/asomiyapratidin/media/media_files/2025/09/14/ap-web-2-1-2025-09-14-10-57-58.jpg)
ডিজিটেল ডেস্ক : নতুন দিল্লীৰ দ্য অশোক হোটেলত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ’ল চতুৰ্থ সংস্কৰণ দ্য কনক্লেভ ২০২৫ৰ। উত্তৰ- পূৰ্বাঞ্চলক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ উদ্যেশ্য প্ৰতিদিন মিডিয়া গ্ৰুপে আয়োজন কৰা দ্য কনক্লেভ ২০২৫ৰ শুভাৰম্ভ কৰে আধ্যাত্মিক গুৰু তথা আৰ্ট ফৰ লিভিঙৰ গুৰুদেৱ শ্ৰী শ্ৰী ৰবি শংকৰজীয়ে।
বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয় দ্য কনক্লেভ- ২০২৫। গুৰু বন্দনাৰে মুখৰিত হয় দ্য অশোকৰ প্ৰেক্ষাগৃহ। ইয়াৰ পিছতে শ্ৰী শ্ৰী ৰবিশংকৰ জীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে সাদিন- প্ৰতিদিন গোষ্ঠীৰ যাত্ৰাক লৈ এক দৃশ্য-শ্ৰব্য প্ৰদৰ্শন কৰা হয়।
ভাষণ প্ৰদান কৰি জয়ন্ত বৰুৱাই প্ৰথমেই ৰবিশংকৰজীক ধন্যবাদ জ্ঞাপন কৰে। বিশ্ব শান্তি আৰু আধ্যাত্মিকতাক লৈ তেওঁ কৰি থকা কামে সদায়েই সমাজৰ হিত সাধন কৰি আহিছে বুলি কয় বৰুৱাই। তেওঁ কয়-দ্য কনক্লেভৰ উদ্দেশ্যই হৈছে উত্তৰ-পূবৰ সমস্যা আৰু উত্তৰ-পূবৰ বলিষ্ঠ কন্ঠক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰা।
তেওঁ লগতে কয়- কনক্লেভ এটা অনুষ্ঠান নহয়। এয়া অসম তথা উত্তৰ-পূবৰ সমস্যা সমাধানৰ পথ আৰু এয়া এক বিপ্লৱ। উত্তৰ পূৰ্বৰ সভ্যতা সংস্কৃতিক আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাই তুলিব খোজো। এইবাৰো ভিন্ন সত্ৰত সমাজৰ ভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰা হৈছে।
তেওঁ লগতে কয়- আমি বিশ্বাস কৰো যে, প্ৰতিবছৰৰ দৰে এইবাৰো আমাৰ এই কনক্লেভ সফল হব। গুৰু দেৱে আহি আমাৰ এই অনুষ্ঠান আৰু অধিক উজ্বল কৰি তুলিলে। আমাৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হবলৈ আমাক সহায় সহযোগিতা কৰা সকলোকে ধন্যবাদ জনাইছো।
উল্লেখযোগ্য যে, নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত দ্যা কনক্লেভ ২০২৫ত উত্তৰ –পূবৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি, সমাজ ইত্যাদি বিভিন্ন বিষয়ত সমল ব্যক্তিৰ দ্বাৰা সূক্ষ্ম সূক্ষ্মভাৱে আলোচনা কৰা হ’ব। আলোচনাৰ প্ৰথম সত্ৰত উত্তৰ- পূবৰ সীমান্ত সম্পৰ্কত আলোচনা কৰা হ’ব।