/asomiyapratidin/media/media_files/2025/09/15/the-conclave-2025-2025-09-15-20-41-27.jpeg)
ডিজিটেল ডেস্ক : দেশৰ ৰাজধানী নতুন দিল্লীত সফলতাৰে সম্পন্ন হ’ল প্ৰতিদিন মিডিয়া নেটৱৰ্কে আয়োজন কৰা দ্য কনক্লেভ ২০২৫। দ্য কনক্লেভ ২০২৫ৰ এই চতুৰ্থ সংস্কৰণটি ১৪ আৰু ১৫ ছেপ্তেম্বৰ এই দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল দ্য অশোকত।
উত্তৰ- পূবৰ সাহিত্য, সভ্যতা, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, ভৌগলিক অৱস্থা, সমাজ, ক্ৰীড়া, সম্ভাৱনা আদি প্ৰায়বোৰ দিশ সামৰি ৰাষ্ট্ৰীয় প্ৰক্ষেপটত তুলি ধৰি বিশ্ববাসীক জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা হৈছিল দ্য কনক্লেভ ২০২৫। এই আলোচনাচক্ৰত কেইবাখনো সত্ৰত বিভিন্ন বিষয়ক লৈ বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰা বস্তুনিষ্ঠ আলোচনা কৰি ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছিল দ্য কনক্লেভ ২০২৫ত।
ভালেকেইগৰাকী সমল ব্যক্তি তথা আলোচকে অংশ গ্ৰহণ কৰি দ্য কনক্লেভ- ২০২৫ক দিলে অনন্য মাত্ৰা। দেশৰ ৰাজধানীত ধ্বনিত হ’ল উত্তৰ- পূব ভাৰতৰ বহু কথা।
উল্লেখযোগ্য যে, নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত দ্য কনক্লেভ ২০২৫ত ১৩খন আলোচনা সত্ৰ অনুষ্ঠিত হয়। য’ত উত্তৰ- পূবৰ বিভিন্ন বিষয়কলৈ সূক্ষ্ম সূক্ষ্মভাৱে অভিজ্ঞ আৰু বিজ্ঞ ব্যক্তিসকলৰ দ্বাৰা বস্তুনিষ্ঠ আলোচনা কৰা হয়।
দ্য কনক্লেভ ২০২৫ৰ প্ৰথমটো দিনত ৭খন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই আলোচনাৰ বিষয়সমূহ হৈছে-
প্ৰথম আলোচনা সত্ৰৰ বিষয়ঃ উত্তৰ পূব আৰু সীমান্ত’
দ্য কনক্লেভ-২০২৫’ ৰ প্ৰথম দিনটোত ‘উত্তৰ পূব আৰু সীমান্ত’ শীৰ্ষ প্ৰথমখন আলোচনা সত্ৰ অনুষ্ঠিত কৰা হয়। এই আলোচনাত অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক অমৰজিৎ সিং আৰু ইনষ্টিটিউট অফ চাইনিজ ষ্টাডিছ, নতুন দিল্লীৰ ‘ভিজিটিং এছ'চিয়েট ফেল’ মিৰজা জুলফিকুৰ ৰহমানে।
মৃণাল তালকুদাৰে আঁত ধৰা এই আলোচনাত দক্ষিণ, দক্ষিণ-পূব এছিয়া আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ প্ৰত্যাহ্বান, সুৰক্ষা আদিৰ সন্দৰ্ভত বস্তুনিষ্ঠ আলোচনাৰ প্ৰয়াস কৰা হয়। বিশেষকৈ সীমান্ত ৰাষ্ট্ৰ কেইখনৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখি এই আলোচনাক আগবঢ়াই নিয়া হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/d77e5703-1f29-4bef-abd7-081cedcfe378-2025-09-14-12-36-15-2025-09-15-21-04-00.webp)
দ্বিতীয় আলোচনা সত্ৰৰ বিষয়ঃ ছবিজগতৰ প্ৰেক্ষাপট আৰু যুৱ উদ্যোগী
'ছবিজগতৰ প্ৰেক্ষাপট আৰু যুৱ উদ্যোগী' শীৰ্ষক আলোচনাত অংশগ্ৰহণ কৰে বলিউডৰ অভিনেতা সুনীল শেট্টীয়ে। প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ পৰিচালন সঞ্চালক ঋষি বৰুৱাই আঁত ধৰা এই অনুষ্ঠানত তেওঁ ব্যক্তিগত জীৱন, বলিউড যাত্ৰা, সংগ্ৰাম আৰু উদ্যমিতাৰ ওপৰত আলোচনা কৰে। 
