/asomiyapratidin/media/media_files/2025/12/22/1-2025-12-22-10-58-23.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ ঐতিহ্যমণ্ডিত আকাশীগংগাৰ তীৰত নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ কাম-কাজৰ বুজ লবলৈ আজি উক্ত স্থানত হেলিকপ্টাৰেৰে পদাৰ্পণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উক্ত স্থানত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰীয়ে নিৰ্মীয়মান প্ৰকল্পটোৰ প্ৰতিটো অংশ পৰিদৰ্শন কৰে। তেওঁ বিভাগীয় বিষয়া আৰু ঠিকাদাৰ গোষ্ঠীৰ সৈতে আলোচনা কৰি কামৰ অগ্ৰগতিৰ বুজ লয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/22/1-2025-12-22-10-58-38.jpg)
উল্লেখ্য যে, বটদ্ৰৱা থানৰ উন্নয়ন আৰু সৌন্দর্যবর্ধনৰ উদ্দেশ্যে নির্মীয়মান বটদ্ৰৱা সাংস্কৃতিক প্রকল্প গৃহমন্ত্রী অমিত শ্বাহে ২৯ ডিচেম্বৰত উদ্বোধন কৰিব। নির্মাণকার্য প্রায় সম্পূর্ণ হৈ উঠা প্রকল্পটো উদ্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/22/4-2025-12-22-10-58-48.jpg)
মাংগলিক অনুষ্ঠানৰ মাজেৰে নামকীৰ্তন, গায়ন বায়নৰ অনুষ্ঠানৰ মাজেৰে ৰাইজৰ বাবে প্ৰকল্পটো মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। ২০০০ গায়ন বায়ন আৰু আয়তীৰ নামকীৰ্ত্তনৰে অমিত শ্বাহক আদৰণি জনোৱা হব। গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত ৬০ হেজাৰ ৰাইজৰ সমাগম হোৱাৰ পৰিকল্পনা কৰা হৈছে। নগাঁও বটদ্ৰৱা সমষ্টি, ৰহা সমষ্টি, বঢ়মপুৰ সমষ্টি, জাগীৰোড সমষ্টি, কলিয়াবৰ সমষ্টিৰ সকলো অঞ্চলৰ পৰা ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/22/2-2025-12-22-10-58-59.jpg)
উল্লেখযোগ্য যে, ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহেই বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ কৰিছিল। আৰু তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত পৃথিৱীৰ আতাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য্য খটোৱা অতিথি গৃহ, দেৱবাদ্য তালৰ সাজত কলাকেন্দ্ৰ, খোলৰ সাজত গৱেষণা কেন্দ্ৰ , নাৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ , জাপিৰ সাজত নাট ঘৰকে আদি কৰি এই নিৰ্মাণ সমূহ সম্পূৰ্ণ হোৱাৰ পথত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/22/3-2025-12-22-10-59-10.jpg)
ওম কনষ্ট্ৰাকছন নামৰ এটা কম্পেনীৰ তত্বাৱধানত নিৰ্মাণ হৈ থকাৰ ওপৰিও থলুৱা গছ গছনি ৰোপণ কৰি প্ৰকৃতিক ভাবে সুন্দৰ কৰা প্ৰচেষ্টা লোৱা হৈছে। গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান খনিক বিশ্বৰ ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত বেদখল মুক্ত কৰা ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰৰ ১৬০ বিঘা ভূমিত প্ৰায় ২০০ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হোৱা এই বৃহৎ "বটদ্ৰৱা প্ৰকল্প" ভাগক লৈ বহুত আশাবাদী ৰাইজ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us