/asomiyapratidin/media/media_files/2025/09/14/ap-web-session-3-2025-09-14-13-47-53.jpg)
ডিজিটেল ডেস্ক : নতুন দিল্লীৰ দা অশোকত ১৪ ছেপ্তম্বৰ ২০২৫ দেওবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ উদ্যোগত চতুৰ্থ সংস্কৰণ দ্যা কনক্লেভ ২০২৫। উত্তৰ- পূৰ্বাঞ্চলক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ উদ্যোশ্যে প্ৰতিদিন মিডিয়া নেটৱৰ্কে আয়োজন কৰা দ্য কনক্লেভ ২০২৫ৰ এই আলোচনা চক্ৰত কেইবাটাও বিষয় সম্পৰ্কত আলোচনা কৰা হৈছে।
আজিৰ এই প্ৰথম দিনটোৰ তৃতীয় আলোচনা সত্ৰত ''২০২৬ ৰ অসম বিধানসভা নিৰ্বাচন'' শীৰ্ষক বিষয়ত সূক্ষ্ম সূক্ষ্মভাৱে আলোচনা কৰা হয়। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই আঁত ধৰা এই আলোচনাত আলোচক হিচাপে অংশ লয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে।
মুখ্য সম্পাদক নিতুমণি শইকীয়াই কৰা প্ৰতিটো প্ৰশ্ন উত্তৰ অতি সাৱলীলভাৱে দি সাংসদ গগৈয়ে কয়- ছমাহৰ ভিতৰত জনজাতিকৰণ হ'ব বুলি বিজেপি আৰু প্ৰধানমন্ত্ৰীয়েহে কৈছিল। মোডী ডাঙৰীয়াই স্পষ্ট কৰিব লাগে সেয়া সত্য আছিল নে ঝুমলা আছিল।
তেওঁ আৰু কয়- মই যথেষ্ট কৃতজ্ঞ। ইমান কম বয়সত এটা ঐতিহাসিক দলৰ পৰা ইমান সুযোগ পাইছো। জীৱনত আগবাঢ়ি গ'লে প্ৰত্যাহ্বানো থাকিব। উত্তৰ পূৰ্বাঞ্চলৰ পৰা কংগ্ৰেছৰ দৰে এটা দলৰ প্ৰতিনিধি হ'ব পৰাৰ বাবে কৃতজ্ঞ।
পিতৃ তৰুণ গগৈৰ কথা সুঁৱৰি তেওঁ কয়- প্ৰয়াত তৰুণ গগৈৰ দেৱৰ আদৰ্শ অনুসৰণ কৰি তেওঁৰ অসমৰ প্ৰতি মৰম আৰু বৰ অসম গঢ়াৰ হেঁপাহ অনুসৰণ কৰি আগুৱাই যোৱাৰ চেষ্টা কৰিছো। গণতান্ত্ৰিক পৰিবেশত ৰাইজে নিৰ্ধাৰণ কৰে সকলো। ১০ বছৰ বিজেপিয়ে পালে। ১০ বছৰত কিমান কাম কৰিলে বুলি প্ৰশ্ন তোলে সাংসদগৰাকীয়ে
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/14/whatsapp-imag-2025-09-14-13-59-08.jpeg)
তৃতীয় সত্ৰৰ আলোচনাত তেওঁ আৰু কয়- বিজেপিয়ে অসম চুক্তি, ছয় নং দফা কাৰ্যকৰী কৰিব পাৰিলেনে ? এতিয়া চৰকাৰ জনসাধাৰণৰ হৈ থকা নাই। ব্যক্তি আৰু এটা পৰিয়ালৰ হৈ পৰিল। আনকি বাহিৰৰ এগৰাকী শিল্পীক মাতি আনি অনুষ্ঠান কৰিবলৈয়ো সেই পৰিয়ায়লক টেক্স দিব লাগে।
মণিপুৰত জুই লাগিল ২ বছৰ আগতেই। মোডী ডাঙৰীয়া গ'ল দুবছৰৰ পিছত। তেওঁৰ যিবোৰ ফটো দেখিছে সেই দৃশ্যই প্ৰধানমন্ত্ৰীয়ে যিদৰে নেতৃত্ব দিব লাগিছিল, যিদৰে দায়িত্ব ল'ব লাগিছিল তেনে পদক্ষেপ লোৱা দেখা নগ'ল।
কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি, জনগোষ্ঠীক সন্মান কৰে। অসমৰো ছয় জনগোষ্ঠীক সন্মান কৰে আৰু জনজাতিকৰণৰ বাবে চেষ্টা কৰিছে। ছমাহৰ ভিতৰত জনজাতিকৰণ হ’ব বুলি বিজেপিয়ে, প্ৰধানমন্ত্ৰীয়েহে কৈছিল। মই আশা কৰো তেওঁলোকে সেইবোৰ সঁচাকৈয়ে কৈছিল নে ঝুমলা আছিল সেয়া আজি মোডী ডাঙৰীয়াই স্পষ্ট কৰিব লাগে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/14/whatsapp-ima-2025-09-14-13-59-23.jpeg)
প্ৰশ্নকৰ্তাৰ প্ৰশ্নৰ আঁত ধৰি গৌৰৱ গগৈয়ে কয়- আজি চাৰিমাহ হ'ল পেহেলেগাম আক্ৰমণৰ। যিসময়ত আক্ৰমণ হৈছিল মোডী ডাঙৰীয়া ছৌদি আৰবত আছিল। তাৰ পৰা আহি তেওঁ প্ৰথমে যাব লাগিছিল জম্মু কাশ্মীৰলৈ। কিন্তু তেওঁ বিহাৰলৈ গৈ চৰকাৰী কাৰ্যসূচীত ৰাজনৈতিক বক্তৃতা দিলে।
“মই দেখিছো প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ আগৰ ঢৌ নাই। এতিয়া বিভিন্ন দলৰ সহযোগতহে চৰকাৰ গঠন কৰিবলগীয়া হৈছে। যদিও আমি দিল্লীৰ পৰা দূৰত আছো তথাপিও আমি নিজেই দায়িত্ব ল'ব লাগিব গুৱাহাটীৰ পৰা আমি দিল্লীলৈ আহি আমি আমাৰ কথাবোৰ শক্তিশালীভাৱে ক’ব পাৰিব লাগিব।“
আজিৰ এই আলোচনাত ভাগ লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ইয়াকো কয় যে, প্ৰয়াত তৰুণ গগৈয়ে গ্ৰাম্য উন্নয়ন, স্বাস্থ্য, সামাজিক ব্যৱস্থাৰ বাবে যিবোৰ কাম কৰিলে তাৰ পৰা বহু কথাই শিকিব পাৰিছিলো। আজিৰ তাৰিখত শিক্ষক, বিষয়াক অপমান কৰা হয়। এটা পৰিয়ালক টেক্স নিদিলে ঠিকাদাৰক ধমক দিয়া হয়।
আজিৰ তাৰিখত মেডিকেল কলেজ আছে কিন্তু কোনো চিভিল হাস্পতালত ডাক্তৰ নাই। জি এম চি এইছত আমি নিজেই দেখিলো কিদৰে নাৰ্ছৰ অভাৱত শিশুৰ মৃত্যু হ'ল। আমি সেয়ে কোৱালিটি স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিম।
অৰ্থনৈতিক ক্ষেত্ৰত যিদৰে ১০ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীগৰাকী যিদৰে ফ্লপ হ'ল সেইদৰেই অৰ্থনৈতিক ক্ষেত্ৰতো তেওঁ ফ্লপ। তেওঁ দেশৰ শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত অসমক চাব বিচাৰে। পূৰ্বে তেওঁৰ হাতত থকা শিক্ষা আৰু স্বাস্থ্য দেশৰ পাঁচখন তলৰ ৰাজ্যৰ ভিতৰতহে আছে বুলি কটাক্ষা কৰে।
আৰ্থিক দিশত মন্তব্য কৰি গৌৰৱ গগৈয়ে কয়- আৰ্থিক সংকট পূৰ্বেও আছিল। ২০২১ ত কংগ্ৰেছ ক্ষমতালৈ অহাৰ সময়ত আৰ্থিক সমস্যা আছিল। কৰ্মচাৰীক দৰমহা দিব পৰা অৱস্থাত নাছিল। সেই সময়ত প্ৰয়াত তৰুণ গগৈয়ে বিশেষজ্ঞ আৰু বিশ্ব বেংক আদিৰ সৈতে জড়িত ব্যক্তিক মাতি আনি এক ৰোড মেপ তৈয়াৰ কৰি কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ পাছতো অসমক স্থিৰ কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/14/what-2025-09-14-14-00-16.jpeg)