ঋষি বৰুৱাই অভিনেতাগৰাকীৰ সন্দৰ্ভত তেওঁক যি আকৰ্ষণীয় শৈলীৰে সম্বোধন কৰে সেই শৈলীত আপ্লুত্ হৈ পৰে অভিনেতাগৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/whatsapp-im-2025-09-14-15-22-49-2025-09-15-21-03-18.webp)
তৃতীয় আলোচনা সত্ৰৰ বিষয়ঃ ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচন
কনক্লেভ ২০২৫ৰ প্ৰথম দিনটোৰ তৃতীয় আলোচনা সত্ৰত ''২০২৬ ৰ অসম বিধানসভা নিৰ্বাচন'' শীৰ্ষক বিষয়ত সূক্ষ্ম সূক্ষ্মভাৱে আলোচনা কৰা হয়। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই আঁত ধৰা এই আলোচনাত আলোচক হিচাপে অংশ লয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/b76b9dd4-5702-461e-bba8-0f5c659e441b-2025-09-15-21-00-55.jpg)
চতুৰ্থ আলোচনা সত্ৰৰ বিষয়ঃ ''ব্যৱসায়,বাণিজ্য আৰু অন্যান্য''
সাদিন-প্ৰতিদিন গোষ্ঠীৰ দ্য কনক্লেভ-২০২৫ত অংশ লয় কেন্দ্ৰীয় উদ্যোগ তথা বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে। ঋষি বৰুৱাই আঁত ধৰা এই বিশেষ আলোচনা সত্ৰটোত দেশ তথা উত্তৰ-পূবৰ বাণিজ্য-ব্যৱসায়ৰ লগতে দেশৰ অৰ্থনৈতিক দিশটোৰ ওপৰত আলোকপাত কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/whatsapp-2025-09-15-20-59-40.jpeg)
পঞ্চম আলোচনা সত্ৰৰ বিষয়ঃ ''কৰ্কট ৰোগ আৰু ইয়াৰ পৰিচৰ্যা ''
দ্য কনক্লেভ ২০২৫ৰ পঞ্চমখন আলোচনা সত্ৰৰ ‘কৰ্কট ৰোগ আৰু ইয়াৰ পৰিচৰ্যা’ সম্পৰ্কীয় শীৰ্ষক আলোচনাত অংশগ্ৰহণ কৰে বিশিষ্ট ‘অংকলজিষ্ট’ ডাঃ তপন শইকীয়া, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীৰ বিশেষজ্ঞ চিকিৎসক ডাঃ অৰুণ ডেকা, ‘দীপশিখা ফাউণ্ডেছন’ৰ প্ৰতিষ্ঠাপক তথা আইএএছ দেৱাশীষ শৰ্মা আৰু কৰ্কট ৰোগ জয় কৰা, শিল্পী জীনা ৰাজকুমাৰীয়ে। প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাই আঁত ধৰে এই আলোচনাৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/40eb81fc-4973-473a-b173-0a6d2b41958f-2025-09-15-20-58-50.jpg)
ষষ্ঠ আলোচনা সত্ৰৰ বিষয়ঃ ' উত্তৰ পূৰ্বাঞ্চলৰ বান, নদী বান্ধ আৰু শক্তিৰ ৰাজনীতি
দ্য কনক্লেভ ২০২৫ৰ ষষ্ঠ আলোচনা সত্ৰৰ বিষয় আছিল- ' উত্তৰ পূৰ্বাঞ্চলৰ বান, নদী বান্ধ আৰু শক্তিৰ ৰাজনীতি। ' এই বিশেষ আলোচনা সত্ৰখনিত আলোচক হিচাপে অংশ লৈছিল তিনিগৰাকী বিশেষজ্ঞ আলোচকে।   
তেওঁলোক হৈছে- অধিবক্তা তুলাৰাম গগৈ, বিশিষ্ট ভূতত্ত্ববিদ ভগৱত প্ৰাণ দুৱাৰা আৰু নীপকোৰ প্ৰাক্তন কাৰ্যকৰী সঞ্চালক তৰুণ চন্দ্ৰ বৰগোঁহাই। প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতীম কুমাৰ আঁত ধৰা এই আলোচনা সত্ৰখনিত বিষয়বস্তু সম্পৰ্ক আটাইকেগৰাকী বিশেষজ্ঞ আলোচকে নিজ নিজ মত সাৱলীলভাৱে দাঙি ধৰে। 
