীয়ে এটা কবিতা লিখিছিল। কবিতাটো হৈছে- যাক ডেকা তেজ/ যাক আজি যাক/ আগ্নেয়গিৰি উগাৰি যাক/ এলাহৰ গাঁঠি ভাগি গুড়ি কৰি / কৰ্মৰ ধাৰৰে ধৰণি ঢাক...।
আলোচনাত তেওঁ কয়- আমি ৰাজনৈতিক কথাবোৰ ইমান পাতি থাকো। ৰাজনৈতিক জাতীয়তাবাদ, ৰাজনৈতিক চিন্তা, দিশপুৰত কোন বহিব, দিল্লীলৈ কোন আহিব। এই আটাইবোৰ কথা আমি ইনাম পাতি থাকো, পাতি আছো। কিন্তু তাৰ মাজত যেতিয়া যুৱ প্ৰজন্মৰ দৃষ্টিৰে অসমখন চাও, তেতিয়া এটা বস্তু বিচাৰি পাও- যে অসমৰ যুৱ প্ৰজন্মই এতিয়া ৰাজনৈতিক কথা পতাৰ সমান্তৰালকৈ অৰ্থনৈতিক কথা পাতি চাইছো। যিটো জাতীয়তাবাদী আন্দোলনৰ সূচনা অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৰিব বিচাৰিছিল। অসমৰ জাতীয়তাবাদ ৰাজনৈতিক কথা থাকিব। সমান্তৰালভাৱে অৰ্থনৈতিক কথাও থাকিব বুলি মন্তব্য কৰে।
আলোচক ভাগৱতীয়ে লগতে অম্বিকাগিৰি ৰায়চৌধুৰীৰ অৰুণ প্ৰেছৰ কথাও উল্লেখ কৰে আজিৰ আলোচনাত। কেনেদৰে কবিগৰাকীয়ে নিজে চিঞাহী প্ৰস্তুত কৰিছিল সেই সম্পৰ্কতো বিস্তৃতভাৱে উল্লেখ কৰে গৱেষক ছাত্ৰ তথা আলোচক ত্ৰিদিব ভাগৱতীয়ে।
‘অসমৰ মুখ্যমন্ত্ৰীয়ে হিন্দু-মুছলমানৰ ৰাজনীতি কৰিলেও অসমীয়া মানুহৰ মনত হিন্দু-মুছলমান মানে মানুহেই। 'অসম মানেই অসমৰ মুখ্যমন্ত্ৰী নহয় অসম মানে কাজিৰঙা, শংকৰদেৱৰ সংস্কৃতি, মা-কামাখ্যা, বিহু , বাগুৰুম্বা ইত্যাদি। ’চৰকাৰী পক্ষই সমাজত বিভাজনৰ বাবে যিমানেই চেষ্টা নকৰক কিয়, অসমৰ যুৱ প্ৰজন্ম অসমৰ উন্নতিৰ বাবে ঐক্যবদ্ধ হৈ আছে বুলি ভাগৱতীয়ে মন্তব্য কৰে।
আনগৰাকী আলোচক কৃষ্ণালী পাঠকে কয়- ’আমি ৰাজ্যৰ বাহিৰত থাকিলেও আমাৰ সংস্কৃতিৰ বাহক হিচাপে কাম কৰোঁ, য’লৈকে যাওঁ অসমীয়াত্বক লগত লৈ যাওঁ।‘’ অসমৰ পৰা দিল্লীলৈ যেতিয়া আহিছিলো তেতিয়া বহু আশা লৈ আহিছিলো।
আমি যেতিয়া অসমৰ ছাত্ৰ- ছাত্ৰীখিনি লগ হওঁ তেতিয়া আমি সদায় এটা কথা পাতো যে আমিনো অসমক কি ঘূৰাই দিম। আমি দিল্লীত থাকিলেও আমাৰ শিপা সদায় মাটিতেই আছে। আমি যতেই নাথাকিলে আমাৰ উদ্দেশ্য কিন্তু এটাই। আমি অসমক কিবা এটা দিব লাগিহ ঘূৰাই। যোগাত্মক চিন্তাৰে আমি আগুৱাই যাব লাগিব। এখন সেঁতুৰ দৰে আমি আগুৱাই যাব লাগিব বুলি কৃষ্ণালী পাঠকে মন্তব্য কৰে।
একেদৰে আন এগৰাকী আলোচক তথা জে এন ইউৰ গৱেষক ছাত্ৰ শুভাংশু প্ৰতিম শৰ্মাই প্ৰতিদিন গোষ্ঠীক ধন্যবাদ জনাই কয়- আমাৰ ভাষাটো বহু সংকটত আছে। আমাৰ ভাষাটোৰ যি কালিকা লাগিব ধৰিছে তাকলৈ চিন্তিত হওঁ। ধৰ্মীয় মৌলবাদ, জাতি- জনগোষ্ঠীৰ মাজত যি বিভেদ এইবোৰ কথাই মনত আঘাত দিয়ে। ‘’আমাৰ যুৱ প্ৰজন্মই মুক্ত ডেউকাৰে আকাশত উৰিব লাগিব, কিন্তু শিপাক পাহৰি যাব নালাগিব।‘’
আলোচনা সত্ৰত বিষয়বস্তু সম্পৰ্কৰ কথাৰ আৰম্ভণিতে অসমকলৈ অভিনৱ বৰগোহাঁই কিমান সুখী সম্পৰ্কত তেওঁ কয়- বহুত বেছিয়েই সুখী অভিনৱ বৰগোহাঁই। আমি ইয়াত বহি থকা অসমৰ প্ৰতিজন ছাত্ৰ- ছাত্ৰীয়ে এটা কথা লক্ষ্য কৰিছিলোঁ যে, ইয়াত আহি সঁচাকৈয়ে সুখ অনুভৱ কৰিছো। কিয়নো দিল্লীত আহি অসম আৰু অসমীয়াক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছো। ‘’প্ৰকৃত পৰিবৰ্তন তেতিয়াহে আহে, যেতিয়া আমি কোনোবাই কৰিব বুলি ভাবি থকাতকৈ নিজেই হাতে-কামে লাগো “ বুলি আজিৰ আলোচনা সত্ৰত বৰগোহাঁয়ে মন্তব্য কৰে।