কেন্দ্ৰতে হওঁক ৰাজ্যতে হওঁক বিজেপিৰ নেতৃত্বই বিশেষজ্ঞৰ কথা নুশুনে। তেওঁলোকে দুই, এজন উদ্যোগীৰ কথা মতেই পলিচি তৈয়াৰ কৰে। মই এগৰাকী ৰাজনীতিবিদ হিচাপে কথা কোৱাৰ পৰিবৰ্তে শুনাৰ ওপৰতহে গুৰুত্ব দিওঁ বুলি তেওঁ মত প্ৰকাশ কৰে।
এছ আই টিৰ প্ৰতিবেদন সন্দৰ্ভত গৌৰৱ গগৈৰ মন্তব্য -
- এছ আই টি দুবাৰ মোৰ দিল্লীৰ বাসগৃহলৈ আহি পৰিবাৰক বিভিন্ন কথা সুধিলে। মোৰ ওচৰলৈ নাহিল। মই সময় নাপালো, নতুবা মই নিজেই এছ আই টিৰ ওচৰ পালোগৈ হয়।
- ইমান ৰহস্য হ’ব নালাগে, এটা ৱেবছাইটত এছ আই টিৰ প্ৰতিবেদন আপলোড কৰি দিয়ক। অসমৰ ৰাইজে নিজেই পঢ়ি যি ব্যৱস্থা ল’ব লাগে লৈ ল’ব।
- এতিয়া যিগৰাকীয়ে ভুল কৰিছে মই কিয় শুদ্ধ কৰি সহায় কৰিম? তেওঁ নিজেই পতা জালত নিজেই পৰিছে।
- ১০ ছেপ্তেম্বৰত তেওঁ ইমান গুৰুত্ব নিদিয়া হ’লে ১০ ছেপ্তেম্বৰত অসমৰ ৰাইজে মোৰ বিহু নাচো নেদেখিলে হয়। ইমান বেয়া পাব নালাগে তেওঁকো মাতক, তেওঁ যিগান ভাল পাই লগাই দিয়ক আমি একেলগে নাচি দিওঁ এপাক।
- মই শুনা মতে তেওঁৰ পৰিয়ালতো বিদেশী নাগৰিক আছে। বহু অসমীয়া এতিয়াও বিদেশত আছে, ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছে। কিন্তু তেওঁলোক অসমীয়া নহয় নেকি?
- মায়ে মোক বিয়াৰ পূৰ্বেই কৈছিল বিদেশী ছোৱালীক বিয়া কৰিলে ২০১৪ ৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ পৰিব। ২০১৩ চনত মই বিয়া কৰিছিলো। ফেব্ৰুৱাৰীত পাকিস্তান গৈ আহিলো। তাৰ পাছত তেওঁ অসমলৈ আহি অসমৰ সমাজ, সংস্কৃতিৰ সৈতে জড়িত হৈ পৰিল। অসমৰ ৰাইজেও মোৰ পৰিবাৰক মৰম দিলে। অসমীয়া মানুহ বহু উদাৰ।
- মুখ্যমন্ত্ৰীয়ে আজিকালি 'বডি ডাৱল' দেখে, মোৰো কোনোবাই 'বডি ডাৱল' কৰিছে নেকি? সেয়ে প্ৰতিবেদন ৰাজহুৱা কৰক ময়ো চাওঁ, কোনোবাই মোৰ 'বডি ডাৱল' কৰিছে নেকি?
উল্লেখযোগ্য যে, নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত দ্যা কনক্লেভ ২০২৫ত উত্তৰ –পূবৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি, ইতিহাস, ক্ৰীড়া, নৱ প্ৰজন্ম, সমাজ ইত্যাদি বিভিন্ন বিষয়ত সমল ব্যক্তিৰ দ্বাৰা সূক্ষ্ম সূক্ষ্মভাৱে আলোচনা কৰা হ’ব।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t122321273z-ap-new-2025-10-29-17-53-21.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us