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/326ecc4a-a532-4807-98b6-d44e6962f9e5-2025-09-15-20-57-50.jpg)
সপ্তম আলোচনা সত্ৰৰ বিষয়ঃ মুকলি আলোচনা
দ্য অশোকত অনুষ্ঠিত হোৱা দ্য কনক্লেভ ২০২৫ৰ সপ্তম তথা অন্তিম আলোচনা সত্ৰত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং। ঋষি বৰুৱাই আঁত ধৰা এই বাৰ্তালাপত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান লাভ কৰে।
এনেকৈয়ে এই ৭খনকৈ আলোচনা সত্ৰৰ অন্ত পৰিছিল। য’ত প্ৰতিখন আলোচনা সত্ৰতে প্ৰতিটো বিষয়বস্তু পুংখানুপুংখকৈ আলোচনা কৰি ৰাইজক জনোৱাৰ প্ৰয়াস কৰা হৈছিল । 
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/whatsapp-2025-09-15-20-56-40.jpeg)
দ্য কনক্লেভ ২০২৫ৰ দ্বিতীয় দিন
অষ্টম আলোচনা সত্ৰৰ বিষয়ঃ অপাৰেচন সিন্দুৰ – দ্য মিডিয়া নেৰেটিভ
নতুন দিল্লীত অনুষ্ঠিত হোৱা দ্য কনক্লেভ-২০২৫ৰ দ্বিতীয় দিনটোৰ প্ৰথমখন আলোচনা সত্ৰ আৰম্ভ হয় পুৱা ১০.৩০বজাৰ পৰা। এই সত্ৰখনত আলোচনাৰ বিষয় আছিল- অপাৰেচন সিন্দুৰ – দ্য মিডিয়া নেৰেটিভ। এই আলোচনা সত্ৰখন পৰিচালনা কৰে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/whats-2025-09-15-20-55-31.jpeg)
এই আলোচনা সত্ৰত ভাগ লয় দ্য ৱায়াৰৰ জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা পিছাৰোটি। এছিয়া পেছিফিক বিবিচিৰ এডিটৰিয়েল লিড শচীন গগৈ আৰু ভাৰত শক্তি গোটৰ প্ৰতিষ্ঠাপক নীতিন এ গোখলে। এই আলোচনা সত্ৰখনিত ভাৰতৰ সামৰিক শক্তি, সীমান্ত সুৰক্ষা আৰু শেহতীয়াকৈ অপাৰেশ্যন সিন্দূৰৰ সময়ত দেশৰ সংবাদমাধ্যমৰ ভূমিকাৰ সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰা হয়।
নৱম আলোচনা সত্ৰৰ বিষয়ঃ ”অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ যাত্ৰা”
দ্য কনক্লেভ-২০২৫ৰ দ্বিতীয় দিনটোৰ দ্বিতীয়খন আলোচনা সত্ৰত আলোচনা কৰা হয় অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ স্বৰ্ণিল যাত্ৰাৰ বিষয়ে। এই আলোচনা সত্ৰখনিৰ পৰিচালনা কৰে স্মিতাক্ষী বি গোস্বামীয়ে। চলচ্চিত্ৰ জগতখনক লৈ আলোচনা হোৱা এই বিশেষ সত্ৰখনিত অংশ লয় বলিউদৰ বিশিষ্ট অভিনেতা যশপাল শৰ্মা, প্ৰবীণ অভিনেতা বাহাৰুল ইছলাম আৰু আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/630af139-f100-428f-8a23-6a26700c5257-2025-09-15-20-54-28.jpg)
দশম আলোচনা সত্ৰৰ বিষয়ঃ 'ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আৰু ইয়াৰ বাস্তৱিকতা'
‘ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আৰু ইয়াৰ বাস্তৱিকতা' শীৰ্ষক বিষয়ক লৈ সাদিন-প্ৰতিদিন গোষ্ঠীৰ দ্য কনক্লেভ-২০২৫ত এখন অতি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই আলোচনা সত্ৰখনিৰ পৰিচালনা কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/d299-2025-09-15-20-53-50.jpg)
