বেলতলাত পঞ্চশীলাৰ উদ্যোগত সুধাকন্ঠ ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা সম্পন্ন

দেওবাৰে মহানগৰীৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন "পঞ্চশীলা"ৰ‌ উদ্যোগত বেলতলাৰ এ জি ষ্টপেজস্থিত চেন্ট যোছেফ হাইস্কুল প্ৰাংগনত  ভাৰতৰত্ন, সুধাকন্ঠ, হিয়াৰ আমঠু ড০ ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা এখনি অনুষ্ঠিত কৰে

author-image
Asomiya Pratidin
New Update
278

ডিজিটেল সংবাদ, গুৱাহাটী : দেওবাৰে মহানগৰীৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন "পঞ্চশীলা"ৰ‌ উদ্যোগত বেলতলাৰ এ জি ষ্টপেজস্থিত চেন্ট যোছেফ হাইস্কুল প্ৰাংগনত  ভাৰতৰত্ন, সুধাকন্ঠ, হিয়াৰ আমঠু ড০ ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা এখনি অনুষ্ঠিত কৰে। মহান শিল্পী ড০ হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰতিযোগিতাৰ আৰম্ভণিতে পঞ্চশীলাৰ পতাকা উত্তোলন কৰে সভাপতি মদন‌ হাজৰিকাই।‌

ভূপেন হাজৰিকাৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন, পুষ্পাৰ্ঘ অৰ্পণ কৰে উপ-সভাপতি কুসুম‌ ভূঞা বৰা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দ্বিজেন কামান, দেৱজ্যোতি দাস, মানস তালুকদাৰে। প্ৰতিযোগিতা মুকলি কৰে সাহিত্যিক ফণীধৰ বৰাই। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক তথা লেখক দীপক শৰ্মাই কয়- "ভূপেন হাজৰিকাই অসমৰ বাহিৰত জন্ম পালে ন'বেল বঁটা পালেহেতেন। আমি সঁচা অৰ্থত অসম তথা ভাৰতবাসীয়ে এটা ন'বেল বঁটা হেৰুৱায়ছো।

আমি সকলোৱে যোগ্যজনক জীয়াই থাকোঁতেই যথাযোগ্য সন্মান দিব লাগে। চৰকাৰী বা বেচৰকাৰী যিয়েই নহওক ।"‌ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ছায়নজ্যোতি কাশ্যপে, দ্বিতীয় স্থান কল্যাণী দেৱ‌নাথ আৰু তৃতীয় স্থান অংকিতা পালে‌ লাভ‌ কৰে । তেওঁলোকক মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয়।

ড০ ভূপেন হাজৰিকা ভূপেন হাজৰিকা