এই আলোচনা সত্ৰখনিত ভাগ লয় আটছাৰ সভাপতি ধীৰাজ গোৱালা, চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোঁহাই, , আক্ৰাছুৰ সাধাৰণ সম্পাদক বলোৰাম বৰ্মন আৰু সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈৰ লগতে মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট চিকিৎসক বিকাশ দহোতীয়া।
একাদশ আলোচনা সত্ৰৰ বিষয়ঃ '' নতুনৰ দৃষ্টিৰে অসম ''
দ্য কনক্লেভ- ২০২৫ৰ দ্বিতীয়টো দিনৰ একাদশ আলোচনা সত্ৰৰ বিষয় আছিল- '' নতুনৰ দৃষ্টিৰে অসম।'' আলোচনা সত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে জে এন ইউৰ গৱেষক শুভাংশু প্ৰতিম শৰ্মা , কৃষ্ণালী পাঠক , গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদিব ভাগৱতী আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ অভিনৱ বৰগোহাঁই। অনুষ্ঠানটিৰ আঁত ধৰে 'প্ৰতিদিন টাইম'ৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাই। উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে যুৱ প্ৰজন্মৰ মনৰ কথা কোৱাৰ এক সুযোগ দিয়াৰ বাবে এখন মঞ্চ দিছিল কনক্লেভ ২০২৫এ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/wh-2025-09-15-20-52-06.jpeg)
দ্বাদশ আলোচনা সত্ৰৰ বিষয়ঃ মুকলি আলোচনা
দ্য কনক্লেভ- ২০২৫ৰ দ্বিতীয়টো দিনৰ দ্বাদশ আলোচনাসত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰে মুকলি আলোচনা কৰা হয় । আলোচনা সত্ৰৰ আঁত ধৰে 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/wha-2025-09-15-20-51-19.jpeg)
ত্ৰয়োদশ আলোচনা সত্ৰৰ বিষয়ঃ সাংগীতিক সন্ধিয়া
আধ্যাত্মিক অনুষ্ঠানেৰে দেওবাৰে অনুষ্ঠিত হোৱা ‘দ্য কনক্লেভ-২০২৫’ ৰ সামৰণি পৰে প্ৰতিশ্ৰুতসম্পন্ন সংগীত শিল্পী শংকুৰাজ কোঁৱৰৰ সংগীতানুষ্ঠানেৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চলক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াসেৰে আৰম্ভ হোৱা প্ৰতিদিনি মিডিয়া নেটৱৰ্কৰ দ্য কনক্লেভে এইদৰেই ৰাষ্ট্ৰীয় পৰিসৰ অতিক্ৰম কৰি দক্ষিণ এছিয়া তথা বিশ্বকো সামৰি লৈ বিভিন্ন বিষয়ত নতুন চিন্তাৰ উদ্ৰেক ঘটালে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/69838f2-2025-09-15-20-50-26.jpg)
শেষত সাদিন- প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই দ্য কনক্লেভ ২০২৫ত আদৰণি ভাষণত কোৱাৰ দৰে কনক্লেভৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা উল্লেখ কৰি তেখেতে কৈছিল - 'দ্য কনক্লেভ' মাথোঁ এটা অনুষ্ঠান নহয়, উত্তৰ-পূবৰ সমস্যা, সম্ভাৱনাক লৈ আৰম্ভ হোৱা এক বিপ্লৱ...